অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ন'বেল বঁটা বিজয়ী (সাহিত্য)

সাহিত্যৰ বাবে ন'বেল বঁটা প্ৰতিবছৰে ছুইডিছ একাডেমীয়ে সাহিত্যক্ষেত্ৰত অসামান্য অৱদানৰ বাবে লেখকসকলক প্ৰদান কৰে। এইটো আলফ্ৰেড ন'বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰত স্থাপন কৰা পাঁচটা ন'বেল বঁটাৰ ভিতৰত ৰসায়ন, পদাৰ্থবিজ্ঞান, সাহিত্য, শান্তি আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয়।

হালনাগাদ: ১৭ মে’ ২০২৫ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সাহিত্যৰ বাবে ন'বেল বঁটা প্ৰতিবছৰে ছুইডিছ একাডেমীয়ে সাহিত্যক্ষেত্ৰত অসামান্য অৱদানৰ বাবে লেখকসকলক প্ৰদান কৰে। এইটো আলফ্ৰেড ন'বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰত স্থাপন কৰা পাঁচটা ন'বেল বঁটাৰ ভিতৰত ৰসায়ন, পদাৰ্থবিজ্ঞান, সাহিত্য, শান্তি আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয়।১ ন'বেলৰ ইচ্ছাপত্ৰ অনুসৰি, এই বঁটা ন'বেল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আৰু ছুইডিছ একাডেমীৰ দ্বাৰা প্ৰদান কৰা হয়।২ প্ৰতিজন বিজয়ীয়ে এখন পদক, এখন ডিপ্লোমা আৰু এক আৰ্থিক পুৰস্কাৰ লাভ কৰে, যাৰ পৰিমাণ বছৰৰ সৈতে সলনি হৈছে।৩ ১৯০১ চনত প্ৰথম বিজয়ী চুলি প্ৰুড’মে ১৫০,৭৮২ ছুইডিছ ক্ৰোনা লাভ কৰিছিল, যি ২০১৮ চনৰ জানুৱাৰী অনুসৰি প্ৰায় ৮,৮২৩,৬৩৭.৭৮ ক্ৰোনাৰ সমতুল। এই বঁটা প্ৰতিবছৰে ১০ ডিচেম্বৰত ষ্টকহল্মত ন'বেলৰ মৃত্যুদিনত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয়।৪

২০২৪ চনলৈকে সাহিত্যৰ বাবে ন'বেল বঁটা মুঠ ১২১ গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে।৫ ইয়াৰ ভিতৰত ১৮ গৰাকী মহিলা বিজয়ী, যি সংখ্যাটো শান্তিৰ বাবে ন'বেল বঁটাৰ পিছতেই দ্বিতীয় স্থানত আছে।৬৭ ২০২৪ চনলৈকে সাহিত্যৰ বাবে ন'বেল বঁটা ইংৰাজী ভাষাত লিখা ২৯ গৰাকী লেখকে লাভ কৰিছে, যাৰ পিছত ফ্ৰেঞ্চ ভাষাত ১৬ গৰাকী আৰু জাৰ্মান ভাষাত ১৪ গৰাকী বিজয়ী আছে। ৰাষ্ট্ৰীয়ভাৱে ফ্ৰান্সৰ বিজয়ীৰ সংখ্যা আটাইতকৈ বেছি।

দেশ অনুসৰি নোবেল বিজয়ী

১৯০১ ৰ পৰা ২০২৪ লৈকে সাহিত্যত নোবেল বঁটা লাভ কৰা ১২১ গৰাকী বিজয়ীৰ দেশসমূহ তলত দিয়া হ’ল:

দেশসংখ্যা
১৬
১৩
১৩
৯
৮
৬
৬
৬
/৫
৪
৪
৩
২
২
২
২
২
২
২
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১
১

ভাষা অনুসৰি নোবেল বিজয়ী

১৯০১ ৰ পৰা ২০২৪ লৈকে সাহিত্যত নোবেল বঁটা লাভ কৰা ১২১ গৰাকী বিজয়ীয়ে তলত উল্লেখ কৰা ভাষাসমূহত সাহিত্য ৰচনা কৰিছিল:

ভাষাসংখ্যা
ইংৰাজী২৯ (৩২)১
ফ্ৰেন্স১৬
জাৰ্মান১৪ (১৫)২
স্পেনিছ১১
ছুইডিছ৭
ইটালিয়ান৬
ৰাছিয়ান৬
প'লিচ৫
ন'ৰৱেজিয়ান৪
ডেনিছ৩
চীনা২
গ্ৰীক২
জাপানী২
আৰবী১
বাংলা১
চেক১
ফিনিচ১
হিব্ৰু১
হাংগেৰিয়ান১
আইচলেণ্ডিক১
কোৰিয়ান১
প্ৰ'ভেন্সাল (অ'ক্সিটান)১
পৰ্তুগীজ১
চাৰ্বো-ক্ৰোয়েচিয়ান১
টাৰ্কিচ১
ইদ্দিছ১

১ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯১৩)য়ে বাংলা আৰু ইংৰাজীত, স্যামুয়েল বেকেট (১৯৬৯)য়ে ফ্ৰেন্স আৰু ইংৰাজীত, আৰু জ'ছেফ ব্ৰডস্কি (১৯৮৭)য়ে ৰাছিয়ান কবিতা আৰু ইংৰাজী গদ্য লিখিছিল। এই তিনিগৰাকী বিজয়ীক বাংলা, ফ্ৰেন্স আৰু ৰাছিয়ানত অন্তৰ্ভুক্ত কৰা হৈছে।৮

২কাৰ্ল আদল্ফ জেলাৰূপ (১৯১৭)য়ে ডেনিছ আৰু জাৰ্মান ভাষাত লিখিছিল।

লিংগ অনুসৰি নোবেল বিজয়ী

১৯০১ ৰ পৰা ২০২৪ লৈকে সাহিত্যত নোবেল বঁটা লাভ কৰা বিজয়ীৰ লিংগ অনুযায়ী বিতৰণ তলত দিয়া হ’ল:

দশকপুৰুষস্ত্ৰী
১৯০০–১৯০৯৯১
১৯১০–১৯১৯৯০
১৯২০–১৯২৯৮২
১৯৩০–১৯৩৯৮১
১৯৪০–১৯৪৯৫১
১৯৫০–১৯৫৯১০০
১৯৬০–১৯৬৯১০১
১৯৭০–১৯৭৯১১০
১৯৮০–১৯৮৯১০০
১৯৯০–১৯৯৯৭৩
২০০০–২০০৯৭৩
২০১০–২০১৯৭৩
২০২০–২০২৯২৩
মুঠ১০৩১৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Alfred Nobel – The Man Behind the Nobel Prize. Nobel Foundation
  2. ↑ The Nobel Prize Awarders. Nobel Foundation
  3. ↑ The Nobel Prize. Nobel Foundation
  4. ↑ The Nobel Prize Award Ceremonies. Nobel Foundation
  5. ↑ All Nobel Laureates in Literature. Nobel Foundation
  6. ↑ Women Nobel Laureates. Nobel Foundation
  7. ↑ Nobel Prize Winners: How Many Women Have Won Awards?. telegraph.com
  8. ↑ Number of Nobel Laureates in Literature Sorted in Languages

সম্পৰ্কিত শ্ৰেণী

সাহিত্যৰ বঁটাসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা বিজয়ী (সাহিত্য)” প্ৰবন্ধৰ সংশোধন ৫০৯৫১২ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।