অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নেফথিছ

নেফথিছ বা নেবেট-হেটচ প্ৰাচীন মিচৰীয় ধৰ্মৰ এগৰাকী দেৱী আছিল। তেওঁ ইজিপ্তৰ পৌৰাণিক আখ্যানসমূহত হিলিঅ'পলিছৰ মহান এনীড অৰ্থাৎ নগৰাকী বিশিষ্ট দেৱ-দেৱীৰ গোটৰ সদস্য। তেওঁ আছিল নুট আৰু গেবৰ জীয়ৰী।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৯২ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নেফথিছ বা নেবেট-হেটচ প্ৰাচীন মিচৰীয় ধৰ্মৰ এগৰাকী দেৱী আছিল। তেওঁ ইজিপ্তৰ পৌৰাণিক আখ্যানসমূহত হিলিঅ'পলিছৰ মহান এনীড অৰ্থাৎ নগৰাকী বিশিষ্ট দেৱ-দেৱীৰ গোটৰ সদস্য। তেওঁ আছিল নুট আৰু গেবৰ জীয়ৰী। নেফথিছক সাধাৰণতে তেওঁৰ ভগ্নী আইচিছৰ সৈতে অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত সংযুক্ত কৰা হৈছিলি১ কিয়নো তেওঁলোকে মামিৰ ৰক্ষক আৰু দেৱতা অচাইৰিছ আৰু ছেটৰ ভগ্নী তথা পত্নীৰ ভূমিকা পালন কৰিছিল।

তেওঁ শোক, ৰাতি/আন্ধাৰ, সেৱা (বিশেষকৈ মন্দিৰৰ), প্ৰসৱ, মৃতক, সুৰক্ষা, যাদু, স্বাস্থ্য, মৃতদেহ, আৰু নিচাযুক্ত পানীয়ৰ সৈতে জড়িত দেৱী আছিল।

ব্যুৎপত্তি

নেফথিছ হৈছে এটা গ্ৰীক উপনাম বা উপাধি। নেফথিছ দেৱীৰ উৎপত্তিৰ বিষয়টো স্পষ্ট নহয় যদিও তেওঁৰ নামৰ আক্ষৰিক অনুবাদ সাধাৰণতে গৃহৰ নাৰী (লেডী অৱ দ্য হাউচ) বা মন্দিৰৰ নাৰী (লেডী অৱ দ্য টেম্পল) বুলি দিয়া হয়।

এই উপাধিটো হয়তো এটা নিৰ্দিষ্ট নামতকৈ নেফথিছৰ কাৰ্য্যক বৰ্ণনা কৰা উপনাম হোৱাৰ সম্ভাৱনা অধিক। সম্ভৱতঃ ই নেফথিছৰ এক বিশেষ মন্দিৰৰ সৈতে সম্পৰ্ক বা মিচৰৰ মন্দিৰৰ আচাৰ-ব্যৱহাৰৰ কোনো নিৰ্দিষ্ট দিশৰ ইংগিত বহন কৰে। তেওঁৰ ভগ্নী আইচিছৰ সৈতে নেফথিছে মন্দিৰৰ প্ৰৱেশদ্বাৰক প্ৰতিনিধিত্ব কৰিছিল। এই প্ৰৱেশ পথটো দিগন্ত বা আখেতৰ প্ৰতীক আছিল।

কাৰ্য্য

নেফথিছৰ প্ৰতিমূৰ্তি, পেৰিছ, ফ্ৰান্স
নেফথিছৰ প্ৰতিমূৰ্তি, পেৰিছ, ফ্ৰান্সছবি: Rama · CC BY-SA 3.0 fr

পঞ্চম বংশৰ সময়ৰ পিৰামিডৰ লেখনিসমূহত নেফথিছক হেলিঅ'পলিটান এনীডৰ (নগৰাকী দেৱ-দেৱীৰ গোট) দেৱী হিচাপে দেখা যায়। তেওঁ আইচিছৰ ভগ্নী আৰু যুদ্ধসদৃশ দেৱতা ছেটৰ সংগী। আইচিছ আৰু বিশেষকৈ অচাইৰিছৰ ভগ্নী হিচাপে নেফথিছ এগৰাকী সুৰক্ষা সম্পৰ্কীয় দেৱ। আইচিছে জন্মৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে নেফথিছ মৃত্যুৰ অভিজ্ঞতাৰ প্ৰতীক। নেফথিছক প্ৰাচীন মিচৰৰ কিছুসংখ্যক মন্দিৰৰ ধৰ্মতত্ত্ব আৰু ব্ৰহ্মাণ্ডবিজ্ঞানত "সহায়ক দেৱী" বা "উৎকৃষ্ট দেৱী" বুলি জনা গৈছিল।২ এই শেষৰ প্ৰাচীন মিচৰৰ মন্দিৰৰ লেখনিসমূহত এগৰাকী দেৱীৰ বৰ্ণনা কৰা হৈছে যি ঈশ্বৰৰ সহায় আৰু সুৰক্ষামূলক অভিভাৱকত্বক প্ৰতিনিধিত্ব কৰিছিল।

কিছুসংখ্যক আখ্যানত নেফথিছক অন্ত্যেষ্টিক্ৰিয়াৰ দেৱতা অনুবিছৰ (ইনপু) মাতৃ হিচাপে গণ্য কৰা হয়।৩৪ কোনো কোনো সময়ত অনুবিছক বাষ্টেট ৫ বা আইচিছৰ পুত্ৰ হিচাপেও উপস্থাপন কৰা হয়। নুবিয়াত নেফথিছক অনুবিছৰ পত্নী বুলি কোৱা হৈছিল।৬

সাধাৰণতে হ’ৰাছৰ মাহীয়েক বুলি গণ্য কৰিলেও হ’লেও নেফথিছে প্ৰায়ে তেওঁৰ মাতৃ হিচাপেও দেখা দিয়ে। আনকি তেওঁক হ’ৰাছৰ পত্নী হিচাপেও দেখা যায়।৭ অৱতাৰী ফাৰাও দেৱতা হ'ৰাছৰ প্ৰাথমিক "শুশ্ৰূষাকাৰিণী মাতৃ" হিচাপে নেফথিছকো ৰাজত্ব কৰা ফাৰাওসকলৰ শুশ্ৰূষাকাৰিণী হিচাপে গণ্য কৰা হৈছিল।৮ আন দেৱীসকলেও এই ভূমিকা গ্ৰহণ কৰিব পাৰিছিল যদিও এই কাৰ্য্যত সাধাৰণতে নেফথিছক চিত্ৰিত কৰা হৈছিল। ইয়াৰ বিপৰীতে নেফথিছক কেতিয়াবা যথেষ্ট উগ্ৰ আৰু বিপজ্জনক দেৱী হিচাপে চিহ্নিত কৰা হয। তেওঁ নিজৰ আগ্নেয় নিশ্বাসেৰে ফাৰাওৰ শত্ৰুসকলক জ্বলাই পেলাব পাৰে।

প্ৰতীক

অন্ত্যেষ্টিক্ৰিয়াৰ ভূমিকাত নেফথিছক প্ৰায়ে চিলনী বা শেনৰ ডেউকা থকা এগৰাকী মহিলা হিচাপে চিত্ৰিত কৰা হৈছিল। সাধাৰণতে সুৰক্ষাৰ প্ৰতীক হিচাপে এই ডেউকা মেলি দিয়াৰ ৰূপত চিত্ৰিত কৰা হৈছিল। চিলনী বা মিচৰৰ শেনৰ সৈতে নেফথিছৰ সম্পৰ্কই (আৰু ইয়াৰ তীক্ষ্ণ, শোকপূৰ্ণ চিঞৰ) স্পষ্টভাৱ ক্ৰন্দনৰত মহিলাসকলে মৃতকৰ বাবে কৰা বিলাপৰ কথা মনত পেলাই দিছিল।৯

তথ্যসূত্ৰ

  1. ↑ Abeer El-Shahawy books.google.co.uk The funerary art of Ancient Egypt: a bridge to the realm of the hereafter (106 pages) American University in Cairo Press, 2005 [Retrieved 2011-12-12]
  2. ↑ Wilson. (1997). A Ptolemaic Lexikon: A lexicographical study of the texts in the Temple of Edfu. OLA
  3. ↑ Wainwright. (February 1941). Seshat and the Pharaoh. The Journal of Egyptian Archaeology. পৃ. 30–40
  4. ↑ Schomp. (2007). The Ancient Egyptians. Marshall Cavendish. পৃ. 27
  5. ↑ Györy. (2003). A Delta-man in Yebu. Universal Publishers. পৃ. 219
  6. ↑ Lévai. (2007). Aspects of the Goddess Nephthys, Especially During the Graeco-Roman Period in Egypt. UMI
  7. ↑ Lévai. (2007). Aspects of the Goddess Nephthys, Especially During the Graeco-Roman Period in Egypt. UMI
  8. ↑ Kitchen. (1993). Ramesside Inscriptions. Blackwell
  9. ↑ James P. Allen, Peter Der Manuelian, 'The Pyramid Texts' SBL, 2005

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ইজিপ্তৰ দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেফথিছ” প্ৰবন্ধৰ সংশোধন ৬৩১০৮৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।