ফাৰ্ডিনেণ্ড মেগালান (পৰ্টুগীজ ভাষাত ১) এজন পৰ্টুগীজ অভিযাত্ৰী আছিল যিয়ে ১৫১৯-২২ চনৰ ভিতৰত স্পেনিচ ৰজাৰ অধীনত ইষ্ট ইণ্ডিজলৈ এক অভিযানৰ আয়োজন কৰিছিল, যি আছিল পৃথিৱীৰ সমগ্ৰ বৃত্তাকায় সামৰি লোৱা প্ৰথমটো সফল অভিযান।
১৪৮০ চনত ফাৰ্ডিনেণ্ড মেগালান এক সম্ভ্ৰান্ত পৰ্টুগীজ পৰিয়ালত জন্মগ্ৰহণ কৰে আৰু কালক্ৰমত নিজকে এক নিপুন নাৱিক তথা নৌ বিষয়া হিচাপে প্ৰতিষ্ঠিত কৰে। মালুকু দ্বীপপুঞ্জ (স্পাইচ দ্বীপপুঞ্জ)লৈ এক পশ্চীমমুৱা যাত্ৰাপথ সন্ধানৰ নিমিত্তে তদানীন্তন স্পেইনৰ ৰজা "চাৰ্লচ ১ম"ৰ দ্বাৰা তেওঁ নিৰ্বাচিত হয়। পাঁচখন জাহাজৰ নেতৃত্ব লৈ তেওঁ আটলাণ্টিক মহাসাগৰেদি পাটাগনিয়ালৈ বুলি "ষ্ট্ৰেইট অব মেগালান"হৈ দক্ষিণলৈ যাত্ৰা আৰম্ভ কৰি অন্য এক জলৰাশিত উপস্থিত হয়গৈ যাক তেওঁ শান্ত সাগৰ বুলিছিল (বৰ্তমানৰ প্ৰশান্ত মহাসাগৰ)। কেইবাটাও ধুমুহা আৰু বিদ্ৰোহ অতিক্ৰম কৰি সেই অভিযানকাৰি দলটো ১৫২১ চনত স্পাইচ দ্বীপপুঞ্জত আহি উপস্থিত হৈ ভাৰত মহাসাগৰ হৈ পুনৰ স্পেইনত গৈ উপস্থিত হয়গৈ। ইয়ে আছিল বিশ্বৰ সমগ্ৰ বৃত্ত সামৰি লোৱা প্ৰথমটো মানৱ অভিযান। দুৰ্ভাগ্যবশতঃ অভিযানকালত ১৫২১ চনত ফিলিপাইনচৰ মাক্টান যুদ্ধত মেগালানৰ মৃত্যু ঘটে, সেয়েহে তেওঁ অভিযানটোৰ পৰিসমাপ্তি দেখা নাপালে।
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰ্ডিনেণ্ড মেগালান” প্ৰবন্ধৰ সংশোধন ২৩৬০৭০ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।