অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিলকিছ বানো

বিলকিছ বানো (: Bilkis Bano), প্ৰচলিত নাম বিলকিছ দাদী (অৰ্থাৎ ‘বিলকিছ আইতা’), এগৰাকী ভাৰতীয় কৰ্মী যিয়ে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (CAA)ৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আগৰণুৱা আছিল।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৬ ৪৯২ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বিলকিছ বানো (: Bilkis Bano),১ প্ৰচলিত নাম বিলকিছ দাদী (অৰ্থাৎ ‘বিলকিছ আইতা’), এগৰাকী ভাৰতীয় কৰ্মী যিয়ে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (CAA)ৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আগৰণুৱা আছিল।২৩ দিল্লীৰ শ্বাহীনবাগত ধৰ্ণা কাৰ্যসূচীৰ সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত বিশেষ প্ৰচাৰ লাভ কৰিছিল। শ্বাহীন বাগৰ প্ৰতিবাদী কাৰ্যসূচীত কৰা মুখ্য ভূমিকাৰ বাবে তেওঁ ‘শ্বাহীন বাগৰ দাদী’ (ইংৰাজী: গ্ৰেণ্ডমাদাৰছ অৱ শ্বাহীন বাগ) হিচাপে পৰিচিত হৈছিল আৰু ২০২০ চনত টাইম ১০০ তালিকাত আৰু বিবিচিৰ ১০০ মহিলাৰ তালিকাত স্থান লাভ কৰিছিল ২০২০.২০২১ চনৰ সংস্কৰণৰ দ্য মুছলিম ৫০০: দ্য ৱৰ্ল্ডছ ৫০০ মষ্ট ইনফ্লুৱেঞ্চিয়েল মুছলমানৰ তালিকাত তেওঁক "বছৰৰ মহিলা" হিচাপে নিৰ্বাচিত কৰা হৈছিল।

জীৱন

১৯৩৮ চনৰ ১ জানুৱাৰীত৪ ভাৰতৰ উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ এখন গাঁৱত বিলকিছৰ জন্ম হৈছিল।৫ তেওঁ কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল আৰু কোৰআন পঢ়ি ডাঙৰ হৈছিল।৫ ভাইছৰ মতে তেওঁৰ চমু জীৱন কাহিনী হ’ল — "তেওঁ ছয়টা সন্তানক ডাঙৰ-দীঘল কৰি, খেতি-বিতি কৰাৰ লগতে গৰু-ম’হ পালন কৰি জীৱনটো অতিবাহিত কৰিছিল"।৬ ৭০ বছৰৰ আৰম্ভণিতে স্বামীৰ মৃত্যু হয়। তেওঁৰ বোৱাৰী আৰু নাতি-নাতিনীৰ সৈতে দিল্লীৰ শ্বাহীন বাগত বাস কৰে।৫

সক্ৰিয় কৰ্মীৰ কৰ্ম জীৱন

বিলকিছে তেওঁৰ দুগৰাকী বন্ধু আছমা খাতুন (৯০) আৰু সৰৱাৰী (৭৫)৭ আৰু শতাধিক মুছলমানৰ সৈতে শ্বাহীন বাগৰ এখন চালিযুক্ত তম্বুৰ তলত দিল্লীৰ এটা ডাঙৰ ঘাইপথ তিনিমাহতকৈও অধিক সময়ৰ বাবে অৱৰোধ কৰি ৰাখিছিল।৮৯১০ বিলকিছ আৰু তেওঁৰ দুয়ো গৰাকী বান্ধবীকে শ্বাহীন বাগৰ দাদী (আইতা) বুলি জনা যায়।১১ বিলকিছৰ যৌথ পৰিয়ালৰ আনগৰাকী মহিলাইও পাল পাতি প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল।৭ বিলকিছে নিজেই প্ৰতিবাদৰ এটা দিনো বাদ ’দিয়া নাছিল। দিল্লীৰ শীতকালত প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা প্ৰতিবাদস্থলীত বহিছিল। প্ৰতিবাদস্থলীত মুকলি মাইকতো অংশগ্ৰহণ কৰিছিল।১২ শ্বাহীন বাগৰ ওচৰত অৱস্থিত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত আৰক্ষীৰ হিংসাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই প্ৰতিবাদ আৰম্ভ হৈছিল— "বৰষুণ আহিলে বা ঠাণ্ডা পৰিলে বা গৰম বৃদ্ধি পোৱাৰ সময়তো আমি আমাৰ ধৰ্ণা অব্যাহত ৰাখিছিলো। জামিয়াত আমাৰ লৰা-ছোৱালীক ঠেলি দিয়াৰ পিছৰে পৰা আমি প্ৰতিবাদ কৰি আহিছো। আমাৰ সন্মুখত গুলীচালনা কৰা হৈছিল, তথাপিও একোৱেই আমাক বাধা ৰাখিব পৰা নাছিল"।১৩

লাইভমিন্টত প্ৰকাশিত এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ আৰু তেওঁৰ প্ৰয়াত স্বামীয়ে ডাঙৰ হোৱা বহুত্ববাদী ভাৰতৰ ধাৰণাৰে ডাঙৰ-দীঘল হৈছিল, সেই ধাৰণাটোকেই তেওঁ সকলো প্ৰতিকূলতাৰ মাজতো ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰি আছে। তেওঁ কৈছিল— “তেওঁলোকে বাবৰি মছজিদৰ ৰায়দান, ট্ৰিপল তালাক আইন, বিমুদ্ৰাকৰণ গৃহীত কৰিলে, আমি একো কোৱা নাছিলো, কিন্তু আমি এই বিভাজনৰ পক্ষত থিয় হব নোৱাৰো।"১৪ ২০২০–২০২১ চনৰ ভাৰতীয় কৃষক আন্দোলনৰ সময়ছোৱাত বিলকিছে প্ৰতিবাদত যোগদান কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে তেওঁক লৈ যায়।১৫ ভাৰতীয় প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ কৃষকসকলৰ সৈতে সংহতি প্ৰকাশ কৰে।১৬ অপ ইণ্ডিয়া আৰু জি নিউজকে ধৰি বহু সংবাদ মাধ্যমে তেওঁক সমালোচনা কৰি উগ্ৰ আৰু বিচ্ছিন্নতাবাদী উপাদানৰ আৱৰণ আৰু "ভাৰত বিৰোধী শক্তিৰ সমৰ্থক" বুলি অভিহিত কৰিছে।১১

স্বীকৃতি

২০২০ চনৰ ২৩ ছেপ্টেম্বৰত টাইম আলোচনীৰ টাইম ১০০ৰ তালিকাত ২০২০ চনৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ আইকন শাখাত অন্তৰ্ভুক্ত হয়। সাংবাদিক তথা লেখিকা ৰানা আয়ুবে তেওঁৰ প্ৰফাইলত তেওঁক ‘ক্ষোভিত লোকৰ কণ্ঠ’ বুলি অভিহিত কৰিছে।১৭ ২০২০ চনৰ নৱেম্বৰ মাহত বিবিচিয়ে ২০২০ চনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১০০ গৰাকী প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাৰ তালিকাত বিলকিছ দাদীক তালিকাভুক্ত কৰিছিল। ১৮বিবিচিয়ে তেওঁৰ উদ্ধৃতি দি কয় যে "মহিলাসকলে নিজৰ ঘৰৰ পৰা ওলাই আহি বিশেষকৈ অন্যায়ৰ বিৰুদ্ধে কণ্ঠস্বৰ উত্থাপন কৰিবলৈ ক্ষমতা অনুভৱ কৰা উচিত। যদি তেওঁলোকে ঘৰৰ পৰা ওলাই নাযায়, তেন্তে তেওঁলোকে নিজৰ শক্তি কেনেকৈ প্ৰদৰ্শন কৰিব?"১৯

২০২১ চনৰ সংস্কৰণৰ দ্য মুছলিম ৫০০: দ্য ৱৰ্ল্ডছ ৫০০ মষ্ট ইনফ্লুৱেঞ্চিয়েল মুছলমানৰ তালিকাত তেওঁক "বছৰৰ মহিলা" হিচাপে নিৰ্বাচিত কৰা হৈছিল। পৃষ্ঠা যোৰা দিঘলীয়া ব্যাখ্যাত কোৱা হৈছে— “দিল্লীৰ শ্বাহীন বাগত নিজৰ এলেকাৰ এটা পথত সৰল গান্ধীবাদী ধৰ্ণা প্ৰতিবাদ আৰম্ভ কৰি তেওঁ বিশ্বৰ দৃষ্টি ভাৰতৰ অৱনমনৰ শেহতীয়া চিহ্নৰ ফালে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল …।”২০ অভিনেত্ৰী গাল গাডোটে বিলকিছক নিজৰ “ব্যক্তিগত Wonder Women”ৰ ভিতৰত এগৰাকী বুলি উল্লেখ কৰি কৈছিল— “ভাৰতত মহিলাৰ সমতাৰ বাবে সংগ্ৰাম কৰা ৮২ বছৰীয়া আন্দোলনকাৰীয়ে মোক দেখুৱাইছে যে আপুনি যি বিশ্বাস কৰে তাৰ বাবে সংগ্ৰাম কৰিবলৈ কেতিয়াও পিছুৱাই নাযাব।”২১

তথ্যসূত্ৰ

  1. ↑ Time Magazine names Bilkis Dadi of Shaheen Bagh, among 100 most influential people - Dadi of Shaheen Bagh. The Economic Times
  2. ↑ (23 September 2020). Shaheen Bagh 'dadi' Bilkis named in Time Magazine's list of 100 Most Influential People. India Today
  3. ↑ (10 December 2020). India's Bilkis Bano: The grandmother who stood up to Modi. Deutsche Welle
  4. ↑ Tarrant, Tavleen. (8 March 2021). Bilkis Dadi of Shaheen Bagh, a modern-day Jhansi Ki Rani. Al Jazeera
  5. ↑ (25 September 2020). PM Modi is like my son, says Bilkis Dadi of Shaheen Bagh. Muslim Mirror
  6. ↑ Singh, Himani. (3 September 2020). Shaheen Bagh's Bilkis Bano One of Times 100 Most Influential People. Vice
  7. ↑ (25 September 2020). Featured on Time list, Bilkis says would have been happier if demand was met. The Indian Express. PTI
  8. ↑ Ellis-Petersen, Hannah; Rahman, Shaikh Azizur. (21 January 2020). 'Modi is afraid': women take lead in India's citizenship protests. The Guardian
  9. ↑ Masih, Niha. (13 January 2020). India's first-time protesters: Mothers and grandmothers stage weeks-long sit-in against citizenship law. Washington Post
  10. ↑ (23 September 2020). A Win for India's Diversity: Shaheen Bagh's Bilkis Dadi is on Time Most Influential People List. Arré
  11. ↑ Singh, Navya. (2 December 2020). Condemned, Vilified: 82-Yr-Old Bilkis Dadi Painted Anti-National For Supporting Farmers. The Logical Indian
  12. ↑ Gayathri, P R. (25 November 2020). Shaheen Bagh Dadi Named BBC's '100 Women of 2020'. Femina
  13. ↑ Bhasin. (25 September 2020). "PM Modi Also My Son": Bilkis, Shaheen Bagh's Dadi Who Made Time 100 List. NDTV
  14. ↑ The old guard: meet the elderly protesters of Zakir Nagar and Shaheen Bagh. livemint.com
  15. ↑ The Wire Staff. Delhi Police Stop Bilkis Dadi From Protesting With Farmers at Singhu Border. The Wire
  16. ↑ (30 September 2020). Felicitation for Shaheen Bagh protester. Telegraph India
  17. ↑ Ayyub, Rana. The 100 Most Influential People of 2020: Bilkis. Time
  18. ↑ (23 November 2020). BBC 100 Women 2020: Who is on the list this year?. BBC News
  19. ↑ (22 October 2020). Bilkis to share Quaid Millat Award. The Hindu
  20. ↑ The Muslim 500. themuslim500.com. The Royal Islamic Strategic Studies Centre, Jordan. ISBN 9789957635565
  21. ↑ (31 December 2020). Shaheen Bagh's Bilkis Bano is in Gal Gadot's list of 'Personal Wonder Women'. Hindustan Times. PTI. Posted by Shankhyaneel Sarkar

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিলকিছ বানো” প্ৰবন্ধৰ সংশোধন ৫৭৯৩৩৭ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।