অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ফিফা বিশ্বকাপ শুভংকৰ

১৯৬৬ চনৰ পৰা আয়োজিত হোৱা প্ৰত্যেকখন বিশ্বকাপতে শুভংকৰ প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। ১৯৬৬ চনৰ বিশ্বকাপৰ ৱৰ্ল্ড কাপ ৱিল্লী (World Cup Willie) নামৰ শুভংকৰটো আছিল ফুটবল বিশ্বকাপৰ প্ৰথম শুভংকৰ, লগতে যিকোনো ডাঙৰ ক্ৰীড়া সমাৰোহৰো প্ৰথম শুভংকৰ।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

১৯৬৬ চনৰ পৰা আয়োজিত হোৱা প্ৰত্যেকখন বিশ্বকাপতে শুভংকৰ প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। ১৯৬৬ চনৰ বিশ্বকাপৰ ৱৰ্ল্ড কাপ ৱিল্লী (World Cup Willie) নামৰ শুভংকৰটো আছিল ফুটবল বিশ্বকাপৰ প্ৰথম শুভংকৰ, লগতে যিকোনো ডাঙৰ ক্ৰীড়া সমাৰোহৰো প্ৰথম শুভংকৰ। এই শুভংকৰটোত আয়োজক দেশৰ বেশভুষা, জৈৱবৈচিত্ৰ্য আদি প্ৰতিফলিত হৈছিল১।

শুভংকৰ সমূহ সাধাৰণতে কোনো জীৱ-জন্তু মানুহৰ দৰে ৰূপ দি সজা হয়, ইয়াক শিশু সকলৰ আকৰ্ষণ কৰিব পৰাকৈ সাজি উলিওৱা হয়। বিশ্বকাপৰ সময়ত বজাৰত ঊপলব্ধ বিভিন্ন সা-সামগ্ৰীত ইয়াক ব্যৱহাৰ কৰা দেখা যায়।

বিশ্বকাপশুভংকৰ(সমূহ)বৰ্ণনা
ইংলেণ্ড ১৯৬৬ৱৰ্ল্ড কাপ উইলী World Cup Willieবিশ্বকাপ বুলি লিখা যুক্তৰাজ্যৰ পতাকা অংকিত চোলা পৰিহিত যুক্তৰাজ্যৰ প্ৰতীক এটি সিংহ।
মেস্কিক’ ১৯৭০জুৱানিট’ Juanitoমেস্কিক’ৰ ফুটবল দলৰ পোচাক আৰু মেস্কিক’ ৭০ বুলি লিখা থকা চ’ম্ব্ৰেৰ’ নামৰ টুপী পৰিহিত পৰিহিত এটি ল’ৰা, ল’ৰাটিৰ নাম আছিল জুৱান।
পশ্চিম জাৰ্মানী ১৯৭৪টিপ আৰু টপTip and TapWM আৰু সংখ্যা ৭৪ লিখা থকা জাৰ্মানীৰ ফুটবল দলৰ পোচাক পৰিহিত দুটা ল’ৰা।
আৰ্জেণ্টিনা ১৯৭৮গুৱাচিট’Gauchitoআৰ্জেণ্টিনাৰ ফুটবল দলৰ পোচাক পৰিহিত এটা ল’ৰা, ল’ৰাটোৰ টুপীটোত আৰ্জেণ্টিনা’ ৭৮ বুলি লিখা আছে, ডিঙিত দক্ষিণ আমেৰিকাৰ গাওচ’সকলে ব্যৱহাৰ কৰা গলবন্ধা আৰু হাতত এডাল চাবুক।
স্পেইন ১৯৮২নাৰাঞ্জিত’Naranjitoস্পেইনৰ ফুটবল দলৰ পোচাক পৰিহিত এটি সুমথিৰা টেঙা, স্পেইনিজ ভাষাত নাৰাঞ্জা মানে কমলা, এই নাৰাঞ্জাৰ পৰা নাৰাঞ্জিত’ নাম আহিছে।
মেস্কিক’ ১৯৮৬পিকPiqueমেস্কিকান ব্যঞ্জনত ব্যৱহাৰ কৰা হালেপিন’ নামৰ জলকীয়াবিধ, প্ৰতীকটোত হালেপিন’ৰ একোচা মোচ আছে আৰি ই চ’মব্ৰেৰ’ নামৰ মেস্কিকান টুপীটো পিন্ধি আছে।
ইটালী ১৯৯০চিয়াওCiaoলাখুটিৰে সজ্জিত এটি চৰিত্ৰ, ইয়াৰ মূৰটো এটা ফুটবল আৰু দেহত ইটালীৰ পতাকা।
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৯৪ষ্ট্ৰাইকাৰStriker, the World Cup Pup"USA 94" বুলি লিখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকা অংকিত পোচাক পৰিহিত এটা কুকুৰ।
ফ্ৰান্স ১৯৯৮ফুটিক্সFootixফ্ৰান্সৰ জাতীয় প্ৰতীক, বুকুত "FRANCE 98" বুলি লিখা থকা এটা কুকুৰা, ফ্ৰান্সৰ জাতীয় দলৰ পোচাকৰ দৰে ইয়াৰ চোলাটোও নীলা, চোলাটোৰ নাম প’ৰ্টমানেট্যু।
দক্ষিণ কোৰিয়া-জাপান ২০০২এট’,কাঝ আৰু নিকAto, Kaz and Nik (The Spheriks)কম্পিউটাৰত নিৰ্মিত কমলা, পাৰ্পল আৰু নীলা ৰঙৰ তিনিটা চৰিত্ৰ। এওঁলোক তিনিও এটমবল নামৰ এটি কাল্পনিক দলৰ সদস্য, এট’ দলটিৰ প্ৰশিক্ষক আন্থাতেদি কাঝ আৰু নিক খেলুৱৈ।
জাৰ্মানী ২০০৬গ’লেঅ’ আৰু পিলে’Goleo and Pilleজাৰ্মানী দলৰ ৬৬ নং জাৰ্চী পৰিহিত এটি সিংহ আৰু ই খেলা পিলে’ নামৰ এটি বল গ’ল (goal)আৰু সিংহ (leo)শব্দৰ পৰা এই নাম আহিছ, আনহাতেদি জাৰ্মান কথিত ভাষাত পিলে’(pille) মানে ফুটবল।
দক্ষিণ আফ্ৰিকা ২০১০জাকুমিZakumiজাকুমি এটা আফ্ৰিকীয় সিংহ, South Africa 2010 বুলি লিখা থকা এটা সেউজীয়া চোলা পিন্ধিছে জাকুমিয়ে, জাকুমিৰ সেউজীয়া আৰু সোণালী ৰঙে দক্ষিণ আফ্ৰিকাৰ জাতীয় দলৰ ৰঙক প্ৰতিনিধিত্ব কৰিছে, জাকুমি নামৰ ZA আহিছে দক্ষিণ আফ্ৰিকাৰ ISO 3166-1 alpha-2 সূচকৰ পৰা, আনহাতেদি কুমি মানে বিভিন্ন দক্ষিণ আফ্ৰিকীয় ভাষাত ১০ (২০১০ৰ বিশ্বকাপ)।
ব্ৰাজিল ২০১৪আমিজুবি, ফুলেক’ আৰু জুজেক’Fuleco
ৰাছিয়া ২০১৮চূড়ান্ত হোৱা নাই

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kasprzak, Emma. (2012-06-15). BBC News - World Cup Willie's sporting mascot legacy. Bbc.co.uk

সম্পৰ্কিত শ্ৰেণী

ফিফা বিশ্বকাপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিফা বিশ্বকাপ শুভংকৰ” প্ৰবন্ধৰ সংশোধন ৬৪০১৮৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।