মহাকালী (Mahakali, महाकाली) হৈছে সময়, মৃত্যু আৰু বিনাশৰ হিন্দু মাতৃ দেৱী। তেওঁ বাস্তৱতা আৰু অস্তিত্বৰ দেৱতা মহাকালৰ সহধৰ্মী। সংস্কৃতত মহাকালী হৈছে মহাকালৰ (শিৱৰ এটি ৰূপ, যাক মৃত্যু বুলিও কল্পনা কৰা হয়) স্ত্ৰীলিঙ্গ ৰূপ। দেৱী কালী বা তেওঁৰ অন্য সকলো ৰূপেই হৈছে মহাকালীৰ বিভিন্ন ৰূপ।
অৰ্থ
বিভিন্ন পৌৰণিক তথা তান্ত্ৰিক হিন্দু ধৰ্মগ্ৰন্থত (শাস্ত্ৰ) মহাকালীৰ উল্লেখ আছে। এই সকলোবোৰ গ্ৰন্থতে তেওঁ বিভিন্নধৰণে আদি শক্তি-দেৱী দুৰ্গা হিচাপে চিত্ৰিত হৈ আছে। ইয়াৰ লগতে তেওঁক মহাবিশ্বৰ প্ৰাথমিক শক্তি তথা চূড়ান্ত বাস্তৱতাৰ দেৱীৰ ৰূপত বৰ্ণনা কৰা হৈছে। উক্ত বিশ্বাস অনুযায়ী তেওঁ ব্ৰহ্মাৰ সৈতে অভিন্ন। ইয়াৰ লগতে তেওঁ প্ৰকৃতি (নাৰী) বা বিশ্ব হিচাপে পৰিচিত হয় যি পুৰুষ চেতনাৰ বিপৰীত। আকৌ, সংখ্যা দৰ্শনত, তেওঁক মহাদেৱী দুৰ্গাৰ তিনিটা ৰূপৰ ভিতৰত এটা হিচাপে উপস্থাপন কৰা হয়। এই ব্যাখ্যাত, মহাকালীয়ে তমস বা জড়তাৰ শক্তিক উপস্থাপন কৰে। শক্তিবাদৰ (হিন্দু ধৰ্মৰ যি শাখাত দেৱী দুৰ্গাক অন্যান্য দেৱদেৱীৰ মাজত সৰ্বোচ্চ স্থান দিয়া হয়) মূল গ্ৰন্থ হিচাপে বিবেচনা কৰা হয় দেৱীমাহাত্ম্যম্ ("দেৱীৰ মাহাত্ম্য") -ক। ইয়াত সকলো দেৱ দেৱীৰ প্ৰধান হিচাপে ত্ৰিদেৱীক (মহাসৰস্বতী, মহালক্ষ্মী আৰু মহাকালী) বিবেচনা কৰা হয়। ইয়াৰে তিনজনৰ ভিতৰত মহাকালীক প্ৰথম পৰ্বত নিৰ্ধাৰিত কৰা হয়। তেওঁক এক বিমূৰ্ত শক্তি আৰু বিষ্ণুৰ যোগনিদ্ৰা হিচাপে বৰ্ণনা কৰা হৈছে। যেতিয়া ব্ৰহ্মাই তেওঁক অনুৰোধ কৰে, তেতিয়া তেওঁ বিষ্ণুৰ পৰা উত্থিত হৈছিল আৰু তাৰ পিছত তেওঁ মধু-কৈতাভ নামৰ অসুৰক বধ কৰিছিল। তেওঁ সময়ৰ দেৱী।
তথ্য সংগ্ৰহ
- The Goddess Kali of Kolkata by Shoma A. Chatterji
- Encountering The Goddess: A Translation of the Devi-Mahatmya and a Study of Its Interpretation by Thomas B. Coburn
- Dictionary of Hindu Lore and Legend by Anna Dallapiccola
- Kali: The Black Goddess of Dakshineswar by Elizabeth Usha Harding
- In Praise of The Goddess: The Devimahatmyam and Its Meaning by Devadatta Kali
- Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions by David Kinsley
- Tantric Visions of the Divine Feminine by David Kinsley
- The Sword and the Flute: Kali & Krsna by David Kinsley
- Offering Flowers, Feeding Skulls: Popular Goddess Worship in West Bengal by June McDaniel
- Encountering Kali: In the Margins, at the Center, in the West by Rachel Fell McDermott
- Mother of My Heart, Daughter of My Dreams: Kali and Uma in the Devotional Poetry of Bengal by Rachel Fell McDermott
- Kali: The Feminine Force by Ajit Mookerjee
- Seeking Mahadevi: Constructing the Identities of the Hindu Great Goddess Edited by Tracy Pintchman
- The Rise of the Goddess in the Hindu Tradition by Tracy Pintchman
- Kali Puja by Swami Satyananda Saraswati
- Grace and Mercy in Her Wild Hair: Selected Poems to the Mother Goddess by Ramprasad Sen
- Aghora, at the Left Hand of God by Robert E. Svoboda
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাকালী” প্ৰবন্ধৰ সংশোধন ৩৮৫৬৭৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।