অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাৰাও

ফাৰাও (Pharaoh) হৈছে প্ৰাচীন ইজিপ্টৰ প্ৰথমটো ৰাজবংশৰ পৰা (৩১৫০ খ্ৰীষ্টপূৰ্ব) ৰোমানসকলে অধিগ্ৰহণ কৰালৈকে (৩০ খ্ৰীষ্টপূৰ্ব) সম্ৰাটসকলক বুজাবলৈ বৰ্তমান কালত ব্যৱহাৰ কৰা উপাধি। অৱশ্যে ফাৰাও শব্দটো ১২১০ খ্ৰীষ্টপূৰ্বৰ আগলৈকে অৰ্থাৎ মাৰ্নেপ্টাহৰ ৰাজত্বকালৰ পূৰ্বে সমসাময়িক শাসকসকলে ব্যৱহাৰ কৰা নাছিল।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ৯৪২ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ফাৰাও (Pharaoh) হৈছে প্ৰাচীন ইজিপ্টৰ প্ৰথমটো ৰাজবংশৰ পৰা (৩১৫০ খ্ৰীষ্টপূৰ্ব) ৰোমানসকলে অধিগ্ৰহণ কৰালৈকে (৩০ খ্ৰীষ্টপূৰ্ব) সম্ৰাটসকলক বুজাবলৈ বৰ্তমান কালত ব্যৱহাৰ কৰা উপাধি।১ অৱশ্যে ফাৰাও শব্দটো ১২১০ খ্ৰীষ্টপূৰ্বৰ আগলৈকে অৰ্থাৎ মাৰ্নেপ্টাহৰ ৰাজত্বকালৰ পূৰ্বে সমসাময়িক শাসকসকলে ব্যৱহাৰ কৰা নাছিল। অষ্টাদশ ক্ৰমৰ ৰাজবংশৰ শাসনকালৰ মধ্যভাগলৈকে কিং বা ৰজা শব্দটোৱেই অধিক ব্যৱহাৰ হৈছিল। প্ৰাৰম্ভিক কালৰ ৰাজবংশসমূহৰ ৰজাসকলে তিনিটালৈকে উপাধি গ্ৰহণ কৰিছিল। সেয়া আছিল হ'ৰাছ, ছেয আৰু বি, আৰু দুই নাৰী (উজনি আৰু নামনি অঞ্চলৰ দুই প্ৰতিপালক দেৱী) বা নেবটি উপাধি। পিছলৈ গ'ল্ডেন বা সোণালী হ'ৰাছ, ন'মেন বা প্ৰেন'মেন আদি উপাধিৰো সংযোজন ঘটে।

ইজিপ্টৰ সমাজত সকলোৰে জীৱনত ধৰ্ম কেন্দ্ৰীয় বিষয় আছিল। দেৱতা আৰু জনসাধাৰণৰ মাজত মধ্যস্থতাকাৰী হিচাপে ভূমিকা পালন কৰাটো ফাৰাওৰ এক দায়িত্ব আছিল। সেয়ে অসামৰিক আৰু ধাৰ্মিক উভয় ক্ষেত্ৰৰে প্ৰশাসক হিচাপে ফাৰাওক নিযুক্ত কৰা হৈছিল। তেওঁ ইজিপ্টৰ সমস্ত ভূখণ্ডৰ গৰাকী হোৱাৰ লগতে আইন প্ৰণয়ন কৰা, কৰ সংগ্ৰহ কৰা আৰু সামৰিক বাহিনীৰ সেনানায়ক হিচাপে অনুপ্ৰৱেশকাৰীৰ পৰা দেশখনক সুৰক্ষা প্ৰদান কৰিছিল।২ ধৰ্মৰ ক্ষেত্ৰত ফাৰাওসকলে ধৰ্মীয় অনুষ্ঠানসমূহৰ গুৰি ধৰিছিল আৰু নতুন মন্দিৰ নিৰ্মাণ কৰাৰ ঠাই নিৰ্বাচন কৰিছিল। মাট অৰ্থাৎ সমতা আৰু ন্যায় ৰক্ষা কৰাটো ফাৰাওসকলৰ অন্যতম দায়িত্ব আছিল আৰু প্ৰতিৰক্ষা বা সমল আহৰণৰ বাবে যুদ্ধলৈ যোৱাটোও ইয়াৰ এক অংশ আছিল।৩

প্ৰাৰম্ভিক কালত উজনি আৰু নামনি ইজিপ্টৰ একত্ৰীকৰণৰ আগলৈকে ডেছ্ৰেট বা ৰক্তবৰ্ণ মুকুটে নামনি ইজিপ্টক সূচাইছিল। ইয়াৰ বিপৰীতে হেডজেট বা শুভ্ৰবৰ্ণ মুকুট উজনিৰ ৰজাসকলে পৰিধাণ কৰিছিল। দুয়োখণ্ড একেলগ হোৱাৰ পিছত ৰক্ত আৰু শুভ্ৰবৰ্ণৰ মুকুটো একলগ কৰি ফাৰাওসকলৰ আনুষ্ঠানিক শিৰোধান হিচাপে স্কেণ্টৰ জন্ম দিয়া হয়। সময় বাগৰাৰ লগে লগে বিভিন্ন ৰাজবংশৰ উত্থান ঘটে আৰু ইয়াৰ লগে লগে খাট, নেমিছ, এটিফ, হেমহেম আৰু খেপ্ৰেছ আদি শিৰোধানৰ সৃষ্টি হয়। কোনো কোনো সময়ত এই শিৰোধানসমূহৰ একেলগে সানমিহলি কৰি পৰিধান কৰাৰ কথাও পোৱা যায়।

ব্যুৎপত্তি

ফাৰাও শব্দটো ইজিপ্টিয় ভাষাৰ pr-ꜥꜣ (পাৰোৱাৰ) পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ উচ্চ বা মহান ঘৰ (পৰিয়াল)। উচ্চ ঘৰ বা প্ৰাসাদৰ গৰাকীক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল।৪

নতুন ৰাজ্যিক আৰু দ্বিতীয় মধ্যযুগীয় কালত pr-ꜥꜣ শব্দটো ৰজাক বুজাবলৈ ব্যৱহৃত হ'বলৈ ধৰে। আখেনাটেনৰ (ৰাজত্বকাল ১৩৫৩-১৩৩৬ খ্ৰীষ্টপূৰ্ব) সময়তেই এই শব্দটো ব্যৱহাৰ হোৱাৰ প্ৰাচীনতম তথা নিশ্চিত প্ৰমাণ পোৱা গৈছে।৫৬ অৱশ্যে ৩য় থূটমছক (ৰাজত্বকাল ১৪৭৯-১৪২৫ খ্ৰীষ্টপূৰ্ব) বুজাবলৈয়ো pr-ꜥꜣৰ ব্যৱহাৰ হোৱাৰ সম্ভাৱনীয়তা দেখা যায় কিয়নোএৰ্মাণ্টৰ মন্দিৰত উদ্ধাৰ হোৱা লিপিত pr-ꜥꜣ শব্দটো ৰজাক বুজাবলৈ ব্যৱহাৰ কৰাৰ থল আছে।৭ খ্ৰীষ্টপূৰ্ব ষোড়শৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰৰ অষ্টাদশ ৰাজবংশত pr-ꜥꜣ উপাধিৰে শাসকৰ প্ৰতিৰক্ষা সম্পৰ্কীয় পদবীক মান্যতা দিয়া হৈছিল। খ্ৰীষ্টপূৰ্ব দশম শতিকাৰ একবিংশতম সাম্ৰাজ্যৰ সময়ছোৱাত শাসকসকলৰ নামৰ আগত অন্য উপাধিৰ লগতে pr-ꜥꜣকো সংযোগ কৰা হৈছিল। পঞ্চবিংশতিতম ৰাজবংশৰ (অষ্টমৰ পৰা সপ্তম খ্ৰীষ্টপূৰ্ব) কালছোৱাত ৰজাৰ নামৰ আগত কেৱল ফাৰাও উপাধিহে ব্যৱহাৰ হ'বলৈ ধৰে। ৮ ঊনবিংশতম ৰাজবংশৰ সময়ৰে পৰা pr-ꜥꜣ শব্দটো ḥm (হেম) অৰ্থাৎ মহিমা বা গৌৰৱ হিচাপে ব্যৱহাৰ হ'বলৈ ধৰে।৯

কোনো শাসকৰ নামৰ আগত ফাৰাওৰ ব্যৱহাৰ হোৱাৰ প্ৰথমটো উদাহৰণ ছিয়ামুনৰ ৰাজত্বকালৰ সপ্তদশ বছৰত কৰ্ণাক মন্দিৰৰ পুৰোহিতৰ ইতিহাসত পোৱা যায়।১০ এই নতুন পৰম্পৰাটো পিছৰগৰাকী শাসক দ্বিতীয় ছুচেনছৰ লগতে একবিংশ ৰাজবংশৰ পৰৱৰ্তী শাসকসকলৰ সময়তো অব্যাহত থাকে।১১

সেই সময়লৈকে ইজিপ্টিয় মূলৰ শব্দটোৰ উচ্চাৰণ (পাৰ') হৈ পৰে।১২ হিব্ৰু বাইবেলতো উপাধিটো হিচাপে পোৱা যায়।১৩

ইংৰাজী ভাষাত এই শব্দটো প্ৰথমে ফাৰাঅ' (Pharao) হিচাপে উচ্চাৰণ কৰা হৈছিল যদিও ৰজা জেমছৰ বাইবেল সংস্কৰণৰ মতে ইয়াক ফাৰাও (Pharaoh) হিচাপে উচ্চাৰণ কৰিবলৈ লোৱা হয়। ইজিপ্টত উক্ত শব্দটোৱে কপ্টিক ভাষাৰ পেৰ'ৰ অপভ্ৰংশ হিচাপে বিকাশ লাভ কৰিছে।১৪

ৰাজকীয় চিহ্ন

ৰাজদণ্ড আৰু লাঠী

খাছেখএমুইৰ মণিযুক্ত ৰাজদণ্ড (ব'ষ্টনৰ মিউজিয়াম অফ ফাইন আৰ্টছ)।
খাছেখএমুইৰ মণিযুক্ত ৰাজদণ্ড (ব'ষ্টনৰ মিউজিয়াম অফ ফাইন আৰ্টছ)।ছবি: Keith Schengili-Roberts · CC BY-SA 2.5

ৰ মুখাত ইউৰিয়াছ।]]

ৰাজদণ্ড আৰু লাঠি প্ৰাচীন ইজিপ্টত প্ৰাধিকাৰৰ সাধাৰণ প্ৰতীক আছিল।১৫ এবিডছত অৱস্থিত খাছেখএমুইৰ সমাধিত উদ্ধাৰ হোৱা ৰাজদণ্ড প্ৰাচীনতম নমুনাসমূহৰ অন্যতম।১৫ ৰজাসকলক এডাল লাঠি ধাৰণ কৰা অৱস্থাতো চিত্ৰায়িত কৰা দেখা গৈছে।১৬ আটাইতকৈ পুৰণি ৰাজদণ্ডৰ ভিতৰত ভেঁ‌ড়াৰখীয়াৰ লাখুটি বা হাঁ‌কোটা (শ্বেফাৰ্ডছ ক্ৰুক) সদৃশ মূৰৰ ফালে আঁ‌কোৰা হেকা নামৰ দণ্ডৰ চিন পোৱা যায়।১৭ প্ৰাকঐতিহাসিক যুগৰে পৰা এই প্ৰতীকটো ব্যৱহাৰ হোৱাৰ উদাহৰণ পোৱা যায়। এবিডছএলৰ এটা সমাধিত খ্ৰীষ্টপূৰ্ব ৩২০০-৩০০০-ৰ সময়ৰ এক ৰাজদণ্ড পোৱা গৈছে।

অন্য এবিধ ৰাজদণ্ডৰ নাম হৈছে ৱাছ।১৭ এই দণ্ডৰ মূৰটো এক জন্তুৰ শিৰৰ আকৃতিৰ। প্ৰথমখন সাম্ৰাজ্যৰ সময়ৰ ৰজা আৰু দেৱতা উভয়ৰে হাতত ৱাছ দণ্ড দেখা পোৱা যায়।

তৃতীয়বিধ ৰাজদণ্ড হৈছে ফ্লেইল। এইবিধ দণ্ড সাধাৰণতে হেকা দণ্ডৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। ফ্লেইলৰ মূৰত এডাল জৰী বা শিকলি সংলগ্ন হৈ থাকে।১৮

সৰ্পচিহ্ন

ফাৰাওসকলে ইউৰিয়াছ নামৰ এক সৰ্পচিহ্ন ধাৰণ কৰিছিল। প্ৰথম ৰাজবংশৰ ৰজা ডেনৰ সময়ৰেপৰাই ইউৰিয়াছৰ উপস্থিতিৰ প্ৰমাণ পোৱা যায়। এই সৰ্পই শত্ৰুসকলৰ ওপৰত বিষবৰ্ষণ কৰি ফাৰাওজনক সুৰক্ষা দিয়া বুলি ধাৰণা কৰা হৈছিল।১৯

শিৰোধান

ডেছ্ৰেট

ডেছ্ৰেট হৈছে নামনি ইজিপ্টৰ ফাৰাওসকলে পৰিধান কৰা ৰঙা ৰংৰ শিৰোধান। প্ৰাক-সাম্ৰাজ্যিক কালৰেপৰা ডেছ্ৰেটৰ অৱস্থিতি পোৱা যায় আৰু ই মুখ্য শাসনকৰ্তাজনক সূচায়। নাইল নদীৰ পাৰৰ নাকাডাত উদ্ধাৰ হোৱা এক মাটিৰ পাত্ৰত ডেছ্ৰেটৰ চিত্ৰ পোৱা গৈছে। কিছুসংখ্যক শৈলশিল্পত ফাৰাও নৰ্মাৰে ডেছ্ৰেট পৰিধান কৰি থকাৰ চিত্ৰ খোদিত আছে।২০

হেডজেট

হেডজেট হৈছে এক শুকুলা ৰংৰ মুকুট বা শিৰোধান। উজনি ইজিপ্টত প্ৰাক-সাম্ৰাজ্যিক কালতেই দ্বিতীয় স্কৰপিয়নে ইয়াক পৰিধান কৰিছিল। পিছলৈ ফাৰাও নৰ্মাৰেও ইয়াক পৰিধান কৰে।২১

স্কেণ্ট

স্কেণ্ট হৈছে ডেছ্ৰেট আৰু হেডজেটৰ সন্মিলিত এক ৰূপ। প্ৰথম ৰাজবংশৰ মধ্যভাগতে ইয়াৰ ব্যৱহাৰৰ কথা নথিভুক্ত কৰা হৈছে। সম্ভৱতঃ ৰজা জেটৰ সময়তে ইয়াক প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা হৈছিল নতুবা ফাৰাও ডেনৰ সময়ত ইয়াক নিশ্চিতকৈ পৰিধান কৰা হৈছিল।২২

খাট

খাট হৈছে একপ্ৰকাৰৰ ৰুমালসদৃশ বস্ত্ৰ যাৰ মূঅৰ দুটা পনিটেইলৰ দৰে বান্ধি লোৱা হৈছিল। ডেনৰ ৰাজত্বকালতে শিল্পকলাত খাটৰ প্ৰথম চিত্ৰায়ন পোৱা যায়। অৱশতে ফাৰাও জ'ছেৰৰ সময়লৈকে ইয়াক দেখা নাযায়।২৩

নেমিছ

নেমিছ নামৰ শিৰোধান জ'ছেৰৰ সময়ৰেপৰাই ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা যায়। ফাৰাওসকলৰ সময়ৰ প্ৰাচীন ইজিপ্টত ই সৰ্বাধিক ব্যৱহৃত মুকুট। খাটৰ বাহিৰে অন্য শিৰোধানসমূহ নেমিছৰ ওপ্ৰত পৰিধান কৰা হৈছিল। এজন ফাৰাওৰ সমাধিত থকা তেওঁৰ প্ৰতিমূৰ্তিত ফাৰাওজনক নেমিছ পৰিধান কৰা ৰূপন চিত্ৰায়িত কৰা হৈছে।২২

এটিফ

এটিফ।
এটিফ।ছবি: Jeff Dahl · CC BY-SA 4.0

এটিফ হৈছে পাখি আৰু চক্ৰ সংযোজিত হেডজেট। দেৱতা অচাইৰিছক এটিফ নামৰ শিৰোধান পৰিহিত অৱস্থাত উপস্থাপন কৰা হয়।২৪

হেমহেম

হেমহেম নামৰ শিৰোধান সাধাৰণতে নেমিছ, স্কেণ্ট বা ডেছ্ৰেটৰ ওপৰত পৰিধান কৰা হয়। ইয়াৰ সৈতে ভেঁ‌ড়াৰ শিংৰ আকৃতি সংলগ্ন হৈ থকা দেখা যায়। অষ্টাদশ ৰাজবংশৰ সময়ৰে পৰা হেমহেমৰ ব্যৱহাৰ আৰম্ভ হয়।২৫

খেপ্ৰেছ

নীলবৰ্ণ খেপ্ৰেছ।
নীলবৰ্ণ খেপ্ৰেছ।ছবি: Jeff Dahl · CC BY-SA 4.0

নীলবৰ্ণী মুকুটৰূপে জনাজাত খেপ্ৰেছৰ চিত্ৰ নিউ কিংডম বা নতুন ৰাজ্যৰ বিভিন্ন শিল্পকলাত পোৱা যায়। যুদ্ধ-বিগ্ৰহত এই শিৰোধানৰ পিন্ধাৰ লগতে ফাৰাওসকলে বিভিন্ন অনুষ্ঠানত ইয়াক পৰিধান কৰিছিল।২৬

ইজিপ্ট'লজিষ্ট বব ব্ৰায়াৰৰ মতে এই শিৰোধানসমূহ ব্যাপক ৰূপত ৰাজকীয় চিত্ৰসমূহত অংকন কৰা হৈছে যদিও কোনো প্ৰাচীন শিৰোধান এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। টুটানখামেনৰ সমাধিটো অক্ষত অৱস্থাত পোৱা গৈছিল যদিও অন্তিম সংস্কাৰৰ সামগ্ৰীসমূহৰ ভিতৰত ৰাজদণ্ড আদিৰ বাদে এনে কোনো শিৰোধান পোৱা নগ'ল।২৭ এই শিৰোধানসমূহত যাদুকৰী গুণ আছে বুলি ভবা হৈছিল। ব্ৰায়াৰৰ মতে শিৰোধানসমূহ ধৰ্মীয় বা ৰাজ্যিক সম্পত্তি আছিল আৰু সেয়ে কোনো মৃত ফাৰাওক ব্যক্তিগত সম্পত্তি হিচাপে উছৰ্গা নকৰি ইয়াক পৰৱৰ্তী ফাৰাওসমূহক দিয়া হৈছিল।২৮

উপাধি

ইজিপ্টৰ সাম্ৰাজ্যসমূহ স্থাপিত হোৱাৰ প্ৰাৰম্ভিক কালছোৱাত ৰজাজনে তিনিটা উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত হ'ৰাছ উপাধি আছিল আটাইতকৈ পুৰণি। প্ৰথম ৰাজবংশৰ কালছোৱাতে নেছু বিটি উপাধিৰ প্ৰচলন হয় আৰু এই সময়ছোৱাৰ শেষলৈ নেবটি উপাধিও ইয়াত অন্তৰ্ভুক্ত হয়।২২ বিক ন্ব' বা সোণালী ঈগল উপাধিটোৰ সম্পৰ্কে ভালদৰে বুজা নাযায়। পৰৱৰ্তী সময়ত ন'মেন আৰু প্ৰেন'মেন ইপাধি দুটাৰ প্ৰচলন হ'বলৈ লয়।২৯ মধ্যকালৰ ৰাজ্যখনত শাসক এগৰাকীয়ে পাঁ‌চটা উপাধি গ্ৰহণ কৰিবলৈ লয়। এয়া ক্ৰমে হ'ৰাছ, নেবটি, গ'ল্ডেন হ'ৰাছ, ন'মেন আৰু প্ৰেন'মেন।৩০

তথ্যসূত্ৰ

  1. ↑ Clayton, Peter A. Chronicle of the Pharaohs the Reign-by-reign Record of the Rulers and Dynasties of Ancient Egypt. London: Thames & Hudson, 2012. Print
  2. ↑ (1999). Pharaoh. AncientEgypt.co.uk. The British Museum
  3. ↑ Mark, Joshua. (2 September 2009). Pharaoh - World History Encyclopedia. World History Encyclopedia
  4. ↑ A. Gardiner, Ancient Egyptian Grammar (3rd edn, 1957), 71–76
  5. ↑ Hieratic Papyrus from Kahun and Gurob, F. LL. Griffith, 38, 17
  6. ↑ Petrie, W. M. (William Matthew Flinders); Sayce, A. H. (Archibald Henry); Griffith, F. Ll (Francis Llewellyn). (1891). Illahun, Kahun and Gurob: 1889-1890. London: D. Nutt. পৃ. 50
  7. ↑ Robert Mond and O.H. Meyers. Temples of Armant, a Preliminary Survey: The Text, The Egypt Exploration Society, London, 1940, 160
  8. ↑ "pharaoh" in Encyclopædia Britannica. Ultimate Reference Suite. Chicago: Encyclopædia Britannica, 2008
  9. ↑ Doxey, Denise M. (1998). Egyptian Non-Royal Epithets in the Middle Kingdom: A Social and Historical Analysis. BRILL. পৃ. 119. ISBN 90-04-11077-1
  10. ↑ J-M. Kruchten, Les annales des pretres de Karnak (OLA 32), 1989, pp. 474–478
  11. ↑ Alan Gardiner, "The Dakhleh Stela", Journal of Egyptian Archaeology, Vol. 19, No. 1/2 (May, 1933) pp. 193–200
  12. ↑ Herodotus, Histories 2.111.1. See Anne Burton. (1972). Diodorus Siculus, Book 1: A Commentary. Brill, commenting on ch. 59.1
  13. ↑ Elazar Ari Lipinski: "Pesach – A holiday of questions. About the Haggadah-Commentary Zevach Pesach of Rabbi Isaak Abarbanel (1437–1508). Explaining the meaning of the name Pharaoh." Published first in German in the official quarterly of the Organization of the Jewish Communities of Bavaria: Jüdisches Leben in Bayern. Mitteilungsblatt des Landesverbandes der Israelitischen Kultusgemeinden in Bayern. Pessach-Ausgabe Nr. 109, 2009, S. 3–4
  14. ↑ Walter C. Till: "Koptische Grammatik". VEB Verläg Enzyklopädie, Leipzig, 1961. p. 62
  15. ↑ Wilkinson, Toby A.H. Early Dynastic Egypt. Routledge, 2001, p. 158
  16. ↑ Wilkinson, Toby A.H. Early Dynastic Egypt. Routledge, 2001, p. 159
  17. ↑ Wilkinson, Toby A.H. Early Dynastic Egypt. Routledge, 2001, p. 160
  18. ↑ Wilkinson, Toby A.H. Early Dynastic Egypt. Routledge, 2001, p. 161
  19. ↑ Wilkinson, Toby A.H. Early Dynastic Egypt. Routledge, 2001, p. 162
  20. ↑ Wilkinson, Toby A. H. Early Dynastic Egypt. p.6 Routledge, London. 1999
  21. ↑ Jill Kamil, The Ancient Egyptians: Life in the Old Kingdom, American Univ in Cairo Press 1996, p.61
  22. ↑ Wilkinson, Toby A.H. Early Dynastic Egypt. Routledge, 2001
  23. ↑ Brooklyn Museum online Ancient Egypt glossary. Accessed March 29, 2006
  24. ↑ Beach, Frederick Converse; Rines, George Edwin. (1912). The Americana: a universal reference library, comprising the arts and sciences, literature, history, biography, geography, commerce, etc., of the world.. Scientific American Compiling Dept. পৃ. 990
  25. ↑ Lobban Jr., Richard A. (2003). Historical Dictionary of Ancient and Medieval Nubia. Scarecrow Press. পৃ. 364. ISBN 978-0810865785
  26. ↑ e.g. Myśliwiec, Karol, Eros on the Nile, Cornell University Press 2004, p.14
  27. ↑ Shaw, Garry J. The Pharaoh, Life at Court and on Campaign. Thames and Hudson, 2012, pp. 21, 77
  28. ↑ Bob Brier, The Murder of Tutankhamen, 1998, p. 95
  29. ↑ Dodson, Aidan and Hilton, Dyan. The Complete Royal Families of Ancient Egypt. Thames & Hudson. 2004
  30. ↑ Ian Shaw, The Oxford History of Ancient Egypt, Oxford University Press 2000, p. 477

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ইজিপ্টইজিপ্টৰ দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰাও” প্ৰবন্ধৰ সংশোধন ৪৯৬৬৮৩ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।