ফেৰ্দিনঁ মঁজেঁ দ্য ছ'ছ্যুৰ (Ferdinand de Saussure,; ২৬ নৱেম্বৰ ১৮৫৭ – ২২ ফেব্ৰুৱাৰী ১৯১৩) আছিল এজন চুইছ ভাষাবিদ, সংকেতবিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ ধাৰণাসমূহে বিংশ শতিকাৰ ভাষাবিজ্ঞান আৰু সংকেতবিজ্ঞান উভয়ৰে বহু উল্লেখযোগ্য বিকাশৰ ভেটি স্থাপন কৰিছিল।১২ তেওঁক বিংশ শতিকাৰ ভাষাবিজ্ঞানৰ অন্যতম প্ৰতিষ্ঠাপক৩৪৫৬ আৰু চেমিঅ'টিক্স বা ছ'ছ্যুৰে কোৱাৰ দৰে চেমিঅ'লজিৰ দুজন মুখ্য প্ৰতিষ্ঠাপকৰ এজন (চাৰ্ল্ছ ছেণ্ডাৰ্ছ পাৰ্ছৰ সৈতে) বুলি বহুলভাৱে গণ্য কৰা হয়।৭ তেওঁৰ অন্যতম অনুবাদক ৰয় হেৰিছে ভাষাবিজ্ঞান আৰু "মানৱ বিজ্ঞানৰ সমগ্ৰ পৰিসৰৰ প্ৰতি ছ'ছ্যুৰৰ অৱদানৰ সাৰাংশ ডাঙি ধৰিছিল। এই প্ৰভাৱ বিশেষভাৱে ভাষাবিজ্ঞান, দৰ্শন, মনোবিশ্লেষণ, মনোবিজ্ঞান, সমাজবিজ্ঞান আৰু নৃতত্ত্বত দেখা যায়।"৮ সময়ৰ লগে লগে প্ৰসাৰণ আৰু সমালোচনাৰ সন্মুখীন হ'লেও, ছ'ছ্যুৰে প্ৰৱৰ্তন কৰা সংগঠনৰ দিশসমূহে ভাষাৰ ধাৰণাটোৰ প্ৰতি আধুনিক দৃষ্টিভংগীক ধাৰাবাহিকভাৱে প্ৰভাৱিত কৰি আহিছে। ছ'ছ্যুৰৰ কাৰ্য্যৰ পৰ্যালোচনা কৰি লিয়'নাৰ্ড ব্লুমফীল্ডে উল্লেখ কৰা দৰে: "তেওঁ আমাক মানুহৰ মাত-কথাৰ বিজ্ঞানৰ বাবে তাত্ত্বিক ভেটি প্ৰদান কৰিছে"।৯
তথ্যসূত্ৰ
- ↑ Robins, R. H. 1979. A Short History of Linguistics, 2nd Edition. Longman Linguistics Library. London and New York. p. 201: Robins writes Saussure's statement of "the structural approach to language underlies virtually the whole of modern linguistics"
- ↑ Harris, R. and T. J. Taylor. 1989. Landmarks in Linguistic Thought: The Western Tradition from Socrates to Saussure. 2nd Edition. Chapter 16
- ↑ Justin Wintle, Makers of modern culture, Routledge, 2002, p. 467
- ↑ David Lodge, Nigel Wood, Modern Criticism and Theory: A Reader, Pearson Education, 2008, p. 42
- ↑ Thomas, Margaret. 2011. Fifty Key Thinkers on Language and Linguistics. Routledge: London and New York. p. 145 ff
- ↑ Chapman, S. and C. Routledge. 2005. Key Thinkers in Linguistics and the Philosophy of Language. Edinburgh University Press. p.241 ff
- ↑ Winfried Nöth, Handbook of Semiotics, Bloomington, Indiana University Press, 1990
- ↑ Harris, R. 1988. Language, Saussure and Wittgenstein. Routledge. pix
- ↑ Bloomfield L., Cours de Linguistique Générale by Ferdinand de Saussure, Charles Bally and Albert Sechehaye, The Modern Language Journal, Feb. 1924, Vol. 8, No. 5 pp. 317-19
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেৰ্দিনঁ দ্য ছ'ছ্যুৰ” প্ৰবন্ধৰ সংশোধন ৬২৯৭১৩ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।