কাৰ্বি জনগোষ্ঠী
৭ প্ৰবন্ধ
-
কাৰ্বি জনগোষ্ঠী
কাৰ্বি জনগোষ্ঠী (পূৰ্বতে “মিকিৰ” নামে পৰিচিত) অসমৰ এক প্ৰাচীন চীনা-তিব্বতীয় জনগোষ্ঠী, যাৰ মূল জনবসতি কাৰ্বি আংলং জিলাত কেন্দ্ৰিত। কাৰ্বিসকলৰ ভাষা কাৰ্বি ভাষা আৰু পৰম্পৰাগত ধৰ্মীয়-সাংস্কৃতিক ধাৰা হেমফু-মুক্ৰঙ কেন্দ্ৰিক লোকবিশ্বাস, উৎসৱ, লোকসাহিত্য আৰু বস্ত্ৰশিল্পত সমৃদ্ধ।
-
ৰংকেৰ
ৰংকেৰ হৈছে অসমৰ কাৰ্বি লোকসকলৰ দ্বাৰা উদযাপিত এক শীতকালীন আনন্দোৎসৱ। এই উৎসৱক ৰংকেৰ কাছিৰদম আৰু দেহাল পূজা বা দেহাল হিচাপেও জনা যায়। বিশেষকৈ ডামৰা লঙৰি হিচাপে পৰিচিত কামৰূপ মহানগৰ জিলা আৰু মেঘালয়ৰ ৰি-ভই জিলাৰ অধিবাসী কাৰ্বিসকলে এই উৎসৱক দেহাল হিচাপে পালন কৰে।
-
চ'মাংকান
চমাংকান (Chomangkan) কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বিসকলৰ চমাংকান হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়।
-
জিৰকেদাম
কাৰ্বি ডেকা-গাভৰুহঁতৰ কৃষি কৰ্মৰ লগতে জীৱনৰ অত্যাৱশ্যকীয় কৰ্মৰ কেন্দ্ৰ হ'ল জিৰকেদাম। অসমীয়া প্ৰতিশব্দ ডেকা চাং বুলি কোৱা হয় যদিও আগতে ছোৱালীবোৰকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল। এই জিৰকেদামৰ ডেকাসকলৰ প্ৰত্যেককে জিৰপ' আৰু সমূহীয়াভাৱে জিৰছং বুলি কোৱা হয়। ছোৱালীক জিৰপী বা মাৰপী বোলা হৈছিল।
-
কাৰ্বি লোকসাহিত্য
কাৰ্বি লোকসাহিত্যৰ পথাৰখন অতি বহল, সীমাহীন। কাৰ্বিসকল পুনৰ্জন্মত বিশ্বাসী। এনে লোকবিশ্বাসৰ মতে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু ঘটিলে মৃতকজনে পুনৰ সেই পৰিয়ালৰে সদস্য হৈ জন্মগ্ৰহণ কৰে। সেয়ে কাৰ্বি সংস্কৃতি ইমানেই ব্যাপক যে ই জনজীৱনৰ এটা জন্মৰ পৰা মৃত্যুলৈকেই নহয় মৃত্যুৰ পৰা আন এটা জন্মলৈকে বিস্তৃত।
-
জাম্বিলা আঠন
অসমৰ এক উল্লেখযোগ্য পাৰ্বত্য জনগোষ্ঠী কাৰ্বিসকল। কাৰ্বিসকলৰ ঐতিহ্যমণ্ডিত জাতীয় গৌৰৱাত্মক প্ৰতীক জাম্বিলা আঠন বা জাম্বিলী আথন (Jambili Athon)। জাম্বিলী শব্দৰ অৰ্থ ‘কাৰ্বি মোনা’ আৰু আথন মানে ‘গছৰ ঠানি’। গতিকে জাম্বিলী আথনৰ আক্ষৰিক অৰ্থ ‘মোনা ৰখা ডাল’।
-
দেহাল পূজা
দেহাল পূজা বা দেওশাল পূজা কাৰ্বিসকলে পালন কৰা এটি লোক উৎসৱ। গাঁৱৰ উন্নতিৰ বাবে গাঁওবাসীয়ে এই পূজা আয়োজন কৰি দেৱ-দেৱীসকলক প্ৰাৰ্থনা কৰে।