অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফেই ডিছ'জা

ফেই ডিছ'জা (Faye D'Souza) এগৰাকী ভাৰতীয় সাংবাদিক আৰু টেলিভিছনৰ বাতৰি পৰিৱেশক। তেওঁ দ্য টাইমছ গ্ৰুপৰ মালিকানাধীন মিৰ'ৰ নাও চেনেলত কাৰ্যবাহী সম্পাদিকা হিচাপে কাম কৰিছিল।

হালনাগাদ: ২৪ জুন ২০২৫ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ফেই ডিছ'জা (Faye D'Souza) এগৰাকী ভাৰতীয় সাংবাদিক আৰু টেলিভিছনৰ বাতৰি পৰিৱেশক। তেওঁ দ্য টাইমছ গ্ৰুপৰ মালিকানাধীন মিৰ'ৰ নাও চেনেলত কাৰ্যবাহী সম্পাদিকা হিচাপে কাম কৰিছিল।১ পৰৱৰ্তী সময়ত তেওঁ দ্য আৰ্বান ডিবেট অন মিৰ'ৰ নাও নামৰ অনুষ্ঠানটোৰ জৰিয়তে খ্যাতি লাভ কৰে; য'ত তেওঁ দুৰ্নীতি, সাম্প্ৰদায়িক হিংসা আৰু স্বতন্ত্ৰ প্ৰেছৰ বিষয়সমূহ উপস্থাপন কৰিছিল।২ ডিছ'জাই ইয়াৰ পূৰ্বে ইটি নাওৰ ইনভেষ্টাৰছ গাইডত বাতৰি উপস্থাপক আৰু সম্পাদকীয় নেতৃত্ব হিচাপে কাম কৰিছিল।৩ ২০১৮ চনত ফেই ডিছ'জাই ‘বছৰৰ সাংবাদিক’ৰ বাবে ৰেডইংক বঁটা লাভ কৰিছে।

প্ৰাৰম্ভিক জীৱন

ডিছ'জাৰ জন্ম হৈছিল কৰ্ণাটকৰ মাংগাল'ৰত।

বাংগালুৰুৰ মাউণ্ট কাৰ্মেল কলেজত তেওঁ সাংবাদিকতা অধ্যয়ন কৰিছিল৪ আৰু সাংবাদিকতা আৰু ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী আৰু গণসংযোগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ বেংগালুৰুৰ কমিটছৰ পৰা স্নাতকোত্তৰ অধ্যয়ন সম্পূৰ্ণ কৰে।৫ ৬

কেৰিয়াৰ

কেৰিয়াৰৰ আৰম্ভণি

ডিছ'জাই অল ইণ্ডিয়া ৰেডিঅ'তে সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। সেইসময়ত তেওঁ এগৰাকী ছাত্ৰী আছিল।২ইয়াৰ পিছত তেওঁ ২০০৩ চনত চিএনবিচি টিভি ১৮ত স্নাতকোত্তৰ সাংবাদিক হিচাপে কাম কৰে আৰু পিছলৈ মিউচুৱেল ফাণ্ড, বীমা আৰু ব্যক্তিগত বিত্তৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে।৪ইটি নাওত তেওঁ তিনিটা সাপ্তাহিক অনুষ্ঠান চলাইছিল – ইনভেষ্টৰচ্ গাইড, অল এবাউট ষ্টকছ আৰু দ্য প্ৰপাৰ্টি গাইড।৫

মিৰ’ৰ নাও আৰু দ্য আৰ্বান ডিবেট

টাইমছ নেটৱৰ্কে ২০১৭ চনৰ এপ্ৰিল মাহত ইংৰাজী নিউজ চেনেল মিৰ’ৰ নাও আৰম্ভ কৰিছিল। ডিছ'জাক এই চেনেলৰ জ্যেষ্ঠ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল। মিৰ'ৰ নাওত গুৰুত্বপূৰ্ণ অনুষ্ঠান দ্য আৰ্বান ডিবেট ডিছ'জাৰ পৰিৱেশন আৰু উপস্থাপনৰ জৰিয়তে আৰম্ভ কৰা হৈছিল। সাংবাদিকগৰাকীৰ মতে, "(it)shines an uncomfortable spotlight on apathy, inefficiency and corruption which is the root cause of most problems that we face as Indians today."৭ ২০১৮ চনত ফেই ডিছ'জাক ‘বছৰৰ সাংবাদিক’ৰ ৰেডইংক বঁটা প্ৰদান কৰা হয়। সাধাৰণ মানুহৰ জীৱন স্পৰ্শ কৰা বিষয়সমূহৰ সম্প্ৰচাৰৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। ২০১৭ চনত দুৰ্নীতি, ৰাজনৈতিক সুবিধাবাদ, মূল্যবৃদ্ধি আৰু সাম্প্ৰদায়িকতাৰ দৰে বিষয়সমূহৰ উপস্থাপন-শৈলীয়ে তেওঁক আৰু তেওঁৰ অনুষ্ঠান দ্য আৰ্বান ডিবেটক জনসাধাৰণৰ মাজত অত্যন্ত জনপ্ৰিয় কৰি তুলিছিল। ২০১৯ চনৰ ৯ ছেপ্টেম্বৰত মিৰ'ৰ নাওৰ পৰা তেওঁ পদত্যাগ কৰে। তেওঁৰ ঠাইত বিনয় তিৱাৰীক নিউজ চেনেলটোৰ নতুন পৰিচালন সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।৮তেওঁৰ পদত্যাগক বহতেই ৰাজনৈতিক হেঁচাৰ দ্বাৰা প্ৰভাৱান্বিত বুলিধাৰণা কৰিব খোজে।

নতুন উদ্যোগ

২০২০ চনৰ জানুৱাৰী মাহত ফেই ডিছ'জাই ফায়াৰৱৰ্ক নামৰ এটা অনলাইন ভিডিঅ' প্লেটফৰ্মৰ সৈতে মিলি চুটি ভিডিঅ' ক্লিপ প্ৰস্তুত আৰু মুকলি কৰে য'ত তেওঁ বৰ্তমানৰ খবৰবোৰ প্ৰকাশ কৰে।৯

ধৰ্ম

ডিছ'জা কেথলিক গীৰ্জাৰ সদস্য যদিও গৰ্ভপাত আৰু সমলিংগ বিবাহৰ প্ৰতি তেওঁ আগবঢ়োৱা সমৰ্থনৰ বাবে গীৰ্জাৰ লগত সম্পূৰ্ণ সংযোগ নাই।১০

গীৰ্জাৰ মতে, ৰাজহুৱা কেলেংকাৰীৰ বাবে ডিছ'জাই পবিত্ৰ ইউখাৰিষ্ট লাভ কৰিব নালাগে যেতিয়ালৈকে তেওঁ সেইবোৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ নকৰে।১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Expert profile – Faye D'Souza. Times Now
  2. ↑ Menon, Shruti. (20 June 2017). This TV news anchor is trying to rescue news from noise. newslaundry.com
  3. ↑ Faye D'Souza – The times of India blog. The Times of India
  4. ↑ Bhavya Dore. (3 October 2017). How an anchor is winning Indian TV news without yelling. Quartz
  5. ↑ Inspirational Women – Faye D'Souza. wearethecity.in
  6. ↑ DSouza, Faye. (2019-04-13). I was born in Chikmagalur, and I grew up in Bangalore. Mangalore is my native place. @fayedsouza
  7. ↑ Times network launches second general news channel. www.afaqs.com
  8. ↑ months, Afiya Qureshi 5. (2019-09-09). Faye D'Souza Resigns as Executive Editor From Mirror Now. Mashable India
  9. ↑ (2020-01-23). Faye D'Souza launches news channel on FireWork. INDIANtelevision
  10. ↑ Faye Dsouza. (10 September 2021). FayeDsouzaStatus
  11. ↑ {{cite www.vatican.va/archive/cod-iuris-canonici/eng/do March 2022}}

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাংবাদিকভাৰতীয় ইউটিউবাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেই ডিছ'জা” প্ৰবন্ধৰ সংশোধন ৫২০৩৮১ (২৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।