অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাজলী বেগম

নাজলী ৰফিয়া বেগম, জন্ম নাম নাজলি ৰফিয়া চুলতানী হাছানালি ফিজী (১৮৭৪-১৯৬৮) আছিল এগৰাকী ভাৰতীয় ৰাজকুমাৰী।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নাজলী ৰফিয়া বেগম, জন্ম নাম নাজলি ৰফিয়া চুলতানী হাছানালি ফিজী (১৮৭৪-১৯৬৮) আছিল এগৰাকী ভাৰতীয় ৰাজকুমাৰী।

জীৱনী

নাজলী ফিজী আছিল লেখিকা আতিয়া ফিজী আৰু জেহৰা ফিজীৰ ভগ্নী। ১৮৮৭ চনত ১৫ বছৰ বয়সত মুম্বাইৰ ওচৰৰ এখন সৰু ৰাজকীয় ৰাজ্য জাঞ্জিৰা ৰাজ্যৰ নবাব আহমদ খানৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।১ ১৯০৮ চনত তেওঁ স্বামী আৰু ভগ্নীৰ সৈতে ইংলেণ্ড ভ্ৰমণ কৰে।২

ৰাজ্যখনত মহিলা শিক্ষাক তেওঁ উৎসাহিত কৰিছিল৩ আৰু ১৯১০ চনত সৰলা দেৱী চৌধুৰাণীয়ে প্ৰতিষ্ঠা কৰা ভাৰত স্ত্ৰী মহামণ্ডল (ভাৰতীয় মহিলাৰ মহাবৃত্ত)৪ ৰ সদস্য আছিল।

নাজলী আৰু তেওঁৰ স্বামী সন্তানহীন হৈ থকাত ১৯১৩ চনত নবাবে নাজলীৰ সন্মতি সাপেক্ষে আন এগৰাকী মহিলাক বিয়া কৰায়। এই পত্নীৰ পৰা পুত্ৰ জন্ম হোৱাৰ পিছত নাজলী বম্বেলৈ গুচি যায়, ৰাজ্যৰ খৰচত ‘তাইৰ পদবীৰ অনুকূল’ চকীদাৰৰ ব্যৱস্থা কৰা হয়। ১৯১৫ চনত তেওঁৰ মাহিলী ৩,০০০ টকাৰ ভাট্টা ত্যাগ কৰিছিল, আৰু ৰাজ্যিক অলংকাৰ ঘূৰাই দিছিল, কিন্তু তেওঁ তেওঁৰ প্ৰহৰী ত্যাগ কৰা নাছিল।

১৯২২ চনত আহমদ খানৰ মৃত্যুৰ পাছত জাঞ্জিৰা ষ্টেটে পৰৱৰ্তী সময়ত তেওঁৰ দলৰ প্ৰহৰীৰ বাবে ধন দিয়া বন্ধ কৰি দিয়ে। ১৯২৬ চনৰ জুলাই মাহত তাই ব্ৰিটিছ চৰকাৰৰ ওচৰত এই বিষয়ে অভিযোগ আনে। ১৯৩০–৩১ চনত তেওঁৰ অভিযোগ আদালতলৈ আহিছিল আৰু জাঞ্জিৰা ৰাজ্যই সফলতাৰে যুক্তি দিছিল যে তেওঁৰ বিবাহ বিচ্ছেদ হৈছে। নাজলীয়ে যুক্তি দিছিল যে তেওঁৰ ওপৰত কেতিয়াও বিবাহ বিচ্ছেদৰ পত্ৰ প্ৰদান কৰা হোৱা নাছিল, আৰু যিহেতু তেওঁ ছিয়া মুছলমান, গতিকে যিকোনো বিবাহ বিচ্ছেদ ছিয়া আইন মানি চলিব লাগিছিল। ১৯৩৩ চনত মহম্মদ ইকবালৰ সমৰ্থন লাভ কৰে। ইকবালে তেওঁৰ হৈ ব্ৰিটিছ গৱৰ্ণৰ লৰ্ড উইলিংডনৰ ব্যক্তিগত সম্পাদকলৈ লিখিছিল। নাজলীয়ে 'জাঞ্জিৰাৰ প্ৰাক্তন বেগম' বুলি কোৱাৰ অধিকাৰৰ বাবে হেঁচা প্ৰয়োগ কৰি থাকিল যদিও জাঞ্জিৰা ৰাজ্যই তেওঁৰ দাবীৰ প্ৰতিৰোধী হৈ থাকিল।১

১৯২০ চনত তেওঁ সৰ্বভাৰতীয় খিলাফত সমিতিৰ সভানেত্ৰী আছিল।৫ ভাৰত বিভাজনৰ পিছত তেওঁ ভগ্নী আতিয়াৰ সৈতে পাকিস্তানলৈ প্ৰব্ৰজন কৰে। ১৯৬৮ চনৰ ১৭ ছেপ্টেম্বৰত কৰাচীত তেওঁৰ মৃত্যু হয়।৬

তথ্যসূত্ৰ

  1. ↑ The Curious Tale of Nazli Raffiya, The Free Press Journal, 3 March 2013
  2. ↑ Zafar Anjum. (2014). Iqbal: The Life of a Poet, Philosopher and Politician. Random House India. পৃ. 91. ISBN 978-81-8400-656-8
  3. ↑ Contemporary Review 105 (1914), p.335
  4. ↑ Lambert-Hurley, Siobhan. (2007-01-24). Muslim Women, Reform and Princely Patronage: Nawab Sultan Jahan Begam of Bhopal. Routledge. পৃ. 158. ISBN 978-1-134-14347-4
  5. ↑ Rajan Mahan. (1999). Women in Indian National Congress, 1921-1931. Rawat Publications. পৃ. 171. ISBN 978-81-7033-537-5
  6. ↑ Atiya Begum. (2011). Iqbal. Oxford University Press. পৃ. 112. ISBN 978-0-19-547714-6

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাজলী বেগম” প্ৰবন্ধৰ সংশোধন ৫৭৯১৩৮ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।