অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বাজু কুৰুঙ্গ

বাজু কুৰুঙ্গ (জাৱী: باجو كوروڠ ) হৈছে মালয়সকলৰ পৰম্পৰাগত এবিধ পোছাক। ইয়াক পৰম্পৰাগতভাৱে ব্ৰুনেই, ইণ্ডোনেছিয়া মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডৰ মহিলাসকলে পৰিধান কৰে। এই পৰম্পৰাগত পোছাকবিধ ব্ৰুনেই আৰু মালয়েছিয়াৰ জাতীয় সাজ।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৪ ৫৪৮ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বাজু কুৰুঙ্গ (জাৱী: باجو كوروڠ ) হৈছে মালয়সকলৰ পৰম্পৰাগত এবিধ পোছাক। ইয়াক পৰম্পৰাগতভাৱে ব্ৰুনেই, ইণ্ডোনেছিয়া১ মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডৰ মহিলাসকলে পৰিধান কৰে। এই পৰম্পৰাগত পোছাকবিধ ব্ৰুনেই আৰু মালয়েছিয়াৰ জাতীয় সাজ।২৩ ইণ্ডোনেছিয়াত এই পোছাক আঞ্চলিক সাজ-পোছাক হিচাপেও পৰিধান কৰা হয়, সাধাৰণতে সুমাট্ৰা দ্বীপত বিশেষকৈ মালয় আৰু মিনাংকাবাউ জনগোষ্ঠীয় মহিলাসকলে ইয়াক পৰিধান কৰে।

বুৎপত্তি

বাজু কুৰুঙ্গ হৈছে ব্লাউজ আৰু স্কাৰ্টেৰে গঠিত সম্পূৰ্ণ দৈৰ্ঘ্যৰ এবিধ ঢিলা পোছাক। ই বন্ধ পোছাকৰ শাৰীত পৰে।৪ বাজু কুৰুঙ্গ নামটো পুৰুষ আৰু মহিলা উভয়ৰে সাজ-পোছাকৰ বাবে ব্যৱহৃত এটি সাধাৰণ নাম যদিও আধুনিক মালয়েছিয়াত মহিলাৰ সাজ-পোছাকক বাজু কুৰুঙ্গ বুলি কোৱাৰ বিপৰীতে পুৰুষৰ সাজ-পোছাকক বাজু মেলায়ু বুলি কোৱা হয়। পুৰুষৰ ক্ষেত্ৰত বাজু কুৰুঙ্গ শব্দটো অৱশ্যে ছিংগাপুৰত ব্যৱহাৰ হয়।

ইতিহাস

) পাডাং পাঞ্জাং হাইলেণ্ডৰ ওচৰৰ বাটিপুহত থলুৱা কাপোৰ বাজু কুৰুঙ্গ আৰু ছংকেট পিন্ধা এটা মহিলাৰ দল।]]

চীনা লিপি অনুসৰি ত্ৰয়োদশ শতিকাৰ মালয় সম্প্ৰদায়ৰ পুৰুষ-মহিলা উভয়ে কেৱল শৰীৰৰ তলৰ অংশৰ আৱৰণহে পিন্ধিছিল। ইয়াৰ বিকাশৰ সময়ত মালয় মহিলাসকলে কেম্বেন আৰ্হিৰ চেৰং পিন্ধে, অৰ্থাৎ চেৰংখন বুকুত মেৰিয়াই লয়। পেণ্টও Aceh Scissors ষ্টাইলত পিন্ধিবলৈ আৰম্ভ কৰিলে, অৰ্থাৎ আঁঠুৰ ঠিক তলত থকা পেণ্ট।

কিন্তু তাৰ পিছত বাণিজ্যই নিজৰ লগত লৈ আহিছিল বিদেশী সংস্কৃতিৰ প্ৰভাৱ। চীন, ভাৰত, মধ্যপ্ৰাচ্যৰ পৰাও সামগ্ৰী আহিছিল। বাণিজ্যৰ উপৰিও, ই মালয় সম্প্ৰদায়ক বিদেশীসকলৰ সাজ-পোছাকৰ ধৰণ-কৰণৰ বিষয়েও পৰিচয় হোৱাৰ সুযোগ প্ৰদান কৰে। মালয়সকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ সাজ-পোছাকৰ ওপৰত পৰিছিল; কাৰণ এই নতুন ধৰ্মত নাৰী আৰু পুৰুষ উভয়ে নিজকে সম্পূৰ্ণভাৱে সাজ-পোছাকৰ আৱৰণেৰে আৱৰি ৰখাটো বাধ্যতামূলক আছিল।

মালয়েছিয়াত বাজু কুৰুঙ্গ হৈছে মালয়ৰ অন্যতম পুৰণি কাপোৰৰ শৈলী। ইয়াক জনপ্ৰিয় কৰা ব্যক্তিগৰাকী আছিল ১৫ শতিকাৰ মালাক্কা সাম্ৰাজ্যৰ বেণ্ডাহৰা চেৰী মহাৰাজা টুন মুতাহিৰৰ পুত্ৰ টুন হাছান টেমেংগং। ১৫১১ চনত পৰ্তুগীজসকলে মালাক্কা জয় নকৰালৈকে এই সময়ছোৱা আছিল মালাক্কাৰ বাবে সোণালী যুগ। ই মালয় দ্বীপপুঞ্জৰ অন্যতম শক্তিশালী সাম্ৰাজ্য আছিল আৰু চীন, ভাৰত আৰু মধ্যপ্ৰাচ্যৰ ব্যৱসায়ীসকলৰ সৈতে এটা বাণিজ্য কেন্দ্ৰ আছিল।৫

মালয়ৰ বুৰঞ্জী অনুসৰি মালাক্কাৰ ষষ্ঠ শাসক চুলতান মনছুৰ শ্বাহে মালয় মহিলাসকলক বুকুৰ পৰা তললৈ কেৱল চেৰং পিন্ধাত নিষেধাজ্ঞা আৰোপ কৰিছিল। টুন হাছান টেমেংগঙৰ মাৰ্গদৰ্শকসকলৰ সৈতে চীন, ভাৰত আৰু মধ্যপ্ৰাচ্যৰ বিভিন্ন উপাদান সামৰি পৰম্পৰাগত বাজু মেলায়ু আৰু বাজু কুৰুঙ্গৰ জন্ম হয়। তাৰ পিছত পিছৰ চাৰে তিনি শতিকাত এই কাপোৰৰ শৈলী বহুলাংশে অপৰিৱৰ্তিত হৈ থাকিল।

বাজু কুৰুঙ্গৰ আন এটা সংস্কৰণ ইয়াৰ উত্তৰাধিকাৰী ৰাজ্য জোহৰ-ৰিয়াউ চুলতানত আৱিৰ্ভাৱ হয়। আগৰ বাজু কুৰুঙ্গ দীঘল আৰু ঢিলা আছিল। বাজু কুৰুঙ্গৰ এই নতুন শৈলী বাজু কুৰুঙ্গ তেলুক বেলাংগা নামেৰে জনাজাত, যাৰ নামকৰণ কৰা হৈছে সেই সময়ৰ চুলতানৰ ৰাজধানী আধুনিক ছিংগাপুৰৰ টেলক ব্লাংগাহৰ নামেৰে। ১৯ শতিকাৰ শেষৰ ফালে জোহৰৰ চুলতান আবু বাকাৰে ইয়াক জনপ্ৰিয় কৰি তুলিছিল৬ আৰু আধুনিক মালয়েছিয়াত ই জীয়াই থকাই নহয়, সমৃদ্ধ হৈছে আৰু ১৯৭০ আৰু ১৯৮০ চনত মালয়েছিয়া ইছলামকৰণৰ সময়ত ই জনপ্ৰিয় হৈ পৰে।৭

উপাদান

১৯৫০ চনত মালাক্কাত বাজু কুৰুঙ্গ পৰিহিত অৱস্থাত মালয় মহিলা
১৯৫০ চনত মালাক্কাত বাজু কুৰুঙ্গ পৰিহিত অৱস্থাত মালয় মহিলাছবি: Ministry of Information official photographer · Public domain
পৰম্পৰাগত বাজু কুৰুঙ্গ পৰিহিত সুমাত্ৰাৰ মহিলা গোট
পৰম্পৰাগত বাজু কুৰুঙ্গ পৰিহিত সুমাত্ৰাৰ মহিলা গোটছবি: Credited in file title · Public domain

বাজু বাজু হৈছে এবিধ দীঘল হাতৰো, কঁকালৰপৰা কিছু তললৈ দীঘল এবিধ ব্লাউজৰ দৰে সাজ।৮ ইয়াক সাধাৰণতে ইণ্ডোনেছিয়াৰ (জাম্বি, দক্ষিণ সুমাট্ৰা, পশ্চিম সুমাট্ৰা, উত্তৰ সুমাত্ৰা, ৰিয়াউ, আৰু ৰিয়াউ দ্বীপপুঞ্জ) আৰু মালয়েছিয়াৰ (পাহাং, টেৰেংগানু বা কেলান্টান) পৰম্পৰাগত মালয় কাপোৰৰপৰা তৈয়াৰ কৰা হয়।৯৭ কেতিয়াবা ইয়াক চীন, টাইৱান, তুৰস্ক, ইউ এ ই বা ভাৰতৰ পৰা আমদানি কৰা ৰেচম কাপোৰৰপৰাও তৈয়াৰ কৰা হয়।

চেৰং বাজু কুৰুঙ্গ সাধাৰণতে চেৰং (স্কাৰ্ট)ৰ সৈতে যোৰ কৰা হয়, আৰু চেৰঙটো নিজেই ইকাটান অম্বক মেংগালুৰ সৈতে পিন্ধা হয়, যিটো ঢৌৱা শৈলীৰ ভাঁজ। এই ভাঁজবোৰ চেৰঙৰ বাওঁফালে বা সোঁফালে দেখা যায়। পৰম্পৰাগত কাপোৰ পিন্ধা সকলে মালয়েছিয়াৰ পূব ৰাজ্য পাহাং, টেৰেংগানু আৰু কেলান্টানৰ চেৰং কাপোৰ পছন্দ কৰে, য’ত বাটিক আৰু অন্যান্য হাতেৰে ডিজাইন কৰা কাপোৰ যেনে ছংকেট আৰু টেনুনৰ সংস্কৃতি এতিয়াও শক্তিশালী।

কেইন ডেগং কেইন ডেগং, যাক চেম্পিং বুলিও কোৱা হয়, হৈছে বাহিৰত থাকিলে ওৰণি হিচাপে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ চেৰং কাপোৰ। এই কাপোৰৰ সহায়ত নিজকে গৰম ৰ’দৰ পৰা ৰক্ষা কৰা হয়। ঘৰৰ ভিতৰত থাকিলে কেইন ডেগঙক কঁকালত বান্ধি দিয়া হয় বা বাহুত ওলোমাই দিয়া হয়।

স্কাৰ্ফ সাধাৰণতে কান্ধৰ ওপৰেৰে গামোচাৰ দৰে ইয়াক ওলোমাই থোৱা হয়। যদি কোনোবাই কেইন ডেগং পিন্ধিছে, তেন্তে দীঘল স্কাৰ্ফ পিন্ধাৰ পৰিৱৰ্তে তেওঁলোকে সাধাৰণতে কেৰিংকামৰ দৰে পৰম্পৰাগত ওৰণি বাছি লয়। কেৰিংকাম হৈছে এক প্ৰকাৰৰ চুটি এম্ব্ৰয়ডাৰী কৰা স্কাৰ্ফ। উত্তৰ মালয়েছিয়াৰ অধিক ৰক্ষণশীল ৰাজ্যসমূহত এগৰাকী মহিলাই প্ৰায়ে মূৰত গামোচা (টুডুং)ৰ সৈতে বাজু কুৰুং পিন্ধে।১০

সাংস্কৃতিক তাৎপৰ্য্য

বিয়া, ধৰ্মীয় অনুষ্ঠান, চৰকাৰী অনুষ্ঠানত উপস্থিত থাকিবলৈ বাজু কুৰুঙ্গ পিন্ধা হয়। মালয়েছিয়াত সাধাৰণতে সকলো মালয় মহিলাই প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি আনুষ্ঠানিক সাজ-পোছাক হিচাপে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে। বাজু কুৰুঙ্গ অ-মালয় মহিলাসকলেও (মালয়েছিয়াৰ জনগোষ্ঠীয় চীনা, ভাৰতীয় আৰু স্থানীয় বৰ্ণিয়ান সংখ্যালঘুসকলকে ধৰি) পিন্ধে। ইয়াৰ কাৰণ আংশিকভাৱে এয়াও হ’ব পাৰে যে, বাজু কুৰুঙ্গ মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে অনুমোদিত সাজ-পোছাকৰ শৈলী আৰু মহিলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুমোদিত ইউনিফৰ্মৰ অন্যতম শৈলী। কিন্তু ইয়াৰ বিক্ৰী মুছলমান কেলেণ্ডাৰত ৰমজান মাহত হয়, বেছিভাগেই ৰমজান শেষ হোৱাৰ পিছত আগন্তুক হাৰী ৰায়া আইদিলফিত্ৰীত হয় (মালয় ভাষাত ঈদ উল-ফিতৰৰ বাবে), যিটো বিশ্বজুৰি মুছলমানসকলে পালন কৰে।৭

তথ্যসূত্ৰ

  1. ↑ Baju Kurung Basiba. Kemendikbud
  2. ↑ Royal and Palace Cutoms:Dresses For Ceremonies And Functions. Perpustakaan Negara Malaysia
  3. ↑ Pakaian Tradisi. Kementerian Kebudayaan, Belia dan Sukan of Brunei
  4. ↑ Carian Umum – Kurung. prpm.dbp.gov.my
  5. ↑ Enduring charm of the baju kurung
  6. ↑ Syida Lizta Amirul Ihsan. (16 September 2009). Trends: For all occasions. The New Straits Times
  7. ↑ Fuller, Thomas. (2 March 2000). In Era of T-shirts, Kurung Survives: Malaysians' Garment of Choice. The New York Times
  8. ↑ Sandborg 1993, পৃ. 195–196
  9. ↑ Baju Kurung Basiba: Cerminan Jati Diri Perempuan Minangkabau. Kemendikbud
  10. ↑ Frisk 2009, পৃ. 90–91

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়াৰ সংস্কৃতিপোচাক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাজু কুৰুঙ্গ” প্ৰবন্ধৰ সংশোধন ৪৫৫৭৭২ (১৬ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।