অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিদ্যা দেহেজিয়া

বিদ্যা দেহেজিয়া (Vidya Dehejia) এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাৰতীয় আৰু দক্ষিণ এছিয়ান কলাৰ বাৰ্বাৰা ষ্ট’লাৰ মিলাৰ অধ্যাপিকা এমেৰিটা।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বিদ্যা দেহেজিয়া (Vidya Dehejia) এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাৰতীয় আৰু দক্ষিণ এছিয়ান কলাৰ বাৰ্বাৰা ষ্ট’লাৰ মিলাৰ অধ্যাপিকা এমেৰিটা। তেওঁ দক্ষিণ এছিয়াৰ কলা বিষয়ক ২৪খন গ্ৰন্থ আৰু অসংখ্য শৈক্ষিক গৱেষণা-পত্ৰ প্ৰকাশ কৰিছে আৰু একেটা বিষয়বস্তুৰ ওপৰত বহুতো প্ৰদৰ্শনীৰ কিউৰেট কৰিছে।

তেওঁক ভাৰত চৰকাৰে পদ্ম ভূষণ বঁটা আৰু স্মিথছ’নিয়ানৰ নেশ্যনেল মিউজিয়াম অৱ এছিয়ান আৰ্টৰ পৰা তেওঁ ফ্ৰীয়াৰ মেডেল লাভ কৰিছে।

শিক্ষা

বিদ্যা দেহেজিয়াই মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজত শিক্ষা গ্ৰহণ কৰি ১৯৬১ চনত প্ৰাচীন ভাৰতীয় সংস্কৃতিত প্ৰথম স্থান লাভ কৰে। ১৯৬৩ চনত তেওঁ কেম্ব্ৰিজৰ নিউনহাম কলেজৰ পৰা পুৰাতত্ত্ব আৰু নৃতত্ত্বত প্ৰথম স্থান লাভ কৰে। তেওঁ ১৯৬৮ চনত কেম্ব্ৰিজত পশ্চিম ভাৰতৰ আদিম বৌদ্ধ গুহাসমূহৰ ওপৰত পি এইচ ডি সম্পূৰ্ণ কৰে।১

কেৰিয়াৰ

১৯৬৮ চনত ছিডনী বিশ্ববিদ্যালয়ত প'ষ্ট ডক্টৰেল ফেল’শ্বিপ গ্ৰহণ কৰে। ১৯৭০ চনত তেওঁ হংকং বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হয়। ১৯৭৩ চনত তেওঁ দিল্লী স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰত প্ৰবক্তাৰ পদত যোগদান কৰে। ১৯৮২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা হয়। ১৯৯৪ চনত তেওঁ স্মিথছোনিয়ান প্ৰতিষ্ঠানলৈ যায় আৰু ইয়াৰ ফ্ৰেয়াৰ গেলেৰী অৱ আৰ্ট আৰু আৰ্থাৰ এম. ছেকলাৰ গেলেৰিৰ মুখ্য কিউৰেটৰ আৰু উপ-সঞ্চালক হয়। ২০০২ চনত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাৰতীয় কলাৰ বাৰ্বাৰা ষ্ট’লাৰ মিলাৰৰ অধ্যাপক হৈছিল আৰু ২০০৩ চনত তেওঁ সেই বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়ান প্ৰতিষ্ঠানৰ সঞ্চালক হৈছিল।২

বঁটা আৰু সন্মান

দেহজিয়াক ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।৩৪৫৬৭ তেওঁক গোৱা বিশ্ববিদ্যালয়ৰ মাৰিঅ' মিৰাণ্ডা ভিজিটিং ৰিচাৰ্চ প্ৰফেছৰশ্বিপত নিযুক্তি দিয়া হৈছে।৮ তেওঁ ২০১৯ চনত ইনফ'চিছ বঁটাৰ মানৱতা বিচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৯

দেহেজিয়াক ২০২৩ চনত ফ্ৰেয়াৰ মেডেলৰ পঞ্চদশ প্ৰাপক হিচাপে ঘোষণা কৰা হৈছিল আৰু এই বঁটা লাভ কৰা তেওঁ দক্ষিণ এছিয়াৰ কলাৰ প্ৰথমজন পণ্ডিত। ১০

তথ্যসূত্ৰ

  1. ↑ Dehejia, Vidya. Education. Vidya Dehejia
  2. ↑ Dehejia, Vidya. Career Highlights. Vidya Dehejia
  3. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
  4. ↑ Vidya Dehejia. Department of Art History & Archaeology - Columbia University
  5. ↑ Vidya Dehejia. www.asia.si.edu
  6. ↑ (25 Jan 2012). 19 women among Padma award winners. Yahoo News
  7. ↑ Dr Vidya Dehejia. St Xavier's College
  8. ↑ (18 February 2017). Reasserting the role of women in our history
  9. ↑ Infosys Prize - Jury 2019. Infosys Science Foundation
  10. ↑ Institution, Smithsonian. Smithsonian's National Museum of Asian Art Awards Lifetime Achievement Medals for Contributions in Asian Art. Smithsonian Institution

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা দেহেজিয়া” প্ৰবন্ধৰ সংশোধন ৪৯১৫৮৩ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।