বঙালী সংস্কৃতি
১৩ প্ৰবন্ধ
-
বঙালী নাম
বাংলাভাষী দেশসমূহৰ ব্যক্তিৰ ব্যক্তিগত নামসমূহ এটা বা কেইবাটাও প্ৰদত্ত নাম আৰু এটা উপাধিৰে গঠিত। নামককৰণ কৰাতো সাধাৰণতে লিংগ নিৰ্দিষ্ট। সাধাৰণতে এটা নাম "প্ৰদত্ত নাম, উপাধি"ৰ "পশ্চিমীয়া ক্ৰমত" উল্লেখ কৰা হয় যদিও এই প্ৰথা পশ্চিমৰপৰাও গ্ৰহণ কৰা হোৱা নাই বা সৰ্বজনীন নহয়।
-
বঙালী হিন্দু বিবাহ
বঙালী হিন্দু বিবাহ (বাঙালি হিন্দু বিবাহ) বুলিলে সাধাৰণতে পশ্চিমবঙ্গ, ত্ৰিপুৰাৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বাংলাদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা হিন্দু ধৰ্মালম্বী স্ত্ৰী-পুৰুষৰ মাজত শাস্ত্ৰীয় বিধি আৰু পাৰিবাৰিক ঐতিহ্য অনুসাৰে হোৱা প্ৰথাসম্মত পৱিত্ৰ সামাজিক বিবাহকে বুজায়।
-
বাংলা শব্দভাণ্ডাৰ
বাংলা শব্দভাণ্ডাৰ (Bengali vocabulary) হ'ল বাংলা ভাষাৰ শব্দভাণ্ডাৰ যাৰ মূল আৰু উৎপত্তি পালি আৰু প্ৰাকৃত ভাষাৰপৰা। বাংলা শব্দভাণ্ডাৰৰ ব্যুৎপত্তিগতভাৱে মগধি প্ৰাকৃতৰপৰা উৎপত্তি হোৱাৰ লগতে অঞ্চলটোৰ পুৰণি ভাষাসমূহৰ উল্লেখযোগ্য সহযোগত বিকশিত হৈছে।
-
বাংলাদেশৰ সংগীত
বাংলাদেশৰ সংগীত (বাংলাদেশেব় সঙ্গীত) হ'ল সুদূৰ অতীতৰপৰাই বাংলাদেশত প্ৰচলিত হৈ অহা সংগীত। সুদূৰ অতীতৰপৰাই বাংলাদেশত সংগীতৰ ব্যাপক প্ৰচলন আছিল। সাধাৰণতে সংগীতক বিশ্লেষণ কৰিলে পোৱা যায়: সংগীত = ছন্দ + সুৰ অৰ্থাৎ সুৰত উচ্চাৰিত ছন্দযুক্ত বাক্যক গীত বা সংগীত বোলা হয়।
-
হালখাতা
হালখাতা হৈছে বঙালী ব্যৱসায়ী, দোকানদাৰ আৰু ব্যৱসায়ীকসকলে পইলা বৈশাখ, অৰ্থাৎ প্ৰথম ব'হাগত উদ্যাপন কৰা এক পৰম্পৰাগত উৎসৱ। এই দিনা নতুন হিচাপ বহী আৰম্ভ কৰা হয়।
-
ৰবীন্দ্ৰ নৃত্যনাট্য
ৰবীন্দ্ৰ নৃত্যনাট্য (Rabindra Nritya Natya) হʼল বংগৰ নʼবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰদ্বাৰা ৰচিত চাৰিখন নৃত্য-নাটিকাৰ সমষ্টি। সেইবোৰ হʼল- চিত্ৰাঙ্গদা, চণ্ডালিকা, শ্যামা আৰু শ্ৰাবণ-গাথা। এই ৰচনাসমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল যে ইয়াত কাহিনীটো সম্পূৰ্ণৰূপে নৃত্য আৰু গীতৰ মাধ্যমেৰে কোৱা হয়।
-
ওলাদেৱী
ওলাদেৱী বা ওলাইচণ্ডী হৈছে কলেৰাৰ দেৱী, যাক বাংলা অঞ্চলৰ (বৰ্তমানৰ বাংলাদেশ আৰু পশ্চিমবংগ) লগতে মাৰৱাৰ, ৰাজস্থানৰ লোকসকলে পূজা কৰে। দেৱীগৰাকীক ওলাইচণ্ডী, ওলাবিবি আৰু বিবিমা নামেও জনা যায়। তেওঁ বিশেষকৈ বঙালী হিন্দুসকলৰদ্বাৰা পূজিত।
-
গণনাট্য
গণনাট্য বা গণনাট্য সংঘ (Gananatya or Gananatya Sangha) হ’ল ব্যাপক প্ৰভাৱ বিস্তাৰকাৰী এক নাট্যদল যিয়ে বংগৰ গ্ৰামীণ অঞ্চলত সামাজিক আৰু ৰাজনৈতিক নাটকক প্ৰসাৰ কৰাৰ উদ্দেশ্যৰে ১৯৩০ আৰু ১৯৪০-ৰ দশকত তৎকালীন ব্ৰিটিছ ভাৰতত গণনাট্য আন্দোলন আৰম্ভ কৰিছিল। গণনাট্য সংঘ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখা।
-
গৌড়ীয় নৃত্য
গৌড়ীয় নৃত্য (Gaudiya Nritya) হʼল এবিধ ভাৰতীয় বঙালী পৰম্পৰাগত শাস্ত্ৰীয় নৃত্যকলা। প্ৰাচীনকালতেই ভাৰতীয় উপমহাদেশত বঙ্গীয় অঞ্চলৰ মন্দিৰসমূহত এই নৃত্যবিধৰ উৎপত্তি হৈছিল। বংগৰ প্ৰাচীন কাব্যগ্ৰন্থসমূহত গৌড়ীয় নৃত্যৰ উল্লেখ পোৱা যায়।
-
ঘাটু গান
ঘাটু গান (ঘাটু গান) হ'ল বাংলাদেশৰ হাওড় অঞ্চলৰ বিলুপ্তপ্ৰায় একধৰণৰ বঙালী লোকগীত। এই গীতক ঘাটু গান বুলি কোৱাৰ কাৰণ, ঘাটত নাও চপাই এই গীত গোৱা হয়। আজিও ময়মনসিংহৰ বিভিন্ন অঞ্চল যেনে ঈশ্বৰগঞ্জ, নেত্ৰকোনাৰ কেন্দুৱা আৰু সুনামগঞ্জৰ কিছু অঞ্চলত মানুহৰ মুখে মুখে ঘাটু গান শুনিবলৈ পোৱা যায়।
-
ধামাইল
ধামাইল গীত আৰু ধামাইল নৃত্য হʼল বাংলাদেশৰ ময়মনসিংহ আৰু চিলেট অঞ্চল (বিশেষকৈ সুনামগঞ্জ)ত প্ৰচলিত একপ্ৰকাৰৰ কাহিনী সংবলিত মূলতঃ মহিলাসকলৰ আচাৰকেন্দ্ৰিক বঙালী লোকগীত আৰু লোকনৃত্য। ই এই অঞ্চলৰ লোকসাহিত্যৰ এক অবিচ্ছেদ্য অংশ।
-
বাংলা কিচ্ছা
বাংলা কিচ্ছা / বাংলা কেচ্ছা হৈছে বাংলা কবিতা আৰু গদ্যৰ এক ধাৰা তথা বাংলা ভাষাৰ মৌখিক কাহিনী কোৱাৰ এক পৰম্পৰা। থলুৱা বাংলা লোককথা আৰু আৰব তথা তুৰ্কী-পাৰ্চী প্ৰব্ৰজনকাৰীসকলৰ কাহিনীৰ সংমিশ্ৰণত বংগত এই ধাৰাটো বিকশিত হ’বলৈ আৰম্ভ কৰে।
-
শ্যামা সংগীত
শ্যামা সংগীত (Shyama Sangeet, শ্যামা সঙ্গীত) হিন্দু দেৱী শ্যামা বা কালীৰ প্ৰতি উৎসৰ্গিত বঙালী ভক্তিমূলক গীতৰ এটা ধাৰা। কালী হʼল পৰম সাৰ্বজনীন মাতৃদেৱী দুৰ্গা বা পাৰ্বতীৰ এটি ৰূপ। শ্যামা সংগীতক শাক্তগীতি বা দুৰ্গাস্তুতি নামেৰেও জনা যায়।