ভাৰতীয় উপমহাদেশত (মূলতঃ ভাৰত আৰু শ্ৰীলংকাত) চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা সৰ্বাধিক গুৰুত্বপূৰ্ণ মানৱ সৰ্প দংশনৰ ক্ষেত্ৰত দায়ী চাৰিটা বিষাক্ত সাপৰ প্ৰজাতিক কেতিয়াবা সামূহিকভাৱে বিগ ফ’ৰ (Big Four; বৃহৎ চাৰি) বুলিও কোৱা হয়। এই সাপকেইবিধ হৈছে:১২
- ৰাছেলছ্ ভাইপাৰ, Daboia russelii
- ভাৰতীয় শংখচূড়, Bungarus caeruleus
- ভাৰতীয় ফেঁটী, Naja naja
- ভাৰতীয় কাঁইটীয়া বাকলিৰ ভাইপাৰ, Echis carinatus
২০২০ চনত কৰা এক অধ্যয়নৰ ভাৰতত সাপে কামোৰাৰ বিস্তৃত বিশ্লেষণ অনুসৰি ভাৰতত সংঘটিত হোৱা সৰ্পদংশনৰ ৪৩% ৰাছেলছ্ ভাইপাৰ, তাৰ পিছতে ক্ৰমে ক্ৰেইট (১৮%), ফেঁটী সাপ (১২%), হাম্প ন’জ ভাইপাৰ (৪%), কাঁইতীয়া বাকলিযুক্ত ভাইপাৰ (১.৭%), আৰু পানীত থকা সাপৰ (০.৩%) বাবে হয়। বাকী (২১%) দংশন অচিনাক্ত প্ৰজাতিৰ আছিল।
উপচাৰ
চাৰিবিধ বৃহৎ ভাৰতীয় সাপৰ বিষক ফলপ্ৰসূভাৱে নিষ্ক্ৰিয় কৰা পলিভেলেণ্ট ছিৰাম (এণ্টিভেনম) ভাৰতত বহুলভাৱে উপলভ্য, আৰু জীৱন ৰক্ষাৰ বাবে সঘনাই ইয়াৰ প্ৰয়োগ কৰা হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিগ ফ'ৰ (ভাৰতীয় সাপ)” প্ৰবন্ধৰ সংশোধন ৪২৫৯৭৬ (১৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।