অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অনুবিছ

অনুবিছ ( Anubis, প্ৰাচীন মিচৰীয় ভাষাত Inpu, Inpw, Jnpw) হৈছে প্ৰাচীন মিচৰ ধৰ্মৰ মৃত্যু, মামিকৰণ, মৃতদেহ সংৰক্ষণ, পৰলোক, কবৰস্থান, সমাধি, আৰু পাতালৰ দেৱতা। তেওঁক সাধাৰণতে কুকুৰৰ ৰূপত বা কুকুৰৰ শিৰ থকা মানুহ হিচাপে চিত্ৰিত কৰা হয়।

হালনাগাদ: ১১ মাৰ্চ ২০২৩ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অনুবিছ ( Anubis, প্ৰাচীন মিচৰীয় ভাষাত Inpu, Inpw, Jnpw) হৈছে প্ৰাচীন মিচৰ ধৰ্মৰ মৃত্যু, মামিকৰণ, মৃতদেহ সংৰক্ষণ, পৰলোক, কবৰস্থান, সমাধি, আৰু পাতালৰ দেৱতা। তেওঁক সাধাৰণতে কুকুৰৰ ৰূপত বা কুকুৰৰ শিৰ থকা মানুহ হিচাপে চিত্ৰিত কৰা হয়।

বহুতো প্ৰাচীন মিচৰৰ দেৱতাৰ দৰে অনুবিছেও বিভিন্ন প্ৰসংগত বিভিন্ন ভূমিকা গ্ৰহণ কৰিছিল। প্ৰথম বংশৰ আগৰ পৰাই (প্ৰায় ৩১০০ – প্ৰায় ২৮৯০ খ্ৰীষ্টপূৰ্ব) কবৰৰ ৰক্ষক হিচাপে চিত্ৰিত কৰা অনুবিছ এজন মৃতদেহ সংৰক্ষকো আছিল। মধ্য ৰাজবংশৰ দ্বাৰা (প্ৰায় ২০৫৫–১৬৫০ খ্ৰীষ্টপূৰ্ব) তেওঁৰ ঠাইত অচাইৰিছে পাতালৰ গৰাকী হিচাপে ভূমিকা পালন কৰে। আত্মাক পৰলোকলৈ অনা দেৱতা হিচাপে তেওঁৰ এটা বিশিষ্ট ভূমিকা আছিল। তেওঁ "হৃদয়ৰ ওজন"ৰ সময়ত ওজন পাল্লাত অংশগ্ৰহণ কৰিছিল, য'ত নিৰ্ধাৰণ কৰা হৈছিল যে কোনো আত্মাক মৃতকৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব নে নহয়। ইজিপ্তৰ সঘনাই চিত্ৰিত আৰু উল্লেখ কৰা দেৱতাসকলৰ ভিতৰত অনুবিছ অন্যতম। অৱশ্যে তেওঁৰ লগত কোনো প্ৰাসংগিক কিংবদন্তি জড়িত নাছিল।১

অনুবিছক ক’লা ৰঙেৰে চিত্ৰিত কৰা হৈছিল। এই ৰং পুনৰুৎপাদন জীৱন, নীল নদীৰ মাটি আৰু মৃতদেহৰ ৰং সলনি হোৱাৰ প্ৰতীক আছিল। অনুবিছৰ সৈতে তেওঁৰ ভাতৃ ৱেপৱাৱেটৰ সম্পৰ্ক আছেন। তেওঁকো ধূসৰ বা শুকুলা নোমৰ সৈতে কুকুৰৰ শিৰ বা কুকুৰৰ ৰূপত চিত্ৰিত কৰা হৈছে। ইতিহাসবিদসকলে ধৰি লৈছে যে এসময়ত দুয়োটা চিত্ৰ একত্ৰিত হৈ পৰিছিল।২ অনুবিছৰ নাৰী সমকক্ষ হৈছে অনপুট। তেওঁৰ কন্যা হৈছে সৰ্পদেৱী কেবেচেট।

নাম

প্ৰকৃততে "অনুবিছ" হৈছে এই দেৱতাৰ মিচৰীয় নামৰ গ্ৰীক অনুবাদ।৩৪ গ্ৰীকসকল মিচৰত উপস্থিত হোৱাৰ আগতে খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাৰ আশে-পাশে তেওঁ আনপু বা ইনপু নামেৰে জনাজাত আছিল। প্ৰাচীন মিচৰীয় ভাষাত এই নামটোৰ মূল অৰ্থ হৈছে "এক ৰাজকীয় সন্তান।" ইনপুৰ মূল হৈছে "ইনপ," যাৰ অৰ্থ "ক্ষয় হোৱা।" দেৱতাজনক "পশ্চিমীয়াসকলৰ প্ৰথমগৰাকী", "পবিত্ৰ দেশৰ প্ৰভু", "তেওঁৰ পবিত্ৰ পৰ্বতৰ ওপৰত থকাজন", "নখন ধনুৰ শাসক", "লক্ষজনক গ্ৰাস কৰা কুকুৰ", "ৰহস্যৰ পণ্ডিত", "মৃতদেহ সংৰক্ষণৰ ঠাইত থকাজন" আদি নামেৰেও জনা গৈছিল।৫ তেওঁৰ পদবীসমূহ তেওঁৰ উপাধিবোৰতো প্ৰতিফলিত হৈছিল।৬

তথ্যসূত্ৰ

  1. ↑ Johnston 2004, পৃ. 579
  2. ↑ Gryglewski 2002, পৃ. 145
  3. ↑ Coulter Turner 2000, পৃ. 58
  4. ↑ Gods and Religion in Ancient Egypt – Anubis
  5. ↑ Anubis. World History Encyclopedia
  6. ↑ (2018). Anubis. Encyclopaedia Britannica

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ইজিপ্টপ্ৰাচীন ইজিপ্তৰ দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুবিছ” প্ৰবন্ধৰ সংশোধন ৩৪৮২৯৬ (১১ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।