অসমৰ হিন্দু মন্দিৰ
৬ প্ৰবন্ধ
-
পিঠাগুৰি দৌল
পিঠাগুৰি দৌল (Pithaguri Doul) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমতলা অঞ্চলত অৱস্থিত এটা ঐতিহাসিক ধৰ্মীয় স্থান। অসম চৰকাৰৰ ২০১৯–২০ বৰ্ষৰ বাজেট নথিত পিঠাগুৰি দৌলক শোণিতপুৰ জিলাৰ ধৰ্মীয় স্থানসমূহৰ তালিকাত Pithaguri Doul, Kusumtola, Jamuguri নামেৰে অন্তৰ্ভুক্ত কৰা হৈছে।
-
কাশাৰপাৰাৰ কালী মন্দিৰ
কাশাৰপাৰাৰ কালী মন্দিৰ হ'ল বঙাইগাঁও জিলাৰ বইটামাৰী অঞ্চলৰ কাশাৰপাৰা গাঁৱত অৱস্থিত এটা ইতিহাস প্ৰসিদ্ধ মন্দিৰ। অঞ্চলটোৰ জনসাধাৰণে এই মন্দিৰটোক দেৱীৰ জাগ্ৰত মন্দিৰ বুলি বিশ্বাস কৰে। এই মন্দিৰটোত বলি বিধানৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে।
-
গৰখীয়া গোসাঁইৰ থান, সৰভোগ
মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থান বৰনগৰৰ ঐতিহ্য বহনকাৰী এটা পবিত্ৰ ধৰ্মীয় অনুষ্ঠান। কোচ ৰজা নৰনাৰায়ণৰ দিনৰেপৰা বৰনগৰৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰসমূহৰ ভিতৰত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁইৰ থান অন্যতম।
-
নাৰিকলি মন্দিৰ, ছিপাঝাৰ
দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলি শিৱ মন্দিৰ এক ঐতিহ্যমণ্ডিত মন্দিৰ। গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি হৈ তেজপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে এই মন্দিৰটো অৱস্থিত।
-
বাঘেশ্বৰী মন্দিৰ
বাঘেশ্বৰী মন্দিৰ বঙাইগাঁও চহৰত অৱস্থিত। পাৰ্বতীৰ আন এটা নাম বাঘেশ্বৰী। ইয়াত পাৰ্বতীৰ তৰোৱালখন পৰা বাবে তৰোৱাল পূজা কৰা হয়। মন্দিৰটো শক্তিপীঠ মন্দিৰ হোৱা বাবে ইয়াত কোনো মূৰ্তি পূজা কৰা নহয়।
-
মূৰা দেৱালয়
মূৰা দেৱালয় হৈছে অবিভক্ত দৰং জিলাৰ আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন অতি প্ৰাচীন আৰু শক্তিশালী পীঠস্থান। স্থানীয় লোকসকলৰ মাজত ই দ্বিতীয় কামাখ্যা ৰূপেও জনাজাত। এইখন মূলতঃ দেৱীপীঠ যদিও ইয়াত গণেশ, শিৱ, পাৰ্বতী, বিষ্ণু, কামাখ্যা, দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালী আদি বহু দেৱ-দেৱীৰ থানো আছে।