পিটিকা হৈছে সিজাই বা পুৰি কোমল কৰা পাচলি, ফল, মাছ, মাংস আদিক হাতেৰে মোহাৰি মিহি কৰি প্ৰস্তুত কৰা খাদ্য।১ এইদৰে খাবলৈ নিৰ্বাচন কৰা প্ৰধান সামগ্ৰীবিধৰ সৈতে মিঠাতেল, পিয়াঁজ, জলকীয়া, নিমখ, ধনিয়া আদি মচলাজাতীয় সামগ্ৰী মিহলাই পিটিকা তৈয়াৰ কৰা হয়। এই খাদ্যবিধ তৈয়াৰ কৰিবলৈ সময় আৰু প্ৰয়োজনীয় সামগ্ৰী তাকৰ হোৱাৰ লগতে ইয়াৰ থলুৱা স্বাদৰ হেতু ভাৰতৰ লগতে ইয়াৰ ওচৰচুবুৰীয়া দেশ সমূহত এইবিধ খাদ্যৰ জনপ্ৰিয়তা অধিক। বিভিন্ন পিটিকা সমূহৰ ভিতৰত আলু পিটিকাৰ ব্যৱহাৰ বেছি আৰু অধিক জনপ্ৰিয়।
প্ৰকাৰ
খাবৰ বাবে ৰুচি অনুসৰি মানুহে সোৱাদৰ বাবে নিমখ, জলকীয়া, পিয়াজ, আদা, মিঠাতেল, ধনীয়া, পদুনা আদি ব্যৱহাৰ কৰি বিভিন্ন পিটিকা প্ৰস্তুত কৰে:
- আলু পিটিকা (সিজোৱা বা পোৰা)
- কণী-আলুৰ পিটিকা (সিজোৱা)
- বিলাহী পিটিকা (সিজোৱা বা পোৰা)
- আলু-বেঙেনাৰ পিটিকা (সিজোৱা বা পোৰা)
- পাতত দিয়া মাছৰ পিটিকা
- পাতত দিয়া কচুথোৰ আৰু কণবিলাহীৰ পিটিকা
- সিজোৱা মাছৰ পিটিকা
- জলফাইৰ পিটিকা (সিজোৱা বা পোৰা)
- ঔ-টেঙাৰ পিটিকা (সিজোৱা)
- কৰ্দৈ পোৰা পিটিকা
- পকা আমৰ পিটিকা
- আলু আৰু তিলৰ পিটিকা আদি
প্ৰয়োজনীয় সামগ্ৰী
পিটিকা বনাবলৈ মুখ্য উপাদান হিচাপে আলু, বেঙেনা, বিলাহী, কচু(গুটি আৰু থোৰ), তিল, বিভিন্ন ফল(আম, কৰ্দৈ, ঔ-টেঙা, জলফাই আদি), মাছ সামগ্ৰীৰ উপৰিও সোৱাদৰ বাবে নিমখ, মিঠাতেল, পিয়াঁজ, জলকীয়া, আদা, ধনীয়া, মানধনীয়া, নেমু ইত্যাদি ব্যৱহাৰ কৰা হয়।২
প্ৰস্তুতকৰণ পদ্ধতি
পিটিকা বনাবলৈ সাধাৰণতে প্ৰধান সামগ্ৰীবিধ পুৰি বা সিজাই কোমল কৰি ল'ব লাগে। পিটিকা বনাবলৈ নিৰ্বাচন কৰা মুখ্য উপাদানৰ সৈতে ৰুচি অনুসৰি নিমখ, তেল, জলকীয়া, পিয়াজ আদিৰে পিটিকি মিশ্ৰণ কৰা হয়। পাৰম্পৰিক অসমীয়া শৈলীৰ আলু পিটিকা প্ৰস্তুত কৰিবলৈ আলুখিনি জুইৰ আঙঠাত পুৰি বা ভাতত দি সিজাই লোৱা হয়। সিজোৱা পদ্ধতিত আলুখিনি বাকলি গুচাই গোটাকৈ বা কাটি টুকুৰা কৰি ভাত বা ডাইলত দি বা পানীত দি সিজোৱা হয়। সিজাই লোৱাৰ আগতে বা পিছত বাকলি গুচাই লোৱা হয়। পোৰা আলুৰ ক্ষেত্ৰত বাকলিৰ সৈতে আলুখিনি জুইৰ আঙঠাত দি পুৰি লোৱা পিছত বাকলিখিনি এৰুৱাই লোৱা হয়। এইদৰে সিজাই বা পুৰি কোমল কৰা আলুখিনি এটা পাত্ৰত ৰাখি তাত কটা পিয়াঁজ, কেঁচা জলকীয়া, ধনিয়া, সোৱাদ অনুসৰি নিমখ আৰু মিঠাতেল মিহলাই ভালকৈ হাতেৰে পিটিকি গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰা হয়। ২৩
পাতত দিয়া পদ্ধতিত সাধাৰণতে কলপাতেৰে খাদ্য বস্তু মেৰিয়াই ভাপৰ সহায়ত ৰন্ধা হয়। কলপাতেৰে তৈয়াৰ কৰা টোপোলা এটাই আৰ্দ্ৰতা ধৰি ৰাখে আৰু ব্যঞ্জনত ধোঁৱা আৰু কলপাতৰ এক সুগন্ধি সোৱাদ প্ৰদান কৰে। এইদৰে সিজোৱা খাদ্য সামগ্ৰী পিছত পিটিকা কৰি খোৱা হয়।৪ সাধাৰণতে সৰু মাছৰ ভিতৰত দৰিকনা, মোৱা আদি আৰু ডাঙৰ মাছৰ ভিতৰত বৰালি মাছ এইদৰে পাতত দি পিটিকা কৰি খোৱা হয়। ইয়াৰোপৰি কচুথোৰ আৰু কণবিলাহী পাতত দি কৰা পিটিকাও আন এক থলুৱা জনপ্ৰিয় খাদ্য।
তিল আৰু আলুৰ পিটিকাৰ ক্ষেত্ৰত মিহিকৈ পিহি লোৱা তিলৰ সৈতে আলুৰ পিটিকা প্ৰস্তুত কৰা হয়। পোৰা আলু আৰু বেঙেনাৰ পিটিকা, পোৰা আলু আৰু বিলাহীৰ পিটিকা, পকা কণবিলাহীৰ পিটিকা আদিও আন একোবিধ থলুৱা খাদ্য। বিভিন্ন ৰোগ নিৰাময়ৰ বাবেও বহুতে পানীলগা বা কাহ হ'লে জলফাই বা কৰ্দৈ পুৰি পিটিকা বনাই খাই।৫
তথ্যসূত্ৰ
- ↑ পিটিকা. xobdo.org
- ↑ শুক্লা, সুজাতা. (২ ডিচেম্বৰ ২০১৭). Assamese Aloo Pitika - Mashed Potato in Mustard Oil. pepperonpizza.com
- ↑ (১২ মাৰ্চ ২০১৯). আলু পিটিকা: Aloo Pitika (Mashed potatoes recipe in Assamese). rumicooks.com
- ↑ The use of banana leaf for food and cooking around the world. Foodandroad.com
- ↑ Kokil Sarma. Star Fruit Benefits. News18 অসম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিটিকা” প্ৰবন্ধৰ সংশোধন ৫৮২৮৬৭ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।