যৌনকৰ্মী
৭ প্ৰবন্ধ
-
গংগুবাই কোঠেৱালী
গংগুবাই হৰজীৱনদাস (Gangubai Harjivandas) পৰিচিত আৰু জনপ্ৰিয় নাম হৈছে গংগুবাই কোঠেৱালী আৰু গংগুবাই কাঠিয়াৱাড়ী৷ তেওঁ আছিল এগৰাকী ভাৰতীয় পতিতা আৰু কুৰি শতিকাৰ '৭০ৰ দশকত মুম্বাইৰ কামাথিপুৰা এলেকাত গঢ় লৈ উঠা এটা পতিতালয়ৰ গৰাকীনী বা 'ম্যাডাম'৷ ২০১১ চনত প্ৰকাশিত হুছেইন জাইদীৰ অকাহিনীমূলক…
-
নলিনী জমীলা
নলিনী জমিলা (Nalini Jamela; জন্ম: ১৮ আগষ্ট ১৯৫৪) এগৰাকী ভাৰতীয় বেষ্ট চেলাৰ লেখিকা, যৌনকৰ্মীৰ সক্ৰিয় প্ৰবক্তা আৰু কেৰালাৰ থ্ৰিছুৰৰ প্ৰাক্তন যৌনকৰ্মী। তেখেত দ্য অটোবায়’গ্ৰাফী অৱ এ চেক্স-ৱৰ্কাৰ (২০০৫) আৰু ৰোমাণ্টিক এনকাউণ্টাৰছ অৱ এ চেক্স ৱৰ্কাৰ (২০১৮) নামৰ গ্ৰন্থৰ লেখিকা।
-
আহ টয়
আহ টয় (ইংৰাজী: Ah Toy; ১৮ মে’ ১৮২৯ – ১ ফেব্ৰুৱাৰী ১৯২৮) কেলিফৰ্ণিয়া গোল্ড ৰাছৰ সময়ত কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত এগৰাকী চীনা আমেৰিকান যৌনকৰ্মী আৰু ম্যাডাম আছিল। তেওঁ ছান ফ্ৰান্সিস্কোৰ প্ৰথমগৰাকী চীনা যৌনকৰ্মী আছিল।
-
ইয়াং ৱান
ইয়াং ৱান (প্ৰায় ১৬০২–১৬৪৪; সৰলীকৃত চীনা: 杨宛; পৰম্পৰাগত চীনা: 楊宛; পিনয়ন: Yáng Wǎn, সৌজন্যমূলক নাম: Wǎnshū 宛叔), মিং ৰাজবংশৰ শেষ সময়ত নানজিং চহৰৰ চিনহুৱাই বিনোদন অঞ্চলৰ এজন বিখ্যাত কৰ্টেছান (গণিকা) কবি আছিল।
-
জয়াম্মা বাণ্ডাৰী
জয়ম্মা বাণ্ডাৰী (জন্ম আনুমানিক ১৯৭৮) এগৰাকী ভাৰতীয় প্ৰাক্তন যৌনকৰ্মী তথা পৰৱৰ্ত্তী সময়ত সমাজকৰ্মী। ২০১৮ চনত তেওঁক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰা হয়। ২০১১ চনত তেওঁ এটা সংস্থা প্ৰতিষ্ঠা কৰে যিয়ে যৌনকৰ্মী আৰু তেওঁলোকৰ সন্তানক সহায় কৰে।
-
ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মী
ট্ৰান্সজেণ্ডাৰ যৌন কৰ্মী হৈছে এজন ট্ৰান্সজেণ্ডাৰ ব্যক্তি যি যৌন উদ্যোগত কাম কৰে বা ধন বা অন্যান্য প্ৰকাৰৰ পৰিশোধৰ বিনিময়ত যৌন সেৱা সম্পাদন কৰে। ট্ৰান্সজেণ্ডাৰ শব্দটোৱে এনে এজন ব্যক্তিক বুজায় যাৰ লৈংগিক পৰিচয় জন্মৰ সময়ত হোৱা লিংগৰ পৰিচয় পৰা পৃথক হয়।
-
তুলসা থাপা
তুলাসা থাপা (Tulasa Thapa; ১৯৭০-১৯৯৫) এগৰাকী নেপালী মহিলা আছিল। তেওঁক ১৯৮২ চনত নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ওচৰৰ থানকোট নামৰ গাঁৱৰ পৰা ১৩ বছৰ বয়সত অপহৰণ কৰা হৈছিল। পিছত পাৰ্চা জিলাৰ সীমান্তচহৰ বীৰগঞ্জহৈ মুম্বাইলৈ চোৰাংকৈ অনা হৈছিল আৰু বলপূৰ্বকভাবে পতিতাবৃত্তি জড়িত কৰিবলৈ বিক্ৰী কৰা হৈছিল।