আয়ুৰ্বেদ
৮ প্ৰবন্ধ
-
আয়ুৰ্বেদ
আয়ুৰ্বেদ (आयुर्वेद, "জীৱন-জ্ঞান") বা আয়ুৰ্বেদিক ঔষধ ভাৰতীয় উপমহাদেশীয় এক পৰম্পৰাগত আৰু বিকল্প ঔষধি ব্যৱস্থা। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা এই ব্যৱস্থাৰ আটাইতকৈ পুৰণি গ্ৰন্থ। ঔষধৰ এই প্ৰাচীন বিশ্বকোষ দুখনেই আয়ুৰ্বেদীয় ব্যৱস্থাৰ প্ৰতিষ্ঠাপক আৰু সম্পূৰক।
-
চৰক সংহিতা
চৰক সংহিতা (चरक संहिता) হ’ল ভাৰতীয় পৰম্পৰাগত ঔষধী ব্যৱস্থা আয়ুৰ্বেদৰ এক প্ৰাচীন গ্ৰন্থ। সুশ্ৰুত সংহিতাৰে সৈতে খ্ৰীষ্ট জন্মৰ কিছু শতিকা পিছতেই ৰচিত হোৱা এই গ্ৰন্থখন এই ব্যৱস্থাৰ প্ৰতিস্থাপক। অৱশ্যে এই গ্ৰন্থ দুখনৰ প্ৰকৃত ৰচনাকাল সম্পূৰ্ণ স্পষ্ট নহয়।
-
পঞ্চামৃত
পঞ্চামৃত (আক্ষৰিক অৰ্থ: পাঁচ অমৃত) হৈছে হিন্দুসকলৰ বিভিন্ন পাৰ্বন আৰু পূজাত ব্যৱহাৰ কৰা পাঁচবিধ খাদ্যৰ এক মিশ্ৰণ যি কেইটা হৈছে প্ৰধানতঃ মৌ, তৰল গুৰ, গৰু গাখীৰ, দৈ আৰু ঘিঁউ।
-
চৰক
মহৰ্ষি চৰক (আনুমানিক খ্ৰীষ্টপূৰ্ব ১০০ - ২০০ খ্ৰীষ্টাব্দ) প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি আৰু পাৰম্পৰিক ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদৰ চিকিৎসাবিদ। তেওঁক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়। তেওঁ আয়ুৰ্বেদৰ প্ৰাচীন গ্ৰন্থ চৰক সংহিতা ৰচনা কৰিছিল।
-
সুশ্ৰুত
সুশ্ৰুত (Sushruta; Substrata) চিকিৎসা বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰাচীন গ্ৰন্থ হিচাপে গণ্য কৰা সুশ্ৰুত সংহিতা(সুশ্ৰুতৰ সংকলন)ৰ তালিকাভুক্ত লেখক। ইয়াক আয়ুৰ্বেদৰ মূল গ্ৰন্থ বুলিও গণ্য কৰা হয়।
-
আত্ৰেয়
আত্ৰেয় (आत्रेय) হ’ল হিন্দু ঋষিসকলৰ ভিতৰত অন্যতম অত্ৰিৰ বংশধৰ যাৰ অৱদানসমূহ পুৰাণসমূহত উল্লিখিত আছে। ভাৰত আৰু নেপালৰ ব্ৰাহ্মণসমাজে ব্যৱহাৰ কৰা আন বহুতো গোত্ৰৰ দৰে অত্ৰি ঋষিৰ বংশধৰ সকলেও আত্ৰেয় তেওঁলোকৰ উপাধি হিচাপে ব্যৱহাৰ কৰে।
-
অগ্নিৱেশ
অগ্নিৱেশ (अग्निवेश, ) হ’ল এজন ঐতিহাসিক ঋষিমুনি আৰু আয়ুৰ্বেদৰ প্ৰাৰম্ভিক লেখক সকলৰ এজন। তেওঁ আছিল পুনৰ্বসু আত্ৰেয়ৰ ছাত্ৰ। মহাভাৰতৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী দ্ৰোণ আৰু দ্ৰুপদে এওঁৰেই অধীনত শিক্ষা গ্ৰহণ কৰিছিল।
-
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আয়ুৰ্বেদিক চিকিৎসাৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান। ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খন জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পথত অৱস্থিত।