অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নূট

নূট () হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ আকাশ, তাৰকামণ্ডলী, মহাকাশ, মাতৃ, জ্যোতিৰ্বিদ্যা আৰু ব্ৰহ্মাণ্ডৰ দেৱী। তেওঁ‌ক পৃথিৱী বা এজনী গাইগৰুৰ ওপৰত ধনুভিৰীয়াকৈ অৱস্থান কৰা সৰ্বশৰীৰ তৰাৰে ঢকা এগৰাকী নগ্ন নাৰীৰ ৰূপত চিত্ৰিত কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫২৬ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নূট (১) হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ আকাশ, তাৰকামণ্ডলী, মহাকাশ, মাতৃ, জ্যোতিৰ্বিদ্যা আৰু ব্ৰহ্মাণ্ডৰ দেৱী।২ তেওঁ‌ক পৃথিৱী বা এজনী গাইগৰুৰ ওপৰত ধনুভিৰীয়াকৈ অৱস্থান কৰা সৰ্বশৰীৰ তৰাৰে ঢকা এগৰাকী নগ্ন নাৰীৰ ৰূপত চিত্ৰিত কৰা হয়।৩ তেওঁ‌ৰ চিহ্ন হৈছে এক পানীৰ পাত্ৰ আৰু তেওঁ‌ক এই চিহ্ন ধাৰণ কৰি থকা ৰূপত দেখা যায়। মেছ'পটেমিয়াৰ আকাশৰ দেৱী তথা দেৱতাসকলৰ মাতৃ নিনহূৰছাগৰ সৈতে নূটৰ তুলনা কৰিব পৰা যায়।

আকাশৰ দেৱী

ৰাতিৰ আকাশৰ ৰূপত নূট।
ৰাতিৰ আকাশৰ ৰূপত নূট।ছবি: A8takashi · CC BY-SA 4.0

নূট হৈছে শ্বু আৰু টেফনূটৰ জীয়ৰী। তেওঁৰ ভ্ৰাতৃ তথা স্বামীৰ নাম গেব। তেওঁৰ চাৰি সন্তান হৈছে – অচাইৰিছ, ছেট, আইচিছ আৰু নেফথিছ। এওঁলোকৰ উপৰিও নূট আৰু গেবৰ আখ্যানৰ গ্ৰীকো-ইজিপ্তিয়ান সংস্কৰণত হ'ৰাছৰ নামো যোগ কৰা হৈছে। ইজিপ্তৰ দেৱ-দেৱীসকলৰ ভিতৰত তেওঁক অন্যতম পুৰণি দেৱী হিচাপে গণ্য কৰা হয়। হেলিঅ'পলিছৰ সৃষ্টিতত্ত্বৰ আখ্যানৰ পৰাই তেওঁৰ অৱস্থিতি পোৱা গৈছে। নূট প্ৰথমে ৰাতিৰ আকাশৰ দেৱী আছিল যদিও পিছলৈ তেওঁক কেৱল আকাশৰ দেৱী বুলি আখ্যা দিয়া হয়। তেওঁ শিৰত নিজৰ নামৰ এটা অংশৰ হাইৰ’গ্লিফ অৰ্থাৎ মিচৰীয় চিত্ৰলিপিৰ ৰূপ দেখা যায়। ই জৰায়ুৰ প্ৰতীক হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে। সাধাৰণতে নগ্ন নাৰী এগৰাকীৰ ৰূপত চিত্ৰিত নূটক কেতিয়াবা এক গাইগৰুৰ ৰূপতো চিত্ৰিত কৰা হৈছিল। এই ৰূপত তেওঁৰ বিশাল শৰীৰে আকাশ আৰু স্বৰ্গ গঠন কৰিছিল। কোনো কোনো সময়ত এজোপা ডিমৰুজাতীয় গছ বা বহুতো গাহৰিৰ পোৱালিক (তৰাক প্ৰতিনিধিত্ব কৰা) স্তনপান কৰাই থকা এক বিশাল গাহৰিৰ ৰূপতো তেওঁক উপস্থাপন কৰা হৈছিল।

জন্ম

অচাইৰিছে নিজৰ স্বৰ্গীয় আকাশত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰা জখলা আছিল নূটৰ এক পবিত্ৰ প্ৰতীক। এই জখলা আকৃতিৰ প্ৰতীকটোক মাকেট বুলি কোৱা হৈছিল। ইয়াক মৃতকক ৰক্ষা কৰিবলৈ, আৰু মৃতকৰ দেৱতাৰ সহায়ৰ বাবে আহ্বান কৰিবলৈ সমাধিস্থলত ৰখা হৈছিল। নূট আৰু তেওঁৰ ভ্ৰাতৃ গেবক পৌৰাণিক আখ্যানৰ জগতখনত বৈচিত্ৰ্য হিচাপে গণ্য কৰা হ’ব পাৰে কিয়নো সাধাৰণতে পৃথিৱীৰ মাতৃৰ (বা প্ৰকৃতিৰ মাতৃ) সৈতে জড়িত আকাশৰ এজন পিতৃৰ বিকাশ ঘটা আন বেছিভাগ আখ্যানৰ বিপৰীতে নূটে আকাশ আৰু গেবে পৃথিৱীক প্ৰতিনিধিত্ব কৰিছিল।৪

হেলিঅ'পলিছৰ সৃষ্টিতত্ত্বত নূটৰ আবিৰ্ভাৱ হয়। ইয়াত কেইবাগৰাকীও দেৱীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। টেফনূট (টেফেনেট) হৈছে আৰ্দ্ৰতাৰ মূৰ্তিমান স্বৰূপ, যি শ্বুৰ (বায়ু) সৈতে সংগম কৰি আকাশৰ দেৱী হিচাপে নূটৰ জন্ম দিছিল। নূটে পৃথিৱীৰ মূৰ্তমান ৰূপ হিচাপে তেওঁৰ ভাতৃ গেবৰ সৈতে সংগম কৰিছিল। গেব আৰু নূটৰ মিলনৰ পৰাই মিচৰৰ দেৱীসকলৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় হ’ৰাছৰ মাতৃ আইচিছ আৰু অচাইৰিছৰ জন্ম হয়। আখ্যান অনুসৰি অচাইৰিছক তেওঁৰ ভাতৃ ছেটে হত্যা কৰে আৰু ১৪টা টুকুৰাত সিঁচৰতি কৰি পেলায়। পিছত আইচিছে এই টুকুৰাসমূহ গোটাই পুনৰ অচাইৰিছক জীয়াই তোলে।

নূট আৰু ৰাৰ আখ্যান

দেৱতাৰ ৰাজত্ব অনুসৰি ৰা, অৰ্থাৎ সূৰ্য্য দেৱতাই পৃথিৱীত দ্বিতীয়টো শাসন কৰিছিল। তেওঁ আদেশ দিছিল যে নূটে বছৰৰ কোনো দিনেই সন্তান জন্ম নিদিব। সেই সময়ত বছৰটো আছিল মাত্ৰ ৩৬০ দিনীয়া। নূটে জ্ঞানৰ দেৱতা থ'টৰ লগত কথা মিতিৰালি কৰি এটা পৰিকল্পনা কৰে। থ'টে চন্দ্ৰৰ দেৱতা খ'নছুৰ সৈতে এক বাজী মাৰে। বাজীৰ চৰ্ত্ত আছিল যে পৰাস্ত হ'লে প্ৰতিবাৰেই খ'নছুৱে নুটক নিজৰ পোহৰৰ একাংশ দিব লাগিব। সেই সময়ত চন্দ্ৰৰ ৰশ্মি সূৰ্য্যৰ সমকক্ষ আছিল। বাজীত খ'নছুৱে ইমানবাৰ পৰাজিত হ'ল যে ইয়াৰপৰা নূটে লাভ কৰা চন্দ্ৰৰ পোহৰ অতিৰিক্ত পাঁচ দিন সৃষ্টি কৰিবলৈ পৰ্যাপ্ত হয়। যিহেতু এই দিনবোৰ বছৰৰ অংশ নাছিল, গতিকে নূটে সন্তান জন্ম দিবলৈ সক্ষম হয়।৫৬ পাঁচ দিনৰ প্ৰতিটো দিনতে তেওঁ একোটাকৈ পাঁচটা সন্তান জন্ম দিয়ে। তেওঁলোক হৈছে অচাইৰিছ, পিছলৈ দেৱতাৰ শাসক আৰু তাৰ পিছত মৃতকৰ দেৱতা; জ্যেষ্ঠ হ’ৰাছ, যুদ্ধৰ দেৱতা; ছেট, অশুভ শক্তি আৰু মৰুভূমিৰ দেৱতা; আইচিছ, যাদুৰ দেৱী; আৰু পানীৰ দেৱী নেফথিছ। ৰাই যেতিয়া এই কথা গম পালে তেতিয়া তেওঁ ক্ৰোধান্বিত হ'ল। তেওঁ নূটক স্বামী গেবৰ পৰা চিৰকালৰ বাবে নিলগাই পেলায়। নূটৰ পিতৃ শ্বুক দুয়োকে পৃথক কৰি ৰখাৰ দায়িত্ব দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ Nut. Oxford University Press
  2. ↑ Pinch, Geraldine. (2002). Handbook of Egyptian Mythology. Handbooks of World Mythology. ABC-CLIO. পৃ. 173–174. ISBN 1-57607-763-2
  3. ↑ Cavendish, Richard. (1998). Mythology, An Illustrated Encyclopaedia of the Principal Myths and Religions of the World. ISBN 1-84056-070-3
  4. ↑ Women of Ancient Egypt and the Sky Goddess Nut, by Susan Tower Hollis The Journal of American Folklore 1987, American Folklore Society
  5. ↑ Plutarch. Plutarch's Moralia (Loeb)/Isis and Osiris. পৃ. 12
  6. ↑ Budge, E. A. Wallis. (1908). Books on Egypt and Chaldaea: Egyptian Ideas of the Future Life. Kegan Paul, Trench, Trubner & Co. Ltd. পৃ. 42–44

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ইজিপ্তৰ দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নূট” প্ৰবন্ধৰ সংশোধন ৬৩২৫৭৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।