চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা ফিফা বিশ্বকাপৰ একবিংশতিতম স্ংস্কৰণ বিশ্বকাপ ফুটবল ২০১৮ ৰাছিয়াত অনুষ্ঠিত হয়। এই বিশ্বকাপ ১৪ জুনৰ পৰা ১৫ জুলাইলৈ চলিছিল।১পূব ইউৰোপত হোৱা এইখনেই প্ৰথম বিশ্বকাপ২ আৰু ইউৰোপত হোৱা একাদশতম বিশ্বকাপ। ১৪২ বিলিয়ন ডলাৰ খৰচ হোৱা এইখন এতিয়ালৈ হোৱা বিশ্বকাপসমূহৰ ভিতৰত আটাইতকৈ ব্যয়বহুল বিশ্বকাপৰূপে পৰিগণিত হৈছে। ভিডিঅ’ এছিছটেণ্ট ৰেফাৰী(Video Assistant Referee) ব্যৱহাৰ হোৱা এইখনেই প্ৰথম বিশ্বকাপ।৩৪
প্ৰ্তিযোগিতাখনত মুঠতে ৩২টা দলে ভাগ লৈছিল য’ত ৩১টা দলে যোগ্যতা নিৰূপণকাৰী খেলৰ যোগেদি আৰু ৰাছিয়াই আয়োজক দল হিচাপে ভাগ লোৱাৰ সুবিধা পায়। ৩২টা দলৰ ভিতৰত ২০টা দলেই ২০১৪ চনৰ ফিফা বিশ্বকাপত ভাগ লৈছিল, আনহাতে আইচলেণ্ড আৰু পানামাই প্ৰথমবাৰৰ বাবে বিশ্বকাপত ভূমুকি মাৰে। ১১খন চহৰৰ ১২খন ষ্টেডিয়ামত মুঠ ৬৪খন খেল অনুষ্ঠিত হৈছিল।৫
চূড়ান্ত খেলখন ফ্ৰান্স আৰু ক্ৰ’ৱেচিয়াৰ মাজত অনুষ্ঠিত হৈছিল য’ত ফ্ৰান্সে ৪-২ ব্যৱধানত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ জিকিবলৈ সক্ষম হয়।
দলসমূহ
ফিফাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফিফাৰ ২০৯খন সদস্যদেশে বিশ্বকাপত স্থান পাবলৈ আবেদন কৰে। চাৰিবাৰৰ চেম্পিয়ন ইটালী, তিনিবাৰৰ ৰাণাৰ্ছ আপ নেডাৰলেণ্ড, ২০১৭ৰ আফ্ৰিকা কাপ বিজয়ী কেমেৰুণ, দুবাৰকৈ কোপা আমেৰিকা আৰু ২০১৭ৰ কনফেডাৰেচন কাপ বিজয়ী চিলি, ২০১৬ৰ অ’এফচি নেচ’ন কাপ বিজয়ী নিউজিলেণ্ড আৰু ২০১৭ৰ CONCACAF Gold Cup বিজয়ী যুক্তৰাষ্ট্ৰই মূল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব নোপোৱাটো উল্লেখযোগ্য।৬
টোকা: কাষৰ সংখ্যাসমূহে প্ৰ্তিযোগিতাখনৰ আৰম্ভণিত ফিফা ৰেংকিং বুজাইছে (FIFA World Rankings)৭
AFC (5)
- (36)
- (37)
- (61)
- (67)
- (57)
CAF (5)
- (45)
- (41)
- (48)
- (27)
- (21)
CONCACAF (3)
- (23)
- (15)
- (55)
CONMEBOL (5)
- (5)
- (2)
- (16)
- (11)
- (14)
OFC (0)
- None qualified'UEFA (14)'
- (3)
- (20)
- (12)
- (7)
- (1)
- (22)
- (8)
- (4)
- (70) (host)
- (34)
- (10)
- (24)
- (6)

ষ্টেডিয়াম
বিশ্বকাপৰ কাৰণে মুঠতে ১২খন ষ্টেডিয়াম নিৰ্মাণ আৰু নবীকৰণ কৰা হৈছিল।৮
- কলিংগ্ৰেড ষ্টেডিয়াম
- কাজান এৰিণা
- লুঝনিকি ষ্টেডিয়াম দেশখনৰ সৰ্ববৃহৎ ষ্টেডিয়াম
- স্পাৰ্টাক ষ্টেডিয়াম
- নিঝানি ন’ভ’গ’ৰ’ড ষ্টেডিয়াম
- ৰস্তভ এৰিণা ষ্টেডিয়াম
- চেইণ্ট পিটাৰ্ছবাৰ্গ ষ্টেডিয়াম
- চামাৰা এৰিণা ষ্টেডিয়াম
- মৰ্ডভিয়া এৰিণা ষ্টেডিয়াম
- ভলভ’গ্ৰেড ষ্টেডিয়াম
- ফিষ্ট ষ্টেডিয়াম -এইখন ষ্টেডিয়ামত ২০১৪ চনৰ শীতকালীন অলিম্পিকৰ উদ্বোধনী আৰু সমাপ্তি অনুষ্ঠান হৈছিল।
- একাটেৰিণবাৰ্গ ষ্টেডিয়াম
ৰেফাৰী
২০১৮ চনৰ ১৬ মাৰ্চৰ দিনা ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভিডিঅ' এছিচটেণ্ট ৰেফাৰীৰ বাবে অনুমোদন জনোৱা হয়৯
২০১৮ৰ ২৯মাৰ্চত ফিফা কাউন্সিলে ছয়টা ফুটবল কনফেডাৰেশ্যনৰ পৰা ৩৬জন ৰেফাৰী আৰু ৬৩জন সহকাৰী ৰেফাৰীৰ তালিকা প্ৰস্তুত কৰে১০১১ আৰু ৩০ এপ্ৰিলৰ দিনা ১৩জন ভিডিঅ' এছিচটেণ্ট ৰেফাৰীৰ বিষয়ে ঘোষণা কৰে১২
উদ্বোধনী অনুষ্ঠান
১৪জুন বৃহস্পতিবাৰে ৩:৩০বজাত ৰাছিয়াৰ ৰাজধানী মস্কোৰ লুঝনিকি ষ্টেডিয়ামত১৩ ৰাছিয়া আৰু ছৌডি আৰবৰ মাজৰ টুৰ্নামেণ্টৰ উদ্বোধনী খেলখনৰ প্ৰায় আধা ঘণ্টা আগে১৪১৫ ফুটবল বিশ্বকাপ ২০১৮ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ইংলেণ্ডৰ বিখ্যাত পপ শিল্পী ৰবি উইলিয়ামছে ‘'লেট মি এণ্টাৰটেিন ইউ’' গান গাই গাই প্ৰৱেশ কৰে ৰবি উইলিয়ামছৰ লগত তাল মিলাই প্ৰ্ৱেশ কৰে ৰাছিয়াৰ স্ংগীত শিল্পী এইডা গাৰিফুলিনা দুয়ো একেলগে এঞ্জেল গানটো পৰিৱেশন কৰে অনুষ্ঠানত ৰোণাল্ড' উপস্থিত থাকে তেওঁ এডিডাছ টেলষ্টাৰ বলটো প্ৰদৰ্শন কৰে যিটো মাৰ্চ মাহত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ্লৈ নি জুন মাহত ঘূৰাই অনা হৈছিল১৬
গ্ৰুপ পৰ্য্যায়
প্ৰতিযোগী দলসমূহক মুঠ আঠটা গ্ৰুপত ভাগ কৰা হৈছিল আৰু প্ৰতিটো গ্ৰুপত চাৰিটাকৈ দল আছিল প্ৰতিটো গ্ৰুপৰ দলসমূহৰ মাজত খেল হোৱাৰ পিছত প্ৰটিতো গ্ৰুপৰ পৰা দুটাকৈ শ্ৰেষ্ঠ দল নক্আউট পৰ্য্যায়লৈ নিয়া হৈছিল
টাইব্ৰেকাৰ
কোনো এটা গ্ৰুপৰ দলসমূহৰ ৰেংকিং তলত দিয়াধৰণে বিচাৰ কৰা হৈছিল১৭
- গ্ৰুপৰ মেচসমূহত পোৱা মুঠ পইণ্ট
- গ্ৰুপৰ মেচসমূহত গ'লৰ পাৰ্থক্য
- গ্ৰুপৰ মেচসমূহত দিয়া মুঠ গ'ল
যদি দুটা দল সমান পৰ্য্যায়ত থাকে তেন্তে তলৰ উপায়সমূহ লোৱা হৈছিল
- দল দুটাৰ মাজত হোৱা গ্ৰুপৰ মেচত হোৱা পইণ্টৰ পাৰ্থক্য
- দল দুটাৰ মাজত হোৱা গ্ৰুপৰ মেচত হোৱা গ'লৰ পাৰ্থক্য
- দলদুটাই কৰা সৰ্বমুঠ গ'লৰ স্ংখ্যা
সুশৃঙ্খল ভাবে খেলাৰ বাবে পইণ্ট
- হালধীয়া কাৰ্ড: ১ পইণ্ট কটা হ'ব
- পৰোক্ষ ৰঙা কাৰ্ড: ৩ পইণ্ট কটা হ'ব
- ৰঙা কাৰ্ড: ৪ পইণ্ট কটা হ'ব
- হালধীয়া কাৰ্ড আৰু ৰঙা কাৰ্ড: ৫ পইণ্ট কটা হ'ব
পৰিস্ংখ্যা
পুৰস্কাৰ
| সোণালী বল | ৰূপালী বল | ব্ৰঞ্জৰ বল |
|---|---|---|
| Luka Modrić | Eden Hazard | Antoine Griezmann |
| সোণালী বুট | ৰূপালী বুট | ব্ৰঞ্জৰ বুট |
| Harry Kane (6 goals, 0 assists) | Antoine Griezmann (4 goals, 2 assists) | Romelu Lukaku (4 goals, 1 assist) |
| Golden Glove | ||
| Thibaut Courtois | ||
| শ্ৰেষ্ঠ যুৱ খেলুৱৈ | ||
| Kylian Mbappé | ||
| FIFA Fair Play Award |
পুৰস্কাৰৰ ধনৰাশি
পুৰস্কাৰৰ ধন ২০১৭ৰ অক্টোবৰতেই ঘোষণা কৰা হৈছিল.১৮
| স্থান | পৰিমাণ (মিলিয়ন আমেৰিকান ডলাৰ) | |
|---|---|---|
| প্ৰতিটো টিম | মুঠ | |
| চেম্পিয়ন | ৩৮ | ৩৮ |
| ৰাণাৰ্ছ আপ | ২৮ | ২৮ |
| তৃতীয় স্থান | ২৪ | ২৪ |
| চতুৰ্থ স্থান | ২২ | ২২ |
| ৫ম-৮ম স্থান (কোৱাৰ্টাৰ ফাইনেল) | ১৬ | ৬৪ |
| ৯ম-১৬তম স্থান (round of 16) | ১২ | ৯৬ |
| ১৭-৩২তম স্থান (গ্ৰুপ পৰ্য্যায়) | ৮ | ১২৮ |
| সৰ্বমুঠ | ৪০০ |
বিশেষত্ব
শুভংকৰ

২০১৬ চনৰ ২১ অক্টোবৰতেই এখন ডিজাইন প্ৰতিযোগিতাৰ দ্বাৰা বিভাগীয়ভাৱে শুভংকৰ বাছনি কৰা হৈছিল| এটা মেকুৰী, এটা বাঘ আৰু এটা কুকুৰনেছীয়া বাঘৰ মাজৰ পৰা জাবিভাকা(Zabivaka) নামৰ কুকুৰনেছীয়া বাঘটোক বাছনি কৰা হৈছিল। মুঠ ১ মিলিয়ন মতদাতাৰ মাজৰ পৰা ৫৩ শতাংশই জাবিভাকাক ভোট দিছিল। মানুহ আৰু কুকুৰনেছীয়া বাঘৰ স্ংকৰ হিচাপে বনোৱা শুভ্ংকৰটোৱে ৰাছিয়াৰ জাতীয় দলৰ পোছাক পিন্ধি আছিল।১৯
খেলৰ বল


২০১৮ ফিফা বিশ্বকাপৰ গ্ৰুপ পৰ্য্যায়ত খেলা বলটো আছিল টেলষ্টাৰ ১৮, যিটো বল ১৯৭০ চনৰ ফিফা বিশ্বকাপত এডিডাছে বনোৱা প্ৰ্থম বলটোৰ আৰ্হিত তৈয়াৰ কৰিছিল। বলটো ২০১৭ৰ ৯ নবেম্বৰত মুকলি কৰি দিয়া হৈছিল।২০
গ্ৰুপ পৰ্য্যায়ৰ পিছত নক্ আউট পৰ্য্যায়ত খেলিবলৈ টেলষ্টাৰ মেচটা নামৰ আন এটা বল ব্যৱহাৰ কৰা হৈছিল। মেচটা মানে ৰাছিয়ান ভাষাত সপোন। টেলষ্টাৰ ১৮ আৰু টেলষ্টাৰ মেচটাৰ মাজত থকা পাৰ্থক্য হ’ল মেচটাত থকা ৰঙা ৰঙৰ ডিজাইন।২১
খেলৰ গীত
Will Smith, Nicky Jam আৰু Era Istrefiয়ে কণ্ঠদান কৰা "Live It Up" শীৰ্ষক গীতটো প্ৰতিযোগিতাখনৰ গীত হিচাপে মান্যতা দিয়া হৈছিল। গীতটো ২০১৮ৰ ৮জুনত মুকলি কৰি দিয়া হৈছিল।২২
তথ্যসূত্ৰ
- ↑ (19 December 2014). Ethics: Executive Committee unanimously supports recommendation to publish report on 2018/2022 FIFA World Cup bidding process. FIFA
- ↑ Morrin, Siobhan. (13 June 2018). Your Ultimate Guide to Watching the 2018 World Cup. Time
- ↑ (11 July 2018). What is VAR, what are the rules, and how is it being used by FIFA for World Cup 2018 in Russia?. The Telegraph
- ↑ Campbell, Paul. (22 May 2018). Will VAR improve the World Cup?. The Guardian
- ↑ (29 September 2012). Russia united for 2018 FIFA World Cup Host Cities announcement. FIFA
- ↑ Reineking, Jim. (12 June 2018). FIFA World Cup 2018: Notable teams that failed to qualify. USA Today
- ↑ (7 June 2018). FIFA/Coca-Cola World Ranking. FIFA
- ↑ (30 May 2018). World Cup 2018 stadiums: A guide to the venues of this summer's tournament. The Telegraph
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ Tirkey, Joy (১৩ জুন ২০১৮)। "FIFA World Cup, Opening Ceremony: When And Where To Watch, Live Coverage On TV, Live Streaming Online। " NDTV Sports। সংগ্ৰহেৰ তাৰিখ ১৪ জুন ২০১৮।
- ↑ "World Cup 2018 Opening Ceremony: What time will it start and when will Robbie Williams feature?। " The Telegraph। ১৩ জুন ২০১৮। সংগ্ৰহেৰ তাৰিখ ১৪ জুন ২০১৮।
- ↑ "Robbie Williams show at World Cup opening ceremony is too short to ever be dull। " Guardian। ১৪ জুন ২০১৮। সংগ্ৰহেৰ তাৰিখ ১৪ জুন ২০১৮।
- ↑ "World Cup 2018: Ronaldo and Robbie Williams star in opening ceremony। " BBC। ১৪ জুন ২০১৮।
- ↑ "Regulations – 2018 FIFA World Cup Russia" (PDF)। FIFA। ১২ জুলাই ২০১৭ তাৰিখে মূল থেকে আৰ্কাইভ কৰা (PDF)।
- ↑ (27 October 2017). FIFA World Cup Prize Money. FIFA
- ↑ (21 October 2016). Russia 2018: World Cup mascot Zabivaka the wolf unveiled in Moscow. The Guardian
- ↑ (9 November 2017). 2018 FIFA World Cup official match ball unveiled: an exciting re-imagining. FIFA
- ↑ (26 June 2018). adidas Football Reveals Official Match Ball for the Knockout Stage of the 2018 FIFA World Cup Russia. FIFA
- ↑ (23 May 2018). 2018 FIFA World Cup Russia Official Song 'Live It Up' to be performed by all-star line-up. FIFA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১৮ ফিফা বিশ্বকাপ” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৯৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।