প্ৰাচীন ইজিপ্তৰ দেৱ-দেৱী
১৪ প্ৰবন্ধ
-
অচাইৰিছ
অচাইৰিছ (Osiris) হৈছে প্ৰাচীন ইজিপ্টৰ উৰ্বৰতা, কৃষি, পৰলোক, মৃত্যু, পুনৰজীৱন আৰু জীৱনৰ দেৱতা। তেওঁৰ গাৰ বৰণ সেউজীয়া। অচিৰিছক ফাৰাওসকলৰ দৰে কৃত্ৰিম দাড়ি, ভৰিত মামীসমূহ মেৰিওৱা বস্ত্ৰ আৰু এটিফ মুকুটেৰে সৈতে চিত্ৰায়িত কৰা হয়। তেওঁ হাতত হাঁকোটা আৰু ফ্লেইল ধাৰণ কৰে।
-
আইচিছ
আইচিছ (মিচৰীয় ভাষা:Egyp) প্ৰাচীন ইজিপ্ত অৰ্থাৎ মিচৰৰ এগৰাকী দেৱী। প্ৰাচীন ইজিপ্তৰ ধৰ্ম অনুসৰি তেওঁ এগৰাকী প্ৰধান দেৱী আছিল আৰু গ্ৰীক-ৰোমান সভ্যতাৰ সময়ত তেওঁৰ উপাসনাই প্ৰসাৰ লাভ কৰিছিল।
-
ৰা (সূৰ্যদেৱতা)
ৰা বা ৰে (Ra) হৈছে প্ৰাচীন মিছৰীয় সূৰ্য দেৱতা। খ্ৰীষ্টপূৰ্ব ২৫ আৰু ২৪ শতিকাত পঞ্চম ৰাজবংশৰ দ্বাৰা তেওঁ প্ৰাচীন ইজিপ্টীয় ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ দেৱতা হৈ পৰিছিল। তেওঁক প্ৰধানতঃ দুপৰীয়া ৰ'দৰ সৈতে সংযুক্ত কৰা হয়।
-
ছেট (মিচৰীয় দেৱতা)
ছেট (Set) হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ মৰুভূমি, ধুমুহা, বিশৃংখলতা, হিংসা আৰু বিদেশীসকলৰ এজন দেৱতা। প্ৰাচীন গ্ৰীক ভাষাত এই দেৱতাৰ নাম ছেথ (Σήθ) হিচাপে দিয়া হৈছে। ছেটৰ এটা ইতিবাচক ভূমিকাও আছিল য'ত তেওঁ ৰাৰ সৈতে তেওঁ আকাশী নাৱত লৈ আপেপ নামৰ বিশৃংখলতাৰ সৰ্পক বিতাৰণ কৰিবলৈ যায়।
-
নূট
নূট () হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ আকাশ, তাৰকামণ্ডলী, মহাকাশ, মাতৃ, জ্যোতিৰ্বিদ্যা আৰু ব্ৰহ্মাণ্ডৰ দেৱী। তেওঁক পৃথিৱী বা এজনী গাইগৰুৰ ওপৰত ধনুভিৰীয়াকৈ অৱস্থান কৰা সৰ্বশৰীৰ তৰাৰে ঢকা এগৰাকী নগ্ন নাৰীৰ ৰূপত চিত্ৰিত কৰা হয়।
-
অনুবিছ
অনুবিছ ( Anubis, প্ৰাচীন মিচৰীয় ভাষাত Inpu, Inpw, Jnpw) হৈছে প্ৰাচীন মিচৰ ধৰ্মৰ মৃত্যু, মামিকৰণ, মৃতদেহ সংৰক্ষণ, পৰলোক, কবৰস্থান, সমাধি, আৰু পাতালৰ দেৱতা। তেওঁক সাধাৰণতে কুকুৰৰ ৰূপত বা কুকুৰৰ শিৰ থকা মানুহ হিচাপে চিত্ৰিত কৰা হয়।
-
নেফথিছ
নেফথিছ বা নেবেট-হেটচ প্ৰাচীন মিচৰীয় ধৰ্মৰ এগৰাকী দেৱী আছিল। তেওঁ ইজিপ্তৰ পৌৰাণিক আখ্যানসমূহত হিলিঅ'পলিছৰ মহান এনীড অৰ্থাৎ নগৰাকী বিশিষ্ট দেৱ-দেৱীৰ গোটৰ সদস্য। তেওঁ আছিল নুট আৰু গেবৰ জীয়ৰী।
-
টেফনূট
টেফনূট প্ৰাচীন মিচৰ ধৰ্মৰ আৰ্দ্ৰতা, আৰ্দ্ৰ বায়ু, নিয়ৰ আৰু বৰষুণৰ দেৱী। তেওঁ বায়ুৰ মিচৰীয় দেৱতা শ্বুৰ ভগ্নী তথা পত্নী আৰু গেব আৰু নূটৰ মাতৃ।
-
হাপি (দেৱতা)
হাপি হৈছে প্ৰাচীন মিচৰীয় ধৰ্মত নীল নদীৰ বাৰ্ষিক বানৰ দেৱতা। বানৰ ফলত নদীখনৰ পাৰত পলসুৱা মাটি জমা হৈছিল আৰু ইয়াৰ ফলত মিচৰীয়সকলে কৃষিকাৰ্ষ কৰিব পাৰিছিল। হাপি মিচৰীয় লোকসকলৰ মাজত জনপ্ৰিয় আছিল।
-
আকেৰ (দেৱতা)
আকেৰ আছিল প্ৰাচীন মিচৰীয় দিগন্তৰ ব্যক্তিত্ব আৰু পৃথিৱী আৰু পাতালৰ দেৱতা, যাক পূব (বাখু) আৰু পশ্চিম (মানু) দিগন্তক পহৰা দিয়া বুলি বিশ্বাস কৰা হয়।
-
আনি
প্ৰাচীন মিচৰৰ ধৰ্মত আনি বা আনা মিচৰৰ দেৱতা থোথ (Thoth)ৰ বাবে পৱিত্ৰ কুকুৰৰ মূৰ থকা বান্দৰ। ই "চাইনোচেফালাছ বাবুনৰ মিচৰীয় নামসমূহৰ ভিতৰত এটা, যিটো থোথ দেৱতাৰ বাবে পৱিত্ৰ আছিল।" মিচৰীয় হাইৰ'গ্লিফিক শব্দ “বাবুন’’হৈছে jꜥnꜥ, জাৰ্মান শৈলীৰ অনুবাদ লিপিবদ্ধকৰণৰ ৰূপ।
-
ডেডুন
ডেডুন (বা ডেডৱেন) আছিল প্ৰাচীন ইজিপ্ত আৰু চুডানত প্ৰাচীন কালত পূজা কৰা কুছিট বা নেহাছি (C-Group culture) দেৱতা আৰু খ্ৰীষ্টপূৰ্ব ২৪০০ চনতে ইয়াৰ প্ৰমাণ দিয়া হৈছিল।
-
বাষ্টেট
বাষ্টেট বা বাষ্ট্ প্ৰাচীন মিচৰ ধৰ্মৰ এগৰাকী দেৱী আছিল। দ্বিতীয় ৰাজবংশৰ (খ্ৰীষ্টপূৰ্ব ২৮৯০) সময়ৰ পৰাই তেওঁৰ পূজা কৰা হৈছিল। তেওঁৰ নামটো বষ্ট্ আৰু উবাষ্টে বুলিও অনুবাদ কৰা হৈছে। প্ৰাচীন গ্ৰীক ধৰ্মত তেওঁক আইলুৰছ নামেৰে জনা গৈছিল।
-
হেছাট
হেছাট গৰুৰ ৰূপত প্ৰাচীন মিচৰৰ এগৰাকী দেৱী। তেওঁ গাখীৰৰ সৈতে মানৱতা (যাক "হেছাটৰ বিয়েৰ" বুলি কোৱা হয়) আৰু বিশেষকৈ ফেৰাউন আৰু কেইবাজনো প্ৰাচীন মিচৰৰ ষাঁড়ৰ দেৱতাক স্তনপান কৰাইছিল বুলি কোৱা হৈছিল। পিৰামিড লিপিসমূহত তেওঁক অনুবিছৰ আৰু মৃত ৰজাৰ মাতৃ বুলি কোৱা হৈছে।