অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

পৰিশেষিকা (শৰীৰস্থান)

পৰিশেষিকা বা এপেণ্ডিক্স (উপাংগ; উপান্ত্ৰ; অন্ত্ৰপুচ্ছ; ভাৰমিফৰ্ম এপেণ্ডিক্স বা কৃমিৰূপ পৰিশেষিকা আদি) হৈছে অন্ধনল বা caecumৰ সৈতে সংযুক্ত আঙুলিৰ দৰে অন্ধ-সমাপ্ত নলী, য'ৰ পৰা ই ভ্ৰূণ স্তৰত বিকশিত হয়। অন্ধনল ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ সংযোগস্থলত অৱস্থিত বৃহদান্ত্ৰৰ এটা মোনাৰ দৰে গঠন।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭৫২ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পৰিশেষিকা বা এপেণ্ডিক্স (উপাংগ; উপান্ত্ৰ; অন্ত্ৰপুচ্ছ; ভাৰমিফৰ্ম এপেণ্ডিক্স বা কৃমিৰূপ পৰিশেষিকা আদি) হৈছে অন্ধনল বা caecumৰ সৈতে সংযুক্ত আঙুলিৰ দৰে অন্ধ-সমাপ্ত নলী, য'ৰ পৰা ই ভ্ৰূণ স্তৰত বিকশিত হয়। অন্ধনল ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ সংযোগস্থলত অৱস্থিত বৃহদান্ত্ৰৰ এটা মোনাৰ দৰে গঠন। "vermiform" শব্দটো লেটিন ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হ'ল "কৃমি আকৃতিৰ"। এসময়ত পৰিশেষিকাক এটা অৱশিষ্ট অংগ বুলি গণ্য কৰা হৈছিল, কিন্তু ২০০০ চনৰ আৰম্ভণিৰ পৰা এই মত সলনি হৈছে।১২ গৱেষণাৰ পৰা দেখা গৈছে যে এপেণ্ডিক্সে উপকাৰী আন্ত্ৰিক বেক্টেৰিয়াৰ ভঁৰাল হিচাপে এটা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে।

গঠন

Abdominal ultrasound showing a normal appendix between the External iliac artery and the abdominal wall
Abdominal ultrasound showing a normal appendix between the External iliac artery and the abdominal wallছবি: Mikael Häggström · CC0

মানুহৰ পৰিশেষিকাৰ গড় দৈৰ্ঘ্য 9 চে.মি., 5 toলৈ হ'ব পাৰে। ইয়াৰ ব্যাস 6 মি.মি., আৰু 6 মি.মি. তকৈ অধিক হ'লে ডাঠ বা প্ৰদাহযুক্ত এপেণ্ডিক্স বুলি গণ্য কৰা হয়। এতিয়ালৈকে আঁতৰোৱা আটাইতকৈ দীঘল এপেণ্ডিক্সটো আছিল 26 চে.মি. দীঘল।৩ এপেণ্ডিক্স সাধাৰণতে পেটৰ তলৰ সোঁ অংশত, সোঁ শ্ৰোণী হাড়ৰ ওচৰত থাকে ৷ এপেণ্ডিক্সৰ গুৰিটো বৃহদান্ত্ৰৰ পৰা ক্ষুদান্ত্ৰক পৃথক কৰা ইলিয়'চিকেল কপাটৰ 2 চে.মি. তলত অৱস্থিত। পেটৰ ভিতৰত ইয়াৰ অৱস্থান পৃষ্ঠৰ এটা বিন্দুৰ সৈতে মিল খায় যাক মেকবাৰ্ণীৰ বিন্দু বুলি জনা যায়।

এপেণ্ডিক্স ইলিয়ামৰ তলৰ অঞ্চলৰ মিচেণ্টেৰীৰ সৈতে মিছ'কলনৰ এটা চুটি অঞ্চলৰ দ্বাৰা সংযুক্ত হৈ থাকে, যাক মিছ'এপেণ্ডিক্স বুলি জনা যায়।৪

তাৰতম্য

মিৰ’ৰ ইমেজ টুইন বুলি কোৱা কিছুমান একে ধৰণৰ যমজ সন্তানৰ দাপোণৰ প্ৰতিবিম্বৰ দৰেই শৰীৰৰ ভিতৰৰ গঠন হ’ব পাৰে (ছাইটাছ ইন্‌ভাৰ্টাছ)। এই জন্মগত অৱস্থাত এপেণ্ডিক্স পেটৰ তলৰ সোঁফালৰ পৰিৱৰ্তে তলৰ বাওঁ অংশত অৱস্থিত হয়।৫৬ বিকাশৰ সময়ত অন্ত্ৰৰ বেয়া ঘূৰ্ণনৰ (Intestinal malrotation) ফলত এপেণ্ডিক্স বাওঁফালে স্থানান্তৰিত হ’ব পাৰে।

এপেণ্ডিক্সৰ গুৰিটো ইলিয়'চিকেল কপাটৰ সাধাৰণতে ২ centimetre (0.79 in) তলত থাকে যদিও ইয়াৰ মূৰটো শ্ৰোণীত, পেৰিটনিয়ামৰ বাহিৰত বা অন্ধনলৰ পিছফালে অৱস্থিত হ'ব পাৰে।৭

অতি বিৰল ক্ষেত্ৰত এপেণ্ডিক্স একেবাৰেই নাথাকিবও পাৰে (সন্দেহযুক্ত এপেণ্ডিচাইটিছৰ বাবে কৰা লেপাৰ’টমীত এনে ঘটনা ১০০০০০ৰ ভিতৰত ১ টা পোৱা গৈছে)।৮

কেতিয়াবা এপেণ্ডিক্সৰ মুকলি ঠাইত শ্লেষ্মা আৱৰণৰ অৰ্ধবৃত্তাকাৰ ভাঁজ থাকে। এই কপাটটোক গেৰলাকৰ কপাট বুলিও কোৱা হয়।৪

কাৰ্য্যসমূহ

আন্ত্ৰিক বেক্টেৰিয়াৰ প্ৰতিপালন

মানুহৰ এপেণ্ডিক্সৰ এটা সম্ভাৱ্য কাৰ্য্য হ'ল ডায়েৰিয়াৰ পৰা আৰোগ্য লাভৰ ক্ষেত্ৰত উপকাৰী বেক্টেৰিয়াৰ বাবে "নিৰাপদ আশ্ৰয়" দিয়া।
মানুহৰ এপেণ্ডিক্সৰ এটা সম্ভাৱ্য কাৰ্য্য হ'ল ডায়েৰিয়াৰ পৰা আৰোগ্য লাভৰ ক্ষেত্ৰত উপকাৰী বেক্টেৰিয়াৰ বাবে "নিৰাপদ আশ্ৰয়" দিয়া।ছবি: WebHamster (talk) (Uploads) · CC BY-SA 3.0

যদিও দীৰ্ঘদিন ধৰি এই কথা মানি লোৱা হৈছে যে এপেণ্ডিক্স আৰু আন্ত্ৰিক অংশৰ অন্যান্য ঠাইত থকা প্ৰতিৰোধ ক্ষমতাৰ কলাবোৰে (আন্ত্ৰিক-সংলগ্ন লিম্ফ’ইড কলা) কেতবোৰ গুৰুত্বপূৰ্ণ কাম কৰে, এপেণ্ডিক্সৰ স্বকীয় আকৃতিৰ কোনো ব্যাখ্যা নাছিল আৰু শল্য চিকিৎসাৰে আঁতৰোৱাৰ পাছত কোনো পাৰ্শ্বক্ৰিয়া নেদেখাৰ বাবে ইয়াৰ গুৰুত্ব আৰু কাৰ্য্যৰ কোনো তথ্য নাছিল।৯ সেয়েহে এপেণ্ডিক্স কেৱল এটা অৱশিষ্ট অংগ বুলি ধাৰণাটো বহুলভাৱে প্ৰচলিত হৈ পৰিল।

ডিউক বিশ্ববিদ্যালয়ৰ ৱিলিয়াম পাৰ্কাৰ, ৰেণ্ডী ব'লিঞ্জাৰ আৰু সহকৰ্মীসকলে ২০০৭ চনত এই তত্ব আগবঢ়ায় যে দিয়ে যে যেতিয়া ৰোগত উপকাৰী বেক্টেৰিয়াবোৰ অন্ত্ৰৰ অন্য ঠাইৰ পৰা আঁতৰি যায় তেতিয়া পৰিশেষিকাই এইবোৰক নিৰাপদ আশ্ৰয় দিয়ে।১০১১ এই তত্ত্বৰ ভিত্তি ২০০০ চনৰ আৰম্ভণিতে ওলোৱা এক মতবাদ য'ত কোৱা হৈছিল যে প্ৰতিৰক্ষা তন্ত্ৰই উপকাৰী আন্ত্ৰিক বেক্টেৰিয়াৰ বৃদ্ধিত সমৰ্থন আগবঢ়ায়।১২১৩ এপেণ্ডিক্সৰ গঠন, একদিশে যোৱা আহাৰৰ ঠিক তলতে থকা অৱস্থান আৰু প্ৰচুৰ পৰিমাণৰ প্ৰতিৰক্ষা কলাৰ লগত ইয়াৰ সম্বন্ধকো চালিজাৰি চোৱা হৈছে। ৱিন্‌থ্ৰ'প বিশ্ববিদ্যালয়-চিকিৎসালয়ত কৰা গৱেষণাত প্ৰকাশ পায় যে এপেণ্ডিক্স নথকা ব্যক্তিৰ ক্ষেত্ৰত ক্ল'ষ্ট্ৰিডিয়াম ডেফিচিল বেক্টেৰিয়াই কৰা পেটৰ বিষৰ আশংকা চাৰিগুণ অধিক।১৪ গতিকে এপেণ্ডিক্সে উপকাৰী বেক্টেৰিয়াবোৰক "নিৰাপদ আশ্ৰয়" দিব পাৰে।১০ বেক্টেৰিয়াৰ এই ভঁৰালে গ্ৰহণী বা কলেৰা হোৱাৰ পাছত পুনৰ আন্ত্ৰিক বেক্টেৰিয়াৰ উৎপাদন কৰিব পাৰে বা অলপীয়া পাচন ৰোগৰ পাছত সেইবোৰৰ সংখ্যা বঢ়াব পাৰে।১১

প্ৰতিৰক্ষা আৰু লসিকা তন্ত্ৰ

এপেণ্ডিক্সক স্তন্যপায়ী প্ৰাণীৰ স্লেষ্মা প্ৰতিৰক্ষা কাৰ্য্যৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে চিহ্নিত কৰা হৈছে। ই পাচন তন্ত্ৰত পেলনীয়া পদাৰ্থৰ সঠিক চলন আৰু অপসাৰণত সহায় কৰে, ইয়াত বীজাণুক নিয়ন্ত্ৰণ কৰিব পৰা লসিকা নলী থাকে, আৰু খুব সম্ভৱ মাৰাত্মক ৰোগত আগতীয়াকৈ বাধা দিবও পাৰে। লগতে এয়া ভবা হৈছে যে এপেণ্ডিক্সে শৰীৰক আক্ৰমণ কৰা বীজাণুৰ বিৰুদ্ধে অধিক প্ৰতিৰক্ষা সাজু কৰিব পাৰে আৰু বীজাণুক ফলপ্ৰসূভাৱে বাধা দিব পৰাকৈ লসিকা তন্ত্ৰৰ বি-কোষ বা টি-কোষবোৰক প্ৰশিক্ষণ দিয়ে।১৫ ইয়াৰ উপৰিও জন্মগত লিম্ফ’ইড কোষ নামৰ বিভিন্ন প্ৰতিৰোধ কোষ আছে যিয়ে আন্ত্ৰিক অংশত কাম কৰি এপেণ্ডিক্সক পাচন স্বাস্থ্য বজাই ৰখাত সহায় কৰে।১৬ গৱেষণাই এপেণ্ডিক্সৰ অস্তিত্ব আৰু অন্ধনলৰ লসিকা কলাৰ মাজত ইতিবাচক সম্পৰ্ক দেখুৱাইছে যিয়ে এপেণ্ডিক্স অন্ধনলৰ লগত একেলগে বিকাশ হোৱাৰ লগতে ইয়াৰ প্ৰতিৰোধী উপকাৰিতা থকা মতবাদক সমৰ্থন জনায়।১৭

নিদানিক গুৰুত্ব

An appendiceal carcinoid tumor
An appendiceal carcinoid tumorছবি: James Heilman, MD · CC BY-SA 3.0

মনুহৰ দেহত এপেণ্ডিক্সৰ সাধাৰণ ৰোগবোৰ হ'ল এপেণ্ডিচাইটিছ আৰু কাৰ্চিনইড টিউমাৰ (এপেণ্ডিচিকেল টিউমাৰ)।১৮ এপেণ্ডিক্সৰ কৰ্কট পাচন তন্ত্ৰৰ সকলো কৰ্কট ৰোগৰ প্ৰায় ২০০ৰ ভিতৰত এটা। বিৰল ক্ষেত্ৰত এডিন'মাও দেখা যায়। ১৯

এপেণ্ডিচাইটিছ

মূল প্ৰবন্ধ: এপেণ্ডিচাইটিছ

এপেণ্ডিচাইটিছ হৈছে এপেণ্ডিক্সৰ প্ৰদাহ। বিষ প্ৰায়ে পেটৰ মাজৰ পৰা আৰম্ভ হয়, যি ভ্ৰূণৰ মধ্যঅন্ত্ৰৰ অংশ হিচাপে এপেণ্ডিক্সৰ বিকাশৰ সৈতে মিল খায়। এই বিষ সাধাৰণতে ভোদা প্ৰকাৰৰ, আবদ্ধ নোহোৱা, অন্তৰ্নিহিত (visceral) বিষ।২০

প্ৰদাহ বৃদ্ধি হোৱাৰ লগে লগে বিষটো সোঁফালৰ তলৰ অংশত অধিক স্পষ্টভাৱে হ’বলৈ আৰম্ভ কৰে, কাৰণ পেৰিটনিয়ামৰ প্ৰদাহ আৰম্ভ হয়। এই পেৰিটনিয়াল প্ৰদাহ বা পেৰিট'নাইটিছৰ ফলত প্ৰক্ষিপ্ত বিষ (চাপ প্ৰয়োগ কৰাৰ সময়ৰ পৰিৱৰ্তে চাপ আঁতৰোৱাৰ পিছত বিষ) হয়। বিশেষকৈ অগ্ৰ-উচ্চতৰ ইলিয়াক স্পাইনৰ পৰা নাভিলৈ অংকন কৰা ৰেখাডালৰ এক তৃতীয়াংশৰ মেক্‌বাৰ্ণীৰ বিন্দুত এই বিষ পোৱা যায়। সাধাৰণতে পেৰাইটেল পেৰিটনিয়াম প্ৰদাহ নোহোৱালৈকে ছালৰ বিষ নাথাকে। জ্বৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সঁহাৰিও এপেণ্ডিচাইটিছৰ বৈশিষ্ট্য।২০ বমিৰ ভাৱ আৰু বমি, অলপীয়া জ্বৰ যি বাঢ়িব পাৰে, কোষ্ঠকাঠিন্য বা ডায়েৰিয়া, পেট ফুলা আদি আন চিহ্ন আৰু লক্ষণ।২১

এপেণ্ডিচাইটিছ হ'লে সাধাৰণতে লেপাৰ'ট'মী বা লেপাৰ'স্ক'পীৰে কৰা এপেণ্ডিচেক্টমীৰে প্ৰদাহ হোৱা এপেণ্ডিক্সটো আঁতৰাই দিয়া হয়। চিকিৎসা নকৰিলে এপেণ্ডিক্স ফাটি যাব পাৰে, যাৰ ফলত পেৰিট'নাইটিছ হ'ব পাৰে, তাৰ পিছত শ্বক হ'ব পাৰে, আৰু যদি এতিয়াও চিকিৎসা কৰা নহয় তেন্তে মৃত্যু হ'ব পাৰে।২০

অস্ত্ৰোপচাৰ

মূল প্ৰবন্ধ: এপেণ্ডিচেক্টমী

অস্ত্ৰোপচাৰৰ দ্বাৰা এপেণ্ডিক্স আঁতৰোৱাটোক এপেণ্ডিচেক্টমী বুলি কোৱা হয় ৷ ৰোগীজন তীব্ৰ এপেণ্ডিচাইটিছত আক্ৰান্ত হ'লে এই অস্ত্ৰোপচাৰ সাধাৰণতে জৰুৰীকালীনভাৱে কৰা হয়। অস্ত্ৰোপচাৰৰ সুবিধাৰ নাথাকিলে চেপ্‌চিছ আৰম্ভ হোৱাত বিলম্ব কৰাবলৈ বা এৰাই চলিবলৈ সিৰাত প্ৰতিজৈৱিক ব্যৱহাৰ কৰা হয়। কিছুমান ক্ষেত্ৰত এপেণ্ডিচাইটিছ সম্পূৰ্ণৰূপে ভাল হৈ যায়; বেছিভাগ সময়তে এপেণ্ডিক্সৰ চাৰিওফালে এটা প্ৰদাহজনিত পিণ্ড গঠন হয়। এনে ক্ষেত্ৰত প্ৰায়েই অস্ত্ৰোপচাৰ কৰা নহয়।

নিউৰ'জেনিক ব্লাডাৰ নামৰ ৰোগ থকা লোকৰ ক্ষেত্ৰত মিট্ৰ'ফেনফ পদ্ধতি নামেৰে অপাৰেচনত এপেণ্ডিক্স ব্যৱহাৰ কৰি এটা মুত্ৰপথ তৈয়াৰ কৰা হয়।২২

পক্ষাঘাতজড়িত অন্ত্ৰ বা মলদ্বাৰৰ বৃহৎ অৱৰোধিনী (sphincter)ৰ সমস্যা থকা শিশুৰ ক্ষেত্ৰত ক'ল'নত প্ৰৱেশৰ উপায় হিচাপেও এপেণ্ডিক্সক ব্যৱহাৰ কৰা হয়। এপেণ্ডিক্সৰ ছালৰ বাহিৰলৈ উলিয়াই অনা হয় যাতে শিশু বা অভিভাৱকে ইয়াত সহজে এডাল কেথেটাৰ লগাই উপযুক্ত দ্ৰৱ ব্যৱহাৰ কৰি (সাধাৰণ মলত্যাগৰ জৰিয়তে) ক'ল'ন ধুই পেলাব পাৰে।২৩

অতিৰিক্ত পঠন

তথ্যসূত্ৰ

  1. ↑ (October 2016). The immunology of the vermiform appendix: a review of the literature. Clinical and Experimental Immunology. পৃ. 1–9
  2. ↑ Smith, H. F.; Fisher, R. E.; Everett, M. L. (2009). Comparative anatomy and phylogenetic distribution of the mammalian cecal appendix. Journal of Evolutionary Biology. পৃ. 1984–1999
  3. ↑ (26 August 2006). Largest appendix removed. গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ
  4. ↑ Golalipour, M.J.; Arya, B.; Jahanshahi, M. (2003). Anatomical Variations Of Vermiform Appendix In South-East Caspian Sea (Gorgan-IRAN). J. Anat. Soc. India
  5. ↑ Unusual Types of Twins. Multiples of America
  6. ↑ (1984). Situs viscerum specularis in monozygotic twins. Acta Geneticae Medicae et Gemellologiae. পৃ. 81–5
  7. ↑ Paterson-Brown, S. (2007). Principles and practice of surgery. Churchill Livingstone. ISBN 978-0-443-10157-1
  8. ↑ (2009). Congenital absence of the cecal appendix. Case report. Cirugia y Cirujanos. পৃ. 407–10
  9. ↑ Kumar, Vinay; Robbins, Stanley L.; Cotran, Ramzi S. (1989). Robbins' pathologic basis of disease. Saunders. পৃ. 902–3. ISBN 978-0-7216-2302-3
  10. ↑ (5 October 2007). Scientists may have found appendix's purpose. NBC News. Associated Press
  11. ↑ (December 2007). Biofilms in the large bowel suggest an apparent function of the human vermiform appendix. Journal of Theoretical Biology. পৃ. 826–31
  12. ↑ (June 2004). Getting a grip on things: how do communities of bacterial symbionts become established in our intestine?. Nature Immunology. পৃ. 569–73
  13. ↑ Everett M.L.; Palestrant D.; Miller S.E. (2004). Immune exclusion and immune inclusion: a new model of host-bacterial interactions in the gut. Clinical and Applied Immunology Reviews. পৃ. 321–32
  14. ↑ Dunn, Rob. (January 2, 2012). Your Appendix Could Save Your Life. Scientific American
  15. ↑ (April 2004). The vermiform appendix: not a useless organ. Journal of the College of Physicians and Surgeons--Pakistan. পৃ. 256–8
  16. ↑ (February 2016). Complementarity and redundancy of IL-22-producing innate lymphoid cells. Nature Immunology. পৃ. 179–86
  17. ↑ (September 2016). Morphological evolution of the mammalian cecum and cecal appendix. Comptes Rendus Palevol. পৃ. 39–57
  18. ↑ (2004). Miscellaneous conditions of the appendix. Seminars in Diagnostic Pathology. National Institutes of Health. পৃ. 151–63
  19. ↑ Statistics about Appendix disorder. rightdiagnosis.com
  20. ↑ Miller R., Kenneth; Levine, Joseph. (2002). Biology. Prentice Hall. পৃ. 92–98. ISBN 978-0-13-050730-3
  21. ↑ Appendicitis - Symptoms and causes - Mayo Clinic. mayoclinic.org. Mayo Clinic
  22. ↑ (2003). Surgical management of the neurogenic bladder and bowel. International Braz J Urol. পৃ. 53–61
  23. ↑ Wellington Children's Hospital: Caring for an ACE or Chait Tube: Healthpoint

সম্পৰ্কিত শ্ৰেণী

পাচন তন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিশেষিকা (শৰীৰস্থান)” প্ৰবন্ধৰ সংশোধন ৬৩১০০৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।