অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছিমি গৰেৱাল

ছিমি গৰেৱাল (:Simi Garewal জন্ম সিমৃতা গৰেৱাল;) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালিকা, প্ৰযোজক আৰু এগৰাকী টক শ্ব'ৰ পৰিচালিকা। ডো বদন(১৯৬৬), সাথী (১৯৬৮), মেৰা নাম জোকাৰ (১৯৭০), সিদ্ধাৰ্থ (১৯৭২), কাৰ্জ (১৯৮০) আৰু উদীকান (পাঞ্জাবী ছবি) আদি হিন্দী ছবিৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ২ এপ্ৰিল ২০২৫ ৪৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ছিমি গৰেৱাল (:Simi Garewal জন্ম সিমৃতা গৰেৱাল;) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালিকা, প্ৰযোজক আৰু এগৰাকী টক শ্ব'ৰ পৰিচালিকা।

ডো বদন(১৯৬৬), সাথী (১৯৬৮), মেৰা নাম জোকাৰ (১৯৭০), সিদ্ধাৰ্থ (১৯৭২), কাৰ্জ (১৯৮০) আৰু উদীকান (পাঞ্জাবী ছবি) আদি হিন্দী ছবিৰ বাবে তেওঁ পৰিচিত। সত্যজিৎ ৰায়ৰ পৰিচালনাত নিৰ্মিত বাংলা ছবি অৰণ্যৰ দীন ৰাত্ৰি;আৰু মৃণাল সেনৰ পদাতিক ত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

গৰেৱালৰ জন্ম হৈছিল লুধিয়ানাত। তেওঁৰ পিতৃ ব্ৰিগেডিয়াৰ জে এছ গৰেৱালে ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল। ছিমি ছবি নিৰ্মাতা য়শ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাৰ সৰ্ম্পকীয় ভনীয়েক। ছিমিৰ মাতৃ দৰ্শি আৰু পামেলাৰ পিতৃ মহিন্দৰ সিং ভাই-ভনী আছিল।১ ছিমি ইংলেণ্ডত ডাঙৰ-দীঘল হৈছিল আৰু ভগ্নী অমৃতাৰ সৈতে নিউলেণ্ড হাউচ স্কুলত অধ্যয়ন কৰিছিল।২

চলচ্চিত্ৰ আৰু টেলিভিছন কেৰিয়াৰ

শৈশৱৰ বহুখিনি সময় ইংলেণ্ডত কটোৱাৰ পিছত কিশোৰী গৰেৱাল ভাৰতলৈ উভতি আহে। ১৯৬২ চনত মুক্তি পোৱা ইংৰাজী ভাষাৰ ছবি টাৰ্জান গ’জ টু ইণ্ডিয়া নামৰ ছবিখনত ফিৰোজ খানৰ সৈতে গৰেৱালে অভিষেক ঘটায়। ১৯৬০ আৰু ৭০ৰ দশকত কেইবাখনো উল্লেখযোগ্য ভাৰতীয় ছবিত অভিনয় কৰি মুখ্য পৰিচালকৰ সৈতে কাম কৰিছিল যেনে- মেহবুব খানৰ সৈতে ছন অৱ ইণ্ডিয়া (১৯৬২), ৰাজ খোছলাৰ সৈতে ডো বদন (১৯৬৬), ৰাজ কাপুৰৰ সৈতে মেৰা নাম জোকাৰ (১৯৭০), সত্যজিৎ ৰায়ৰ অৰন্যৰ দীন ৰাত্ৰী (১৯৭০, ডেজ এণ্ড নাইটছ ইন দ্য ফৰেষ্ট) আৰু মৃণাল সেনে পাডাটিক (১৯৭৩, দ্য গেৰিলা ফাইটাৰ)। হাৰ্মান হেছেৰ উপন্যাসৰ আধাৰত নিৰ্মিত ইংৰাজী ভাষাৰ চিনেমা কলম্বিয়া পিকচাৰ্ছৰ সিদ্ধাৰ্থ (১৯৭২)ত শশী কাপুৰৰ সৈতে অভিনয় কৰিছিল। এই ছবিখনত গেৰেৱালে এটা নগ্ন দৃশ্য কৰিছিল যিয়ে ভাৰতত কিছু বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু ভাৰতীয় চেন্সৰ ব'ৰ্ডৰ নিৰ্দেশ মানি চলিহে প্ৰদৰ্শনৰ বাবে মুকলি কৰা হৈছিল।৩৪৫ পিছলৈ ১৯৭০ চনৰ মাজভাগত যশ চোপ্ৰাই নিৰ্মাণ কৰা জনপ্ৰিয় ছবি কভি কভি (১৯৭৬) আৰু চলতে চলতে (১৯৭৬) ছবিত অভিনয় কৰে।৬ তেওঁৰ আন এটা উল্লেখযোগ্য ভূমিকা আছিল কাৰ্জ (১৯৮০) ছবিখনত ভ্যাম্প হিচাপে। চাৰ্লছ এলেনৰ কিতাপখনৰ আধাৰত নিৰ্মিত বিবিচিৰ ডকু-ড্ৰামা মহাৰাজাছ (১৯৮৭)ত অভিনয় কৰিছিল।

তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী চিগা আৰ্টছ ইণ্টাৰনেশ্যনেল গঠন কৰিছিল। তেওঁ দূৰদৰ্শনৰ বাবে ইটছ এ উইমেনছ ৱৰ্ল্ড (১৯৮৩) নামৰ এখন টিভি ধাৰাবাহিক আয়োজক, প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। ব্ৰিটেইনৰ চেনেল ৪ৰ বাবে লিভিং লিজেণ্ড ৰাজ কাপুৰ (১৯৮৪) নামৰ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল। ইয়াৰ পিছতে ৰাজীৱ গান্ধীৰ ওপৰত তিনি খণ্ডৰ তথ্যচিত্ৰ ভাৰতৰ ৰাজীৱ নামেৰে নিৰ্মাণ কৰা হয়। হিন্দী বৈশিষ্ট্যপূৰ্ণ ছবি ৰুখসাত ৰচনা আৰু পৰিচালনাৰ লগতে টেলিভিছনৰ বিজ্ঞাপন প্ৰযোজনা কৰিছিল।

ছিমি গেৰেৱাল Rendezvous with Simi Garewal নামৰ টক শ্ব'ৰ এংকৰ আছিল।৭

টিভি শ্ব' আৰু বঁটা প্ৰদান অনুষ্ঠানত তেওঁ সাধাৰণতে নিজৰ স্বাক্ষৰযুক্ত বগা কাপোৰ পিন্ধে আৰু জনপ্ৰিয়ভাৱে তেওঁক "দ্য লেডী ইন হোৱাইট" নামেৰে জনা যায়।৮ শেহতীয়াকৈ গৰেৱালে ছে শ্বাভা শ্বাভা ২০০৮ত আয়োজক আৰু বিচাৰক হিচাপে অভিনয় কৰিছিল।৯ ২০০৮ চনৰ নৱেম্বৰ মাহত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ছিমি গৰেৱালে পাকিস্তানৰ প্ৰশিক্ষণ শিবিৰসমূহত ভাৰত চৰকাৰক "কাৰ্পেট-বোমা" দিবলৈ ৰাজহুৱাভাৱে আহ্বান জনাই বিতৰ্কত সোমাই পৰিছিল যাৰ বাবে পিছত তেওঁ ক্ষমা বিচাৰিছিল। ১০

ষ্টাৰ প্লাছত তেওঁৰ নতুন টকশ্ব' ইণ্ডিয়াছ মষ্ট ডিজায়াৰেবলৰ জৰিয়তে ১১ তেওঁ টেলিভিছনলৈ উভতি আহে। ইয়াত বলীউডৰ অভিনেতা-অভিনেত্ৰী, ব্যৱসায়িক আৰু সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তি, আৰু ভাৰতীয় ক্ৰিকেটাৰসকলৰ জীৱন সংগীৰ বিষয়ে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল।

ব্যক্তিগত জীৱন

গৰেৱালে ১৭ বছৰ বয়সত প্ৰথম প্ৰেমৰ গুৰুতৰ সম্পৰ্ক গঢ়ি তুলিছিল, জামনগৰৰ মহাৰাজা শত্ৰুছাল্যসিংহজীৰ সৈতে। যি জন ইংলেণ্ডত তেওঁৰ প্ৰতিবেশীও আছিল।১২১৩১৪ পিছলৈ গৰেৱালে পাটৌদিৰ নবাব মনছুৰ আলী খান পটৌদিৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল যদিও শৰ্মিলা ঠাকুৰক লগ পোৱাৰ পিছত তেওঁৰ সৈতে বিচ্ছেদ ঘটে।১৫১৬ তাৰ পিছত তেওঁৰ পাকিস্তানী ৰাজনীতিবিদ ছলমান তাছিৰৰ সৈতে সম্পৰ্ক হৈছিল। এই প্ৰেম ডুবাইৰ পৰা আৰম্ভ হৈছিল আৰু এবছৰৰ পিছত শেষ হৈছিল।১৭

১৯৭০ চনত দিল্লীৰ অভিজাত চুন্নামল পৰিয়ালৰ সদস্য ৰবি মোহনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৭৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।১৪

তথ্যসূত্ৰ

  1. ↑ Pamela and Simi
  2. ↑ Rendezvous with Simi Garewal – The Times of India . The Times of India. (1 February 2004). Retrieved 26 June 2011
  3. ↑ 'I Don't Know One Editor In India Who Is Well-Read' . www.outlookindia.com. Retrieved 26 June 2011
  4. ↑ Movies: Siddhartha, a lost tale . rediff.com (21 September 2002). Retrieved 26 June 2011
  5. ↑ Siddhartha (1972) . PopMatters. Retrieved 26 June 2011
  6. ↑ Gloriously grey . Screenindia.com (17 October 2008). Retrieved 26 June 2011
  7. ↑ Simi Garewal's Rendezvous 100 Party. Sify.com (14 June 2004). Retrieved 26 June 2011
  8. ↑ Archive News. The Hindu
  9. ↑ Screen > The Business of Entertainment. Screenindia.com (4 January 2008). Retrieved 26 June 2011
  10. ↑ WE, THE PEOPLE - The Mumbai tragedy and the English language news media
  11. ↑ Simi brings 'India's Most Desirable' on TV - TV News - IBNLive. ibnlive.in.com
  12. ↑ (17 October 2021). When Simi Garewal spoke about ‘passionate affair’ with Maharaja of Jamnagar: ‘We did mad, crazy things’. হিন্দুস্তান টাইমছ
  13. ↑ (13 November 2011). I'm a sucker for looks: Simi Garewal - Times of India. The Times of India
  14. ↑ ‘‘I regret not having a child’’ - Simi Garewal. filmfare.com
  15. ↑ (23 September 2011). From TOI Archives: Tiger Pataudi's untold tale. The Times of India
  16. ↑ Joshi, Sonali; Srivastava, Priyanka. (3 October 2011). 'Rendezvous with Simi'to rekindle Pataudi's romance. India Today
  17. ↑ Gopinath, Vrinda. (5 February 2022). A Lahore Boy in Delhi. Outlook India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিমি গৰেৱাল” প্ৰবন্ধৰ সংশোধন ৫০১৫৮৮ (২ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।