ফেৰদৌচী মজুমদাৰ (ইংৰাজী ভাষা: Ferdousi Mazumder; বঙালী ভাষা: ফেৰদৌসী মজুমদাব়; জন্ম: ১৮ জুন ১৯৪৩) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ, টেলিভিছন আৰু মঞ্চ অভিনেত্ৰী। বাংলাদেশ চৰকাৰে তেওঁক একুশে পদক (১৯৯৮), স্বাধীনতা দিৱস বঁটা (২০২০) আৰু বাংলা একাডেমী সাহিত্য বঁটা (২০২০) প্ৰদান কৰিছে।১ ২০০৯ চনলৈকে তেওঁ মঞ্চত প্ৰায় ৩৫খন নাটকৰ ১২০০ৰো অধিক দৰ্শনী আগবঢ়াইছে, যাৰ বেছিভাগেই তেওঁৰ নিজৰ নাট্যদল থিয়েটাৰৰ বাবে আছিল। পৰিচালক আব্দুল্লাহ আল মামুনে তেওঁক "বিটিভি নাটকৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী" বুলি অভিহিত কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
ফেৰদৌচী মজুমদাৰ ইডেন মহাবিদ্যালয়ৰ ছাত্ৰী আছিল।৩ তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰপৰা বঙালী ভাষা আৰু আৰবী ভাষা উভয় বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
কেৰিয়াৰ
মজুমদাৰে তেওঁৰ ভাতৃ তথা নাট্যকাৰ আৰু ঔপন্যাসিক মুনীৰ চৌধুৰীৰ জৰিয়তে নাট্য জীৱন আৰম্ভ কৰিছিল।৩ তেওঁ পোনপ্ৰথমে শৌকত ওচমানৰ ৰচিত ডাক্টৰ আব্দুল্লাহৰ কাৰখানা নামৰ নাটকত অভিনয় কৰিছিল, যিখন তদানীন্তন ঢাকা বিশ্ববিদ্যালয়ৰ ইকবাল হলৰ এক নিৰ্মাণ আছিল। ১৯৬৪ চনত পাকিস্তান টেলিভিছন কৰ্পোৰেচনৰ (বৰ্তমানৰ বাংলাদেশ টেলিভিছন) পূব পাকিস্তান শাখাৰ প্ৰথম টেলিভিছন নাটক একতলা দোতলাত ফেৰদৌচীয়ে অভিনয় কৰিছিল।৩ বছৰ বছৰ ধৰি তেওঁ কোকিলাৰা (একক অভিনীত নাটক), একা (মূকাভিনয়), নীলিমা ইব্ৰাহিমৰ তামসী আদি নাটকত অভিনয় কৰিছে। তেওঁ মেহেৰজান আৰেকবাৰ, তাহাৰা তখোনো, চিঠি আৰু দুই বোনসহ পাঁচখন মঞ্চ নাটক পৰিচালনা কৰিছে।৩
বাংলাদেশৰ স্বাধীনতাৰ পিছত ১৯৭২ চনত 'ছাত্ৰ শিক্ষক নাট্য গোষ্ঠী'ৰ একাংশ সদস্যই মিলি থিয়েটাৰ নামৰ এটা নাট্যদল গঠন কৰে। মজুমদাৰ এই নাট্যদলটোৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।
ব্যক্তিগত জীৱন
ফেৰদৌচী মজুমদাৰে ১৯৭০ চনৰপৰা ৰমেন্দু মজুমদাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আছে।৪ তেওঁলোকৰ ত্ৰপা মজুমদাৰ (জন্ম: ১৯৭৩) নামৰ এগৰাকী কন্যা সন্তান আছে। তেওঁৰ পিতৃ খান বাহাদূৰ আব্দুল হালিম চৌধুৰী এজন জিলা দণ্ডাধীশ আছিল। তেওঁৰ এজন ভ্ৰাতৃ মুনীৰ চৌধুৰী এজন শিক্ষাবিদ আৰু লেখক আছিল। আন এজন ভ্ৰাতৃ কবীৰ চৌধুৰী এজন অধ্যাপক আৰু বুদ্ধিজীবী আছিল। তেওঁৰ আন দুজন ভাতৃ লেফটেনেণ্ট কৰ্ণেল আব্দুল কাইয়ুম চৌধুৰী আৰু মেহবুব চৌধুৰীয়ে পাকিস্তান সেনাবাহিনীত সেৱা আগবঢ়াইছিল।
তথ্যসূত্ৰ
- ↑ bn:একুশে পদকপ্ৰাপ্ত সুধীবৃন্দ. Government of Bangladesh
- ↑ (2009-08-07). She caused a flutter in young hearts. The Daily Star
- ↑ (19 June 2009). Holding Her Audience Captive. The Daily Star
- ↑ (2021-06-30). Personal Musings. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেৰদৌচী মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯০৮০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।