অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ডাউন চিন্দ্ৰম

২১ নম্বৰ ক্ৰমজম এডাল জিনত অতিৰিক্তভাৱে থকাৰ ফলত ব্যক্তিৰ কিছুমান মানসিক আৰু শাৰীৰিক লক্ষণে দেখা দিয়ে। ডাউন চিন্দ্ৰম থকা লোকৰ বিশেষ ধৰণৰ মানসিক আৰু শাৰীৰিক ভাবভংগী থকা দেখা যায়। ডাউন চিন্দ্ৰম কিছুমানৰ ক্ষেত্ৰত মৃদু আৰু কিছুমানৰ ক্ষেত্ৰত অতি তীব্ৰ হোৱা দেখা যায়।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৪ ৭১১ শব্দ · ৪ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

২১ নম্বৰ ক্ৰমজম এডাল জিনত অতিৰিক্তভাৱে থকাৰ ফলত ব্যক্তিৰ কিছুমান মানসিক আৰু শাৰীৰিক লক্ষণে দেখা দিয়ে। ডাউন চিন্দ্ৰম থকা লোকৰ বিশেষ ধৰণৰ মানসিক আৰু শাৰীৰিক ভাবভংগী থকা দেখা যায়। ডাউন চিন্দ্ৰম কিছুমানৰ ক্ষেত্ৰত মৃদু আৰু কিছুমানৰ ক্ষেত্ৰত অতি তীব্ৰ হোৱা দেখা যায়। ডাউন চিন্দ্ৰম থকা লোকৰ সাধাৰণতে মানসিক আৰু শাৰীৰিক বিকাশৰ গতি কম হয়। এনে লোকৰ কিছুমান শাৰীৰিক সমস্যাও থাকে। এনে লোকৰ জন্মতে হৃদযন্ত্ৰৰ ৰোগ থাকিব পাৰে। ডিমনেছিয়া নামৰ মানসিক ৰোগ হ’ব পাৰে। কাণেৰে নুশুনা, পৰিপাক তন্ত্ৰ, চকু, থাইৰয়ড আৰু কংকালৰ সমস্যায়ো দেখা দিব পাৰে।

মহিলাসকলৰ ক্ষেত্ৰত বয়স বাঢ়ি অহাৰ লগে লগে ডাউন চিন্দ্ৰম থকা সন্তান জন্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ডাউন চিন্দ্ৰম নিৰাময় কৰিব নোৱাৰি। অৱ্শ্যে বহু ডাউন চিন্দ্ৰম থকা লোকে প্ৰাপ্তবয়স্ক অৱস্থাত সফল জীৱন কটোৱা দেখা যায়। এনে লোকে সাধাৰণতে বেছিদিন জীয়াই থকা দেখা যায়।

চাৰিত্ৰিক বিশেষত্ব

ডাউন চিন্দ্ৰম ক্ৰমজমৰ এটা অস্বাভাৱিক অৱস্থা। ইয়াৰ কিছুমান চাৰিত্ৰিক বিশেষত্ব দেখা যায়।

সেইবোৰ হ’ল:

• বুদ্ধিমত্তাৰ বিসংগতি: বুদ্ধিমত্তাৰ মান ব্যক্তিসাপেক্ষে পৃথক হয় যদিও সাধাৰণতে কম বা মধ্যমীয়া দেখা যায়।

• ৰেহ-ৰূপ: মুখৰ বিশেষ ধৰণৰ ৰেহ-ৰূপ, অনুন্নত মাংসপেশী (কেঁচুৱা অৱস্থাত)।

• জন্মতে বিসংগতি: ডাউন চিন্দ্ৰমসহ জন্ম লোৱা শিশুৰ বহুধৰণৰ বিসংগতি থাকিব পাৰে। এনে শিশুৰ আধাৰে হৃদযন্ত্ৰৰ বিসংগতি থকা দেখা যায়।

• পাচনগত বিকাৰ: অতি বিৰল হ’লেও, খাদ্যনলীত বাধা থকা দেখা যায়।

ডাউনচিন্দ্ৰম থকা লোকৰ কিছুমান চিকিৎসাগত অৱস্থা হোৱাৰ আশংকা বৰ্দ্ধিত ৰূপত দেখা যায়। এইবোৰ হ’ল:

• গেষ্ট্ৰচফাজিএল ৰিফ্লাস্ক‌:পাকস্থলীৰ পৰা এচিড কণ্ঠ নলীলৈ ঘূৰি আহে।

• চেলিয়েক ৰোগ: গ্লোটেন নামৰ প্ৰটিনবিধ শৰীৰে সহ্য কৰিব নোৱাৰে।

• হাইপ’থাইৰ’ডিজিম: ডাউন চিন্দ্ৰম থকা লোকৰ ১৫ শতাংশ লোকৰ থাইৰয়ড গ্ৰন্থি সক্ৰিয় নহয়। এই গ্ৰন্থি দেখিবলৈ পখিলাৰ দৰে আৰু ডিঙিৰ তলৰ ফালে থাকে। ইয়াৰ পৰা হৰমন নিঃসৰিত হয়।

• কাণ আৰু চকুৰ সমস্যা: ডাউন চিন্দ্ৰম থকা লোকৰ কাণেৰে নুশুনা বা দৃষ্টি শক্তি হ্ৰাস পোৱাৰ সম্ভাৱনা অধিক থাকে।

• তেজ কেঞ্চাৰ: ডাউন চিন্দ্ৰম থকা শিশুবোৰৰ ১ শতাংশৰ তেজৰ কোষৰ কেঞ্চাৰ হ'ব পাৰে।

• এলজাইমাৰ ৰোগ: ডাউন চিন্দ্ৰম থকা প্ৰাপ্তবয়স্ক লোকৰ এলজাইমাৰ ৰোগ হোৱাৰ আশংকা থাকে। এই ৰোগত মগজুৰ বিসংগতি হোৱাৰ ফলত লাহে লাহে স্মৃতি শক্তি লুপ্ত হৈ আহে। বিচাৰ বিবেচনাৰ শক্তি, কাম কৰাৰ সক্ষমতা লোপ পায়। ডাউন চিন্দ্ৰম থকা প্ৰাপ্তবয়স্ক লোকৰ ৫০ শতাংশৰ ৫০ বছৰ পিছত এলজাইমাৰ হোৱা দেখা যায়।

সম্ভাৱনা

৭৪০টা নবজাতকৰ মাজত এটি শিশুৰ ডাউন চিন্দ্ৰম থকা দেখা যায়। ডাউন চিন্দ্ৰম থকা সকলো বয়সৰ মহিলাৰ সন্তানৰ ডাউন চিন্দ্ৰম হ’ব পাৰে যদিও যিমানে বয়স বাঢ়ি আহে সিমানে ডাউন চিন্দ্ৰম থকা শিশু জন্ম হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

ক্ৰমজমৰ পৰিৱৰ্তনবোৰ

• ত্ৰিজমী ২১: বেছিভাগ ডাউন চিন্দ্ৰম ত্ৰিজমী ২১ৰ বাবে হয়। অৰ্থাত্‍ মানুহৰ দেহৰ কোষত তিনিটা ২১ ক্ৰমজম থাকে। স্বাভাৱিক ক্ষেত্ৰত এযোৰ ২১ ক্ৰমজম থাকিব লাগে যদিও ২১ ক্ৰমজম এডাল বেছিকৈ থাকে। এই অতিৰিক্ত ক্ৰমজমে বিকাশত বাধা দিয়ে আৰু ফলত ডাউন চিন্দ্ৰম হয়।

• অতিৰিক্ত ২১ ক্ৰমজমৰ নকল: ডাউন চিন্দ্ৰম হোৱা সকলৰ অতি কম সংখ্যকৰ দেহৰ কিছুমান কোষতহে ক্ৰমজম ২১ৰ নকল দেখিবলৈ পোৱা যায়। এনে ধৰণৰ ৰোগ হোৱা লোকক মজাইক ডাউন চিন্দ্ৰম বোলা হয়।

• ক্ৰমজম ট্ৰঞ্চল’কেচন: ভ্ৰুণ অৱস্থাত প্ৰজনন কোষ (ডিম্বাণু, শুক্ৰাণু) তৈয়াৰ হোৱাৰ সময়ত ২১ ক্ৰমজমে আন ক্ৰমজমৰ লগত একেলগ হৈ যোৱাৰ ফলতো ডাউন চিন্দ্ৰম হ’ব পাৰে। এনে ব্যক্তিৰ দেহত স্বাভাৱিক ভাৱে ২১ ক্ৰমজম এযোৰ থাকে। ইয়াৰ উপৰিও ২১ ক্ৰমজম এডাল আন ক্ৰমজমৰ লগত লগ লাগি থাকে। এনে জিনগত পৰিবৰ্তন হোৱাটোক ট্ৰঞ্চল’কেচন ডাউন চিন্দ্ৰম বোলা হয়।

বংশগত বৈশিষ্ট্য

বেছিভাগ ডাউন চিন্দ্ৰম বংশগত নহয়।

• ত্ৰিজমী ২১……: ত্ৰিজমী ২১ৰ ক্ষেত্ৰত প্ৰজনন কোষ গঠনৰ সময়ত বেমেজালীৰ সৃষ্টি হয়। এই বিসংগতি সাধাৰণতে ডিম্বকোষত হয় যদিও কেতিয়াবা শুক্ৰকোষতো হোৱা দেখা যায়। কোষ বিভাজনৰ সময়ত ভুল হোৱাৰ বাবে প্ৰজনন কোষত অস্বাভাৱিক পৰিমাণৰ ক্ৰমজম থাকে। অৰ্থাৎ ডিম্বকোষ বা শুক্ৰ কোষত অতিৰিক্ত এডাল ২১ ক্ৰমজম থাকে। শিশু এটিৰ জন্মৰ ক্ষেত্ৰত এনে কোষ যদি অংশীদ্বাৰ হয় তেন্তে শিশুটিৰ সকলো কোষতে ২১ ক্ৰমজম এডাল বেছিকৈ থাকিব।

• মোজাইক ডাউন চিন্দ্ৰম: এইটোও বংশগত নহয়। ভ্ৰুণ অৱস্থাত কোষ বিভাজনৰ সময়ত হোৱা খেলিমেলিৰ ফলত এনে হয়। ফলত শৰীৰৰ কিছুমান কোষত স্বাভাৱিক ভাৱে ২১ ক্ৰমজম এযোৰ থাকে। কিছুমান কোষত অতিৰিক্ত ২১ ক্ৰমজম একোডাল থাকে।

• ট্ৰঞ্চল’কেচন ডাউন চিন্দ্ৰম বংশগত হ’ব পাৰে। সুস্থ মানুহ এজনৰ দেহত ২১ ক্ৰমজমযোৰ আৰু আন ক্ৰমজম পৃথককৈ সজোৱা থাকে। ইয়াক বেলেঞ্চড ট্ৰঞ্চল’কেচন বোলা হয়। কাৰণ ইয়াত কোনো অতিৰিক্ত ক্ৰমজম নাথাকে। যদিও তেওঁলোকৰ ডাউন চিন্দ্ৰমৰ কোনো লক্ষণ নাথাকে, তথাপিও এনে বেলেঞ্চড ট্ৰঞ্চল’কেচন লোকৰ সন্তানৰ ডাউন চিন্দ্ৰম হ’ব পাৰে।

• অতিৰিক্ত ২১ ক্ৰমজম এডাল থকাৰ বাবে ডাউন চিন্দ্ৰম হৈ ব্যক্তিৰ শাৰীৰিক আৰু মানসিক উপসৰ্গৰ সৃষ্টি হয়। এনে ৰোগীৰ কিছুমান লক্ষণ আৰু উপসৰ্গ একে হ’ব পাৰে যদিও মধ্যমীয়াৰ পৰা অতি তীব্ৰও হ’ব পাৰে। সাধাৰণতে মানসিক আৰু শাৰীৰিক বিকাশৰ গতি অতি ধীৰ হয়।

তথ্য সংগ্ৰহ

  • নেচনেল ইন্সটিটিউট অৱ চাইল্ড হেল্থ এণ্ড হিউমেন ডেভেলপমেণ্ট।

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাউন চিন্দ্ৰম” প্ৰবন্ধৰ সংশোধন ৪৫৫৬৪০ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।