ইণ্ডোনেছিয়াৰ সংস্কৃতি
১৯ প্ৰবন্ধ
-
বৰোবুদুৰ
বৰোবুদুৰ বা বাৰাবুদুৰ (Borobudur) ইণ্ডোনেছিয়াৰ মধ্য জাভা অঞ্চলৰ মাগেলাং ৰিজেন্সিৰ মাগেলাং চহৰ আৰু মুণ্টিলান চহৰৰ ওচৰত অৱস্থিত নৱম শতিকাৰ এক মহাযান বৌদ্ধ মন্দিৰ। ধূসৰ ৰঙৰ এণ্ডেচাইটৰ দৰে শিলেৰে নিৰ্মিত এই মন্দিৰটো ছটা বৰ্গক্ষেত্ৰ আৰু তিনিটা বৃত্তাকাৰ গম্বুজ এটাৰ ওপৰত এটাকৈ নিৰ্মাণ কৰা হৈছে।
-
বায়াং
বায়াং ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ পৰা উৎপত্তি হোৱা পুতলা নৃত্যনাটিকাৰ এক পৰম্পৰাগত ৰূপ। বায়াং শব্দই সমগ্ৰ নাটকীয় অনুষ্ঠানটোক বুজায়। কেতিয়াবা চামৰাৰ পুতলাটোকেই বায়াং বুলি কোৱা হয়।
-
বৰোং নৃত্য
বৰোং নৃত্য ( Barong Dance) ইণ্ডোনেছিয়াৰ বালিত পৰিৱেশিত বালিন ভাষাৰ এক নৃত্য শৈলীৰ নৃত্য নাটিকা৷ এই নৃত্য-নাটিকাত পৌৰাণিক কালত জীৱ-জন্তুৰ অতি-প্ৰাকৃতিক শক্তিৰে মানুহক সুৰক্ষা দিব পৰা শক্তিৰ বিষয়ে বৰ্ণনা কৰা হয়৷ বৰোং পৱিত্ৰ আত্মাৰ ৰজা, সততাৰ নেতা, তেওঁ বালিৰ পৌৰাণিক পৰম্পৰাগত দানৱ ৰাণী ৰংদাৰ শত্ৰু।
-
ভোমা
ভোমা (ইংৰাজী: Bhoma) হ’ল বালিনীজ পৌৰাণিক কাহিনীৰ এগৰাকী আদিম পৃথিৱী দেৱতা যি উৰ্বৰতা, উদ্ভিদ আৰু বন্য তথা মানৱ বসতিৰ মাজৰ সীমৱৰ্তী স্থানৰ সৈতে জড়িত। ভোমাৰ প্ৰতিচ্ছবি বালিনীজ স্থাপত্যত এক গ্ৰটেস্ক বা অদ্ভুত মুখ হিচাপে খোদিত কৰা হয়, যিয়ে মন্দিৰ কমপ্লেক্সৰ বিশেষ অংশসমূহক দুষ্ট আত্মাৰপৰা ৰক্ষা…
-
ইন্দোনেছিয়াৰ চিত্ৰকলা
ইন্দোনেছিয়াৰ চিত্ৰকলা( Indonesian Painting)ৰ পৰম্পৰা আৰু ইতিহাস বহু পুৰণি। ইয়াৰ ইতিহাস অতি দীঘলীয়া যদিও প্ৰতিকূল জলবায়ুৰ বাবে প্ৰাচীন চিত্ৰকলাৰ কম সংখ্যক নিদৰ্শনহে বৰ্তি আছে। বিশ্বৰ কিছুমান পুৰণি চিত্ৰকলাৰ আদিস্থান আছিল ইন্দোনেছিয়া।
-
উপুহ উলেন-উলেন
উপুহ উলেন-উলেন হৈছে গায়োৰ প্ৰথাগত পৰিধান, যি সাধাৰণতে বিবাহ অনুষ্ঠান, পৰম্পৰাগত নৃত্য, আৰু বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। কৰাং হৈছে স্থানীয় লোকসৃষ্টিকলা, যি পৰম্পৰাগত পোষাকত নক্সা হিচাপে ধাৰণা কৰা হয়। ইয়াত প্ৰাকৃতিক উপাদান আৰু সৃষ্টিশীলতাৰ মিশ্ৰণ দেখা যায়।
-
উম্বুল উম্বুল
উম্বুল-উম্বুল, যাক ৰেৰণ্টেক বা অতি প্ৰাচীন মতে “টুংগুল’’ বুলিও কোৱা হয়, কাপোৰৰ ফিতাৰে নিৰ্মিত এক প্ৰকাৰৰ পতাকা বা ধ্বজা বা নিচান, যাৰ দীঘল এটা ফাল খুঁটাৰ লগত সংলগ্ন কৰা হয়।
-
কাছাক্ নৃত্য
কাছাক্, ইণ্ডোনেছিয়ান ভাষাত Tari kecak নামেৰে জনাজাত, বালিৰ হিন্দু নৃত্য আৰু সংগীত নাটকৰ এটা প্ৰকাৰ, যি ১৯৩০ চনত ইণ্ডোনেছিয়াৰ বালিত বিকশিত হৈছিল। সৃষ্টিৰ পিছৰে পৰা ইয়াক প্ৰধানকৈ পুৰুষে পৰিবেশন কৰি আহিছিল, ২০০৬ চনত প্ৰথম মহিলা কাছাক্ গোট আৰম্ভ হয়।
-
কাবায়ান
কাবায়ান (ইংৰাজী: Kabayan; চুন্দানীজ: ᮊᮘᮚᮔ᮪) চুন্দানীজ সংস্কৃতিৰ এক কল্পিত আৰু জনপ্ৰিয় লোকচৰিত্ৰ, যাক পাছলৈ সমগ্ৰ ইণ্ডোনেছিয়াতেই জনপ্ৰিয় লোকচৰিত্ৰ হিচাপে গ্ৰহণ কৰা হয়। তেওঁৰ কাহিনীবোৰ ধেমেলীয়া, নম্ৰ আৰু একে সময়তে বুদ্ধিমান স্বভাৱৰ বুলি গণ্য কৰা হয়।
-
কেলন আৰং
কেলন আৰং দ্বাদশ শতিকাৰ জাভা আৰু বালি লোককথাৰ এটা চৰিত্ৰ। পৰম্পৰামতে তেওঁ ক’লা যাদুৰ নিপুণ ডাইনী। কাহিনীটো কোনে ৰচনা কৰিছিল সেয়া জনা নাযায় যদিও কেলন আৰং গ্ৰন্থৰ এখন পাণ্ডুলিপি (লেটিন বৰ্ণমালাত লিখা) ৰয়েল নেদাৰলেণ্ড ইনষ্টিটিউট অৱ চাউথইষ্ট এছিয়ান এণ্ড কেৰিবিয়ান ষ্টাডিজত ৰখা হৈছে।
-
চাপাৰন বেকাকাক
চাপাৰন বেকাকাক (Saparan Bekakak) হ’ল শ্লেমানৰ গাম্পিংৰ আম্বাৰকেটাৱাংত অনুষ্ঠিত হোৱা এটা উৎসৱ। এই অনুষ্ঠানটো গাম্পিং পৰ্বতৰ ৰক্ষকসকলৰ প্ৰতি উৎসৰ্গিত এক বলিদান, কিয়াই ৱিৰাচুতাক স্মৰণ কৰা এক উদযাপন আৰু চুলতান হামেংকুবুৱোনো প্ৰথমৰ প্ৰতি আনুগত্য প্ৰদৰ্শন হিচাপে আৰম্ভ হৈছিল।
-
চামান নৃত্য
চামান নৃত্য ( Saman Dance) বা হাজাৰ হাতৰ নৃত্য ইণ্ডোনেছিয়াৰ অন্যতম জনপ্ৰিয় নৃত্য। ইয়াৰ উৎপত্তি ইণ্ডোনেছিয়াৰ আচেহ্ প্ৰদেশৰ গায়ো লুইছৰ বাসিন্দা গায়ো জনগোষ্ঠীৰ পৰা হৈছে আৰু ইয়াক সাধাৰণতে গুৰুত্বপূৰ্ণ অনুষ্ঠান উদযাপনৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।
-
ছংকক
ছংকক, পেচি বা কপিয়া হৈছে ব্ৰুণেই, ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ, দক্ষিণ ফিলিপাইনছ আৰু দক্ষিণ থাইলেণ্ডৰ লোকে পিন্ধিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰা এটা পৰম্পৰাগত টুপী। মুছলমান পুৰুষ সকলে এই টুপী বেছিকৈ পিন্ধা দেখা যায়।
-
টপেং নৃত্য
টপেং নৃত্য ইণ্ডোনেছিয়াৰ নৃত্যধাৰাৰ এক নাটকীয় ধৰণ, য'ত এজন বা ততোধিক মুখা পিন্ধা আৰু জাকজমকীয়া সাজ-পোছাক পৰিহিত অভিনেতাই গমেলান বা অন্যান্য পৰম্পৰাগত সংগীত বাদ্যযন্ত্ৰৰ সৈতে কাহিনীৰ ৰজা, নায়ক আৰু মিথৰ সম্পৰ্কীয় পৰম্পৰাগত আখ্যানসমূহৰ ব্যাখ্যা কৰে।
-
টুম্পেং
টুম্পেং (জাভানিজ: ꦠꦸꦩ꧀ꦥꦼꦁ; বালিনিজ: ᬢᬸᬫ᭄ᬧᭂfl) হৈছে ইণ্ডোনেছিয়াৰ এবিধ পৰম্পৰাগত খাদ্য। আৰু ২০১৪ চনত ইয়াক ইণ্ডোনেছিয়াৰ চৰকাৰী জাতীয় খাদ্যৰ মৰ্যাদা প্ৰদান কৰে, ইয়াক “ইণ্ডোনেছিয়াৰ বিভিন্ন ৰান্ধনীশালৰ পৰম্পৰাৰ বৈচিত্ৰ্যক বান্ধি ৰখা খাদ্য” বুলি অভিহিত কৰে।
-
পেণ্ডেট নৃত্য
পেণ্ডেট নৃত্য ( Pandet) ইণ্ডোনেছিয়াৰ বালিৰ এক পৰম্পৰাগত নৃত্য, যি নৃত্যত অনুষ্ঠান বা অন্যান্য নৃত্যৰ প্ৰস্তাৱনা হিচাপে মন্দিৰ বা থিয়েটাৰ শুদ্ধ কৰিবলৈ ফুলৰ প্ৰসাদ আগবঢ়োৱা হয়। পেণ্ডেটত সাধাৰণতে সৰু ছোৱালীয়ে, ফুলৰ পাহিৰ বাতি লৈ, তাৰপৰা মুঠি মুঠি পাহি নৃত্যৰ তালে তালে শূন্যলৈ ছটিয়াই দিয়া হয়।
-
বাজু কুৰুঙ্গ
বাজু কুৰুঙ্গ (জাৱী: باجو كوروڠ ) হৈছে মালয়সকলৰ পৰম্পৰাগত এবিধ পোছাক। ইয়াক পৰম্পৰাগতভাৱে ব্ৰুনেই, ইণ্ডোনেছিয়া মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডৰ মহিলাসকলে পৰিধান কৰে। এই পৰম্পৰাগত পোছাকবিধ ব্ৰুনেই আৰু মালয়েছিয়াৰ জাতীয় সাজ।
-
লেগং নৃত্য
লেগং (Legong) ইণ্ডোনেছিয়াৰ বালিৰ পৰম্পৰাগত নৃত্যৰ এক প্ৰকাৰ। ই এক পৰিশোধিত নৃত্যৰ ৰূপ, যাৰ বৈশিষ্ট্য হৈছে সংকেতপূৰ্ণ আঙুলিৰ গতি, জটিল পদ সঞ্চালন আৰু ইংগিতপ্ৰধান প্ৰকাশভংগী আৰু মুখৰ অভিব্যক্তি।
-
ৰেজাং নৃত্য
ৰেজাং নৃত্য ইণ্ডোনেছিয়াৰ বালিৰ এক পৱিত্ৰ বালিন নৃত্য, যি ত্যাগৰ নৃত্য হিচাপে পৰিচিত, য'ত ছোৱালীবোৰে নিজকে দেৱতাৰ ওচৰত উছৰ্গা কৰে। সাধাৰণতে ইণ্ডোনেছিয়াৰ বালিৰ ক্লাংকুং ৰিজেন্সি আৰু কাৰাংগাচেম ৰিজেন্সিৰ হিন্দু মন্দিৰত অনুষ্ঠিত হয়।