পৰ্তুগালৰ ব্যক্তি
১০ প্ৰবন্ধ
-
ভাস্কো দা গামা
ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি আছিল। তেওঁৰ ভ্ৰমণে এছিয়া আৰু ইউৰোপক সংযোগ কৰাৰ লগতে আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰকো সংযোগ কৰিছিল। তেওঁ প্ৰথমটো ভাৰতমুখী ভ্ৰমণতে(১৪৯৭-১৪৯৯) এই কাম সম্পূৰ্ণ কৰিছিল।
-
ইউজেবিউ
ইউজেবিউ ডা ছিলভা ফিৰাইৰা, GCIH, GCM (; উচ্চাৰণভেদে ইউছেবিঅ', ২৫ জানুৱাৰী ১৯৪২ – ৫ জানুৱাৰী ২০১৪) এজন মোজাম্বিকত জন্মগ্ৰহণ কৰা পৰ্তুগীজ ষ্ট্ৰাইকাৰ। তেওঁক সৰ্বকালৰ মহান ফুটবলাৰসকলৰ এজন বুলি গণ্য কৰা হয়। পেছাদাৰী কেৰিয়াৰত তেওঁ মাত্ৰ ৭৪৫খন খেলত ৭৩৩টা গ'ল দিছিল।
-
এণ্টনিও গুটেৰেছ
এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ(;; জন্ম ৩০ এপ্ৰিল ১৯৪৯) এগৰাকী পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ। তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নৱম সচিব প্ৰধান। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৫ চনলৈ শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত আছিল। তেওঁ ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ পৰ্টুগালৰ প্ৰধানমন্ত্ৰী আছিল।
-
ফাৰ্ডিনেণ্ড মেগালান
ফাৰ্ডিনেণ্ড মেগালান (পৰ্টুগীজ ভাষাত ) এজন পৰ্টুগীজ অভিযাত্ৰী আছিল যিয়ে ১৫১৯-২২ চনৰ ভিতৰত স্পেনিচ ৰজাৰ অধীনত ইষ্ট ইণ্ডিজলৈ এক অভিযানৰ আয়োজন কৰিছিল, যি আছিল পৃথিৱীৰ সমগ্ৰ বৃত্তাকায় সামৰি লোৱা প্ৰথমটো সফল অভিযান।
-
এণ্টনিয়া ফেৰেইৰা
এণ্টনিয়া এডিলেইড ফেৰেইৰা, জন্ম: গ’ডিম, পেছ' দা ৰেগুয়া, ৪ জুন, ১৮১১ — মৃত্যু: গ’ডিম, পেছ' দা ৰেগুয়া, ২৬ মাৰ্চ, ১৮৯৬; যাক পৰ্তুগালত প্ৰায়ে "ফেৰেইৰিনহা" বুলি কোৱা হয়, এগৰাকী পৰ্তুগীজ ব্যৱসায়ী আছিল।
-
এৰিকা ফণ্টেছ
এৰিকা ফণ্টেছ (ইংৰাজী: Erica Fontes; জন্ম: ১৪ মে' ১৯৯১) লিবছবনৰ এগৰাকী পৰ্তুগীজ পৰ্ণগ্ৰাফিক অভিনেত্ৰী। ২০১৩ চনত ২১ বছৰ বয়সত এৰিকা ফণ্টেছে 'ফৰেইন ফিমেল পাৰ্ফৰ্মাৰ অৱ দ্য ইয়াৰ' শিতানত এক্সবিআইজেড বঁটা লাভ কৰা প্ৰথম আৰু একমাত্ৰ পৰ্তুগীজ মহিলা হিচাপে পৰিগণিত হয়।
-
ডেনিয়েলা ৰুৱা
ডেনিয়েলা ছফিয়া কৰ্ণ ৰুৱা ওলচেন (ইংৰাজী: Daniela Sofia Korn Ruah Olsen; জন্ম: ২ ডিচেম্বৰ ১৯৮৩) এগৰাকী আমেৰিকান-পৰ্তুগীজ অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ চিবিএছ পুলিচ প্ৰচিডিউৰেল ধাৰাবাহিক এনচিআইএছ: লছ এঞ্জেলছ-ত এনচিআইএছ স্পেচিয়েল এজেণ্ট কেন্সি ব্লাইৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সৰ্বাধিক পৰিচিত।
-
ব্ৰগাঞ্জাৰ কেথেৰিন
ব্ৰাগাঞ্জাৰ কেথেৰিন (পৰ্তুগীজ: Catarina de Bragança; ইংৰাজী: Catherine of Braganza; ২৫ নৱেম্বৰ ১৬৩৮ – ৩১ ডিচেম্বৰ ১৭০৫) ইংলেণ্ড, স্কটলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰাণী আছিল, যেতিয়া তেওঁ ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছৰ সৈতে বিবাহবন্ধনত আবদ্ধ হৈছিল।
-
মিকেলা লুপু
মিকেলা লুপু (ইংৰাজী: Mikaela Lupu; জন্ম: ১৬ ছেপ্টেম্বৰ ১৯৯৫) এগৰাকী মলডোভাত জন্মগ্ৰহণ কৰা পৰ্তুগীজ অভিনেত্ৰী। তেওঁ পৰ্তুগীজ টেলিভিছন জগতত নিজৰ অভিনয় দক্ষতাৰ বাবে জনপ্ৰিয়তা লাভ কৰিছে।
-
ৰাকেল গমেইৰো
ৰাকেল ৰক গমেইৰো অট্টোলিনি (১৮৮৯–১৯৭০) আছিল এগৰাকী বিশিষ্ট পৰ্তুগীজ চিত্ৰকৰ আৰু ওৱাটাৰ কালাৰ পেইণ্টাৰ। ১৯০৯ চনৰ পৰা লিছবনৰ ছ’চিয়েড নেচনেল ডি বেলাছ-আৰ্টেছত তেওঁৰ চিত্ৰসমূহ প্ৰদৰ্শন কৰি ১৯২৯ চনত এছ এন বি এৰ ওৱাটাৰ কালাৰৰ পদক লাভ কৰে।