অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আইচিছ

আইচিছ (মিচৰীয় ভাষা:Egyp) প্ৰাচীন ইজিপ্ত অৰ্থাৎ মিচৰৰ এগৰাকী দেৱী। প্ৰাচীন ইজিপ্তৰ ধৰ্ম অনুসৰি তেওঁ এগৰাকী প্ৰধান দেৱী আছিল আৰু গ্ৰীক-ৰোমান সভ্যতাৰ সময়ত তেওঁৰ উপাসনাই প্ৰসাৰ লাভ কৰিছিল।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৩ ৪০১ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ
আইচিছৰ দেৱাল চিত্ৰণ
আইচিছৰ দেৱাল চিত্ৰণছবি: Ägyptischer Maler um 1360 v. Chr. · Public domain

আইচিছ (মিচৰীয় ভাষা:Egyp) প্ৰাচীন ইজিপ্ত অৰ্থাৎ মিচৰৰ এগৰাকী দেৱী। প্ৰাচীন ইজিপ্তৰ ধৰ্ম অনুসৰি তেওঁ এগৰাকী প্ৰধান দেৱী আছিল আৰু গ্ৰীক-ৰোমান সভ্যতাৰ সময়ত তেওঁৰ উপাসনাই প্ৰসাৰ লাভ কৰিছিল। 'প্ৰাচীন ৰাজ্য'ৰ সময়ত (প্ৰায় ২৬৮৬-২১৮১ খ্ৰীষ্টপূৰ্ব) অচাইৰিছৰ আখ্যানত ইয়াৰ এক অন্যতম চৰিত্ৰ হিচাপে আইচিছৰ উল্লেখ পোৱা যায়। এই আখ্যান অনুসৰি আইচিছে হত্যাৰ বলি হোৱা নিজৰ ভ্ৰাতৃ তথা স্বামী অচাইৰিছক পুনৰাই জীৱনদান দিয়াৰ লগতে তেওঁলোকৰ বংশধৰ হ'ৰাছৰ জন্ম দিয়ে। অচাইৰিছক সহায়ৰ হাত আগবঢ়োৱাৰ বাবেই মিচৰত মৃতকৰ আত্মা পৰলোকত প্ৰৱেশ কৰিবলৈ আইচিছে সহায় কৰে বুলি বিশ্বাস কৰা হৈছিল। ইয়াৰ লগতে তেওঁ আছিল ইজিপ্তৰ ফাৰাওসকলৰ দৈৱিক মাতৃ। সৰ্বসাধাৰণৰ ভালৰ বাবে আৰোগ্যৰ সৈতে সম্পৰ্কিত যাদুমন্ত্ৰত আইচিছক আহ্বান কৰা হৈছিল। আৰম্ভণিতে, ৰাজকীয় আচাৰ-অনুষ্ঠান আৰু মন্দিৰৰ ৰীতি-নীতিসমূহত আইচিছৰ ভূমিকা আছিল সীমিত। ইয়াৰ বিপৰীতে মৃতকৰ সৎকাৰ সম্পৰ্কীয় কাম-কাজ আৰু যাদুবিদ্যাৰ পুথি-পাঁ‌জিত তেওঁৰ গুৰুত্ব আছিল অধিক। সাধাৰণতে কলাকৃতিসমূহত আইচিছক শিৰত সিংহাসনৰ আকৃতিৰ এক মুকুট পৰিধান কৰা নাৰী এগৰাকীৰ ৰূপত চিত্ৰিত কৰা হৈছিল। 'নতুন ৰাজ্য'ৰ সময়ত (প্ৰায় ১৫৫০-১০৭০ খ্ৰীষ্টপূৰ্ব) প্ৰাচীন ৰাজ্যৰ সময়ৰ গুৰুত্বপূৰ্ণ দেৱতা হেথ'ৰৰ বৈশিষ্ট্যসমূহ আইচিছৰ তাত ন্যস্ত হ'বলৈ ধৰে। হেথ'ৰৰ শিৰোস্ত্ৰানো (গাইগৰুৰ শিঙৰ মাজত সূৰ্য বলয়) তেওঁৰ ছবিসমূহত যোগ হয়।

খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দত অচাইৰিছ আৰু আইচিছ সবাতোকৈ পূজিত মিচৰীয় দেৱ-দেৱীত পৰিণত হয়। আইচিছে বহুকেইগৰাকী দেৱীৰ বৈশিষ্ট্যও আহৰণ কৰে। ইজিপ্তৰ লগতে ইয়াৰ দক্ষিণৰ চুবুৰীয়া দেশ যেনে নুবিয়াৰ শাসকসকলে আইচিছৰ প্ৰতি উৎসৰ্গিত মন্দিৰ নিৰ্মাণ কৰোৱায়। ফাইলিত অৱস্থিত দেৱীগৰাকীৰ মন্দিৰটো হৈ পৰে ইজিপ্তবাসী আৰু নুবিয়াবাসীৰ ধৰ্মীয় কেন্দ্ৰ। এই কথা বিশ্বাস কৰা হৈছিল যে আইচিছৰ যাদুকৰী শক্তি আন সকলো দেৱ-দেৱীতকৈ অধিক। তেওঁ ৰাজ্যখনক শত্ৰুৰ পৰা ৰক্ষণাবেক্ষণ দিয়া বুলিও বিশ্বাস কৰা হৈছিল। ইয়াৰ লগতে তেওঁক আকাশ আৰু প্ৰাকৃতিক বিশ্বখনৰ গৰাকী বুলি গণ্য কৰা হৈছিল। কোৱা হৈছিল যে আনকি ভাগ্যৰ ওপৰতো তেওঁৰ শক্তি আছে।

ব্যুৎপত্তি

কিছুসংখ্যক মিচৰীয় দেৱ-দেৱীৰ আবিৰ্ভাৱ প্ৰাক-সাম্ৰাজ্য কালত (প্ৰায় ৩১০০খ্ৰীষ্টপূৰ্বৰ আগেয়ে) হৈছিল যদিও আইচিছ আৰু তেওঁ‌ৰ স্বামী অচাইৰিছৰ নামৰ উল্লেখ পঞ্চম ৰাজ্যৰ (প্ৰায় ২৪৯৪-২৪৩৫ খ্ৰীষ্টপূৰ্ব) আগলৈকে পোৱা নাযায়।১২ সেই কালছোৱাৰ ন্যুছেৰ ইনিৰ ৰাজত্বকালৰ আইচিছৰ নাম উল্লেখ থাকিব পৰা এক প্ৰত্নলিপি পোৱা গৈছে।৩ পঞ্চম ৰাজ্যৰ শেষৰফালৰ পিৰামিডৰ লেখনিসমূহত আইচিছৰ নাম বহুল পৰিমাণে পোৱা যায়।৪ এই লেখনিসমূহে আইচিছৰ সৈতে ইজিপ্তৰ বেহবেইট এল-হাগৰ আৰু ছেবেনিট'ছৰ ওচৰৰ নাইল নদীৰ ব-দ্বীপৰ সম্পৰ্ক স্থাপন কৰে। এই কথা অনুমান কৰিব পৰা যায় যে আইচিছৰ উপাসকৰ পন্থাৰ উৎপত্তিও ইয়াতেই হ'ব পাৰে। ৫৬

ভূমিকা

পিৰামিডৰ পৌৰাণিক লিপিসমূহতো আইচিছক হ'ৰাছৰ মাতৃ বুলি গণ্য কৰা হয়।৭ তথাপিও, তেওঁৰ মাতৃ হিচাপে হেথ'ৰক চিহ্নিত কৰাৰো চিন পোৱা যায়।৮ আন কিছুমান পৰম্পৰাত নূটৰ পুত্ৰৰূপী হ'ৰাছৰ এক জ্যেষ্ঠ ৰূপৰ কথা কোৱা হয় আৰু তেওঁ সেইক্ষেত্ৰত আইচিছ আৰু অচাইৰিছৰ সহোদৰ।৯ পুৰণি ৰাজ্যৰ সময়ছোৱাত অচাইৰিছৰ আখ্যানটো উদ্ভৱ হোৱাৰ পৰাই আইচিছ হ'ৰাছৰ মাতৃ হিচাপে পৰিচিত হয়।১০ এই সম্পৰ্কটোত তেওঁক মমতাৰ এক প্ৰতিমূৰ্তি হিচাপে চিহ্নিত হয়।১১

তথ্যসূত্ৰ

  1. ↑ Wilkinson 2003, পৃ. 12–14, 146
  2. ↑ Griffiths 1980, পৃ. 41
  3. ↑ Münster 1968, পৃ. 159
  4. ↑ Pinch 2002, পৃ. 9–11
  5. ↑ Münster 1968, পৃ. 158
  6. ↑ Teeter 2001, পৃ. 340
  7. ↑ Lesko 1999, পৃ. 158–159
  8. ↑ Griffiths 1980, পৃ. 14–17
  9. ↑ Griffiths 1970, পৃ. 300–301
  10. ↑ Griffiths 1980, পৃ. 14–17
  11. ↑ Pinch 2002, পৃ. 149

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ইজিপ্তৰ দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইচিছ” প্ৰবন্ধৰ সংশোধন ৩৫৪৩৭৪ (১৬ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।