অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ন্যূনতম সংকটজনক প্ৰজাতি

এটা প্ৰাণীৰ জনসংখ্যা আৰু বিলুপ্তিৰ আশংকা নিৰ্ধাৰণ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাই (IUCN) বহুতো বিভাগ নিৰ্ধাৰণ কৰিছে। প্ৰজাতিসমূহক ৰঙা তালিকাৰ নটা শ্ৰেণীৰ ভিতৰত যিকোনো এটাত স্থান দিয়া হয়: বিলুপ্ত, অৰণ্যত বিলুপ্ত, ঘোৰ সংকটজনক, বিলুপ্তপ্ৰায়, অসুৰক্ষিত, সংকটাসন্ন, ন্যূনতম উদ্বেগজনক,…

হালনাগাদ: ১২ জুলাই ২০২৪ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

এটা প্ৰাণীৰ জনসংখ্যা আৰু বিলুপ্তিৰ আশংকা নিৰ্ধাৰণ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাই (IUCN) বহুতো বিভাগ নিৰ্ধাৰণ কৰিছে।১ প্ৰজাতিসমূহক ৰঙা তালিকাৰ নটা শ্ৰেণীৰ ভিতৰত যিকোনো এটাত স্থান দিয়া হয়: বিলুপ্ত, অৰণ্যত বিলুপ্ত, ঘোৰ সংকটজনক, বিলুপ্তপ্ৰায়, অসুৰক্ষিত, সংকটাসন্ন, ন্যূনতম উদ্বেগজনক, অপৰিমিত তথ্য আৰু অমূল্যাঙ্কিত প্ৰজাতি।২ পূৰ্বতে ইয়াৰে কিছুমান প্ৰাণীৰ বৰ্ণনাৰ বাবে ন্যূনতম সংকটজনক (Lower risk) বা কম সংকটজনক নামৰ এটা বিভাগ ব্যৱহাৰ কৰিছিল।

আইচিইউএনে সংজ্ঞায়িত কৰিছে যে কম সংকটজনক সংৰক্ষণ স্থিতিৰ প্ৰাণীবোৰৰ জীয়াই থকাটো নিশ্চিত কৰিব পৰাকৈ জনসংখ্যাৰ মাত্ৰা যথেষ্ট বেছি থাকে।৩ এই মৰ্যাদা থকা জীৱ-জন্তুবোৰে ভাবুকি বা বিলুপ্ত হোৱাৰ সম্ভাৱনা নাথাকে। কিন্তু প্ৰাকৃতিক দুৰ্যোগ বা কিছুমান মানুহৰ কাৰ্য্যকলাপৰ ফলত ইহঁত এই দুয়োটা শ্ৰেণীবিভাজনলৈ সলনি হ'ব পাৰে।৪

আগতে এই শ্ৰেণীবিভাজনক তিনিটা প্ৰকাৰত উপবিভক্ত কৰা হৈছিল:

  • সংৰক্ষণ নিৰ্ভৰ - য'ত বৰ্তমানৰ সংৰক্ষণ ব্যৱস্থা বন্ধ কৰাৰ ফলত ইয়াক উচ্চ বিপদৰ স্তৰত শ্ৰেণীভুক্ত কৰা হ'ব পাৰে।
  • সংকটাসন্ন - অদূৰ ভৱিষ্যতে বিপদৰ সন্মুখীন হ’ব পাৰে কিন্তু বৰ্তমান মাপকাঠী পূৰণ কৰিব পৰা নাই।
  • ন্যূনতম উদ্বেগজনক - য'ত ওপৰৰ দুয়োটাৰে কোনোটোৱেই প্ৰযোজ্য নহয়।

তথ্যসূত্ৰ

  1. ↑ Raw Data to Red List. IUCN Red List of Threatened Species
  2. ↑ IUCN Red List of Threatened Species. www.iucn.org
  3. ↑ lower risk species (IUCN). www.eionet.europa.eu
  4. ↑ What are the differences between endangered, threatened, imperiled, and at-risk species? · U.S. Geological Survey. www.usgs.gov

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন্যূনতম সংকটজনক প্ৰজাতি” প্ৰবন্ধৰ সংশোধন ৪২৫৭১৫ (১২ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।