অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফজলে হাসান আবেদ

ছাৰ ফজলে হাসান আবেদ (ফজলে হাসান আবেদ, ২৭ এপ্ৰিল ১৯৩৬ – ২০ ডিচেম্বৰ ২০১৯) হৈছে বিশ্বৰ অন্যতম বৃহৎ বেচৰকাৰী সংস্থা ব্ৰাকৰ প্ৰতিষ্ঠাপক।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ৬৩৩ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ছাৰ ফজলে হাসান আবেদ (ফজলে হাসান আবেদ, ২৭ এপ্ৰিল ১৯৩৬ – ২০ ডিচেম্বৰ ২০১৯) হৈছে বিশ্বৰ অন্যতম বৃহৎ বেচৰকাৰী সংস্থা ব্ৰাকৰ প্ৰতিষ্ঠাপক।

প্ৰাৰম্ভিক জীৱন

১৯৩৬ চনৰ ২৭ এপ্ৰিলত বাংলাদেশৰ চিলেটৰ বৰ্তমানৰ হাবিগঞ্জ জিলাত অৱস্থিত বানিয়াচং গাঁৱত আবেদৰ জন্ম হৈছিল। তেওঁ হাসান পৰিয়াল নামেৰে জনাজাত জমিদাৰৰ বঙালী মুছলমান পৰিয়ালৰ আছিল৷ তেওঁৰ পিতৃ-মাতৃ ছিদ্দিক হাসান আৰু চ্যেদা চুফিয়া খাতুনৰ মুঠতে আঠটা সন্তান আছিল। আবেদৰ মামা-ককা চৈয়দ মোৱাজেম উদ্দিন হোছেইনে ব্ৰিটিছ শাসনৰ শেষৰ বছৰবোৰত বংগৰ কৃষি আৰু শিক্ষাৰ মন্ত্ৰী হিচাপে ক্ৰমাগতভাৱে কাৰ্যনিৰ্বাহ কৰিছিল।১২৩

১৯৫৪ চনত বাংলাদেশৰ ঢাকা কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰাৰ পিছত আবেদে ১৮ বছৰ বয়সত ঘৰ এৰি ব্ৰিটেইনৰ গ্লাছগো বিশ্ববিদ্যালয়ত পঢ়ে৷ তেওঁ পৰম্পৰাৰ পৰা আঁতৰি আহি নতুনধৰণে কিবা এটা কৰাৰ প্ৰয়াস কৰে৷ তাত তেওঁ নৌসেনাৰ স্থাপত্য অধ্যয়ন কৰে। তেওঁ উপলব্ধি কৰিলে যে পূব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) জাহাজ নিৰ্মাণৰ কাম কম৷ গতিকে নৌসেনাৰ স্থাপত্যৰ কেৰিয়াৰটোৱে তেওঁক এই দিশত সহায় নকৰিব। সেই কথা মনত ৰাখিয়েই আবেদে লণ্ডনৰ চাৰ্টাৰ্ড ইনষ্টিটিউট অৱ মেনেজমেণ্ট একাউণ্টেণ্টছত যোগদান কৰে আৰু ১৯৬২ চনত পেছাদাৰী শিক্ষা সম্পূৰ্ণ কৰে।

আবেদে পূব পাকিস্তানলৈ উভতি আহি শ্বেল অইল কোম্পানীত যোগদান কৰে আৰু খুব সোনকালেই বিত্ত বিভাগৰ মুৰব্বীৰ পদ লাভ কৰে। শ্বেলত থকা সময়খিনিতে আবেদে বৃহৎ সংস্থাৰ ভিতৰভাগৰ কাম-কাজৰ বিষয়ে শিকিলে আৰু কৰ্পৰেট পৰিচালনাৰ বিষয়ে কিছু জ্ঞান লভিলে৷ শ্বেলত থকা সময়ছোৱাতে ১৯৭০ চনৰ বিধ্বংসী ঘূৰ্ণীবতাহে দেশৰ দক্ষিণ আৰু দক্ষিণ-পূব উপকূলীয় অঞ্চলত ক্ষতিসাধন কৰে৷ দুৰ্যোগত ৩ লাখ লোকৰ মৃত্যু হয়। এনে ধ্বংসলীলা প্ৰত্যক্ষ কৰি তেওঁ কয় যে: কৰ্পৰেট কাৰ্যবাহীৰ জীৱনৰ আৰাম আৰু সুবিধাসমূহৰ প্ৰতি তেওঁ আকৰ্ষণ কমি গৈছে। আবেদে বন্ধুসকলৰ সৈতে মিলি HELP নামৰ এটা সংস্থা গঠন কৰে, যিয়ে দুৰ্যোগত ক্ষতিসাধন হোৱা মানপুৰা দ্বীপৰ সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰে আৰু পুনৰ বসতিৰ ব্যৱস্থা কৰে৷

ব্ৰাকৰ গঠন

১৯৭১ চনৰ ডিচেম্বৰ মাহত যেতিয়া বাংলাদেশ মুক্তিযুদ্ধৰ অন্ত পৰে, তেতিয়া আবেদে লণ্ডনত থকা নিজৰ ফ্লেটটো বিক্ৰী কৰি নতুনকৈ স্বাধীন বাংলাদেশলৈ উভতি আহে। যুদ্ধৰ সময়ত ভাৰতত আশ্ৰয় বিচৰা শ-শ শৰণাৰ্থীয়ে ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰিছিল৷ তেওঁলোকৰ সাহায্যৰ বাবে জৰুৰী প্ৰচেষ্টাৰ প্ৰয়োজন হৈছিল। আবেদে নিজৰ ফ্লেট বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে গ্ৰাম্য দৰিদ্ৰসকলৰ জীৱন-যাপনৰ অৱস্থা উন্নত কৰাৰ চিন্তা কৰে৷ এই দীৰ্ঘম্যাদী কামটোৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ এটা সংস্থা স্থাপন কৰাৰ সিদ্ধান্ত লয়। তেওঁ নিজৰ কাম আৰম্ভ কৰিবলৈ উত্তৰ-পূব বাংলাদেশৰ দুৰ্গম অঞ্চল চুল্লা অঞ্চল নিৰ্বাচন কৰে আৰু এই কামৰ ফলত ১৯৭২ চনত ব্ৰাক নামেৰে জনাজাত বেচৰকাৰী সংস্থা গঠন হয়।৪

নিজৰ পৰিসৰ আৰু বঢ়াই ব্ৰাক বিশ্বৰ অন্যতম বৃহৎ উন্নয়ন সংস্থালৈ পৰিণত হয়। বৰ্তমান এই সংস্থাটোৱে বাংলাদেশৰ ৬৪খন জিলাতে শিক্ষা, স্বাস্থ্যসেৱা, ক্ষুদ্ৰ বিত্তীয়, দক্ষতা, মানৱ অধিকাৰ, কৃষি আৰু উদ্যোগ খণ্ডত কাম কৰি আছে। ২০০২ চনত ব্ৰাকে উন্নয়নৰ পৰিসৰ আফগানিস্তানলৈকে বঢ়ায়৷। ক্ৰমাৎ ব্ৰাকে সমগ্ৰ এছিয়া আৰু আফ্ৰিকাৰ মুঠ ১০খন দেশলৈ সম্প্ৰসাৰিত হয়।৫ ২০২০ চনত ব্ৰাকক জেনেভাৰ স্বাধীন সংবাদ-সেৱী প্ৰতিষ্ঠান 'NGO Advisor'-এ পৃথিৱীৰ অ-লাভজনক সংস্থাৰ তালিকাৰ শীৰ্ষত স্থান দিয়ে৷ উল্লেখ্য, এই স্থান তেওঁলোকে পঞ্চমবাৰৰ বাবে ক্ৰমাগতভাৱে লাভ কৰিছিল৷৬

বঁটা-বাহন

  • সম্প্ৰদায়ৰ নেতৃত্বৰ বাবে ৰমন মেগছেছে বঁটা, ১৯৮০৭
  • এলান শ্বাউন ফেইনষ্টাইন বিশ্ব ক্ষুধা বঁটা, ১৯৯০
  • ইউনিচেফৰ মৰিছ পেট বঁটা, ১৯৯২
  • অলফ পালমে বঁটা, ২০০১
  • শ্বৱাব ফাউণ্ডেশ্যনৰ দ্বাৰা সামাজিক উদ্যোগীকৰণ বঁটা, ২০০২
  • গ্লেইটছমেন ফাউণ্ডেশ্যনৰ আন্তৰ্জাতিক কৰ্মী বঁটা, ২০০৪
  • ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী(UNDP)ৰ মাহবুব উল হক বঁটা, ২০০৪
  • অলাভজনক নেতৃত্বৰ হেনৰী আৰ ক্ৰাভিছ বঁটা, ২০০৭
  • উদ্বোধনী ক্লিণ্টন গ্ল'বেল চিটিজেন বঁটা, ২০০৭৮
  • পল্লী কৰ্ম শ্বাহায়ক ফাউণ্ডেশ্যন (পিকেএছএফ) সামাজিক উন্নয়ন আৰু দৰিদ্ৰতা নিৰাময়ৰ জীৱনজোৰা কৃতিত্ব, ২০০৭
  • ডেভিড ৰকফেলাৰ ব্ৰীজিং লিডাৰশ্বিপ বঁটা, ২০০৭
  • নাইট কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ ছেইণ্ট মাইকেল এণ্ড ছেইণ্ট জৰ্জ (কেচিএমজি), ২০১০
  • শিক্ষাৰ বাবে WISE বঁটা, ২০১১
  • মুক্ত সমাজ বঁটা, ২০১৩
  • লিঅ' টলষ্টয় আন্তৰ্জাতিক সোণৰ পদক, ৰাছিয়ান চিলড্ৰেন ফাউণ্ডেচন (RDF)ৰ পৰা, ২০১৪ ৯
  • বিশ্ব খাদ্য বঁটা, ২০১৫১০
  • টমাছ ফ্ৰান্সিছ, জুনিয়ৰ গ্ল'বেল পাব্লিক হেল্থৰ পদক, ২০১৬6১১
  • জোচে এডগাৰ্ডো কেম্পছ সহযোগী নেতৃত্ব বঁটা, ২০১৬ (দক্ষিণ এছিয়ান অঞ্চল), ২০১৭১২
  • লাউডাটো ছি' বঁটা (প্ৰতিষ্ঠান শিতান), ২০১৭১৩
  • লেগো বঁটা, ২০১৮১৪
  • য়িডান বঁটা, ২০১৯১৫

মৃত্যু

শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু শাৰীৰিক দুৰ্বলতাৰ বাবে ২০১৯ চনৰ নৱেম্বৰৰ শেষৰ ফালে ফজলে হাসান আবেদক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ২০১৯ চনৰ ২০ ডিচেম্বৰ শুকুৰবাৰে ৰাজধানীৰ এপ'ল' হাস্পতালত (বৰ্তমান এভাৰকেয়াৰ হাস্পতাল, ঢাকা) আবেদৰ মৃত্যু হয়।তেওঁৰ মগজুৰ টিউমাৰৰ চিকিৎসা চলি আছিল।১৬মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। মৃত্যুৰ সময়ত তেওঁ এগৰাকী পত্নী, এগৰাকী কন্যা, এজন পুত্ৰ আৰু তিনিগৰাকী নাতি-নাতিনীক এৰি থৈ যায়।১৭১

তথ্যসূত্ৰ

  1. ↑ McVeigh, Karen. (2020-01-07). Sir Fazle Hasan Abed obituary. The Guardian
  2. ↑ (2019-12-21). Sir Fazle Hasan Abed: A biographical sketch. Prothom Alo
  3. ↑ Smillie, Ian. (2009). Freedom from Want: The Remarkable Success Story of BRAC, the Global Grassroots Organization That's Winning the Fight Against Poverty. Kumarian Press. পৃ. 13. ISBN 978-1-56549-294-3
  4. ↑ Fazle Hasan Abed . pbs.org
  5. ↑ BRAC AT A GLANCE. BRAC
  6. ↑ (05 March 2020). BRAC ranked #1 NGO in the world for the fifth consecutive year. BRAC
  7. ↑ Abed, Fazle Hasan. rmaward.asia
  8. ↑ Press Release: President Clinton Honors Four Extraordinary Individuals at Inaugural Clinton Global Citizen Awards
  9. ↑ (2 June 2014). Sir Fazle Hasan Abed honoured with Leo Tolstoy International Gold Medal. BRAC
  10. ↑ (2 July 2015). Brac's Sir Fazle Hasan Abed wins 2015 World Food prize for reducing poverty. The Guardian
  11. ↑ President to award global health medal April 6 to BRAC founder
  12. ↑ Jose Edgardo Campos Collaborative Leadership Award 2016 (South Asian Region)
  13. ↑ Laudato Si' Award (Institution Category)
  14. ↑ LEGO Prize
  15. ↑ (2019-09-20). Sir Fazle awarded Yidan Prize. The Daily Star
  16. ↑ (2019-12-20). A Light Has Gone Out. The Daily Star
  17. ↑ Brac founder Sir Fazle Hasan Abed passes away. Dhaka Tribune

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফজলে হাসান আবেদ” প্ৰবন্ধৰ সংশোধন ৬৩৩৫৭২ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।