অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিৱ্যঙ্কা ত্ৰিপাঠী

দিৱ্যঙ্কা ত্ৰিপাঠী জন্ম হয় ১৯৮৪ চনৰ ১৪ ডিচেম্বৰত। তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী দূৰদৰ্শন উদ্যোগত কাম কৰে। তেখেতে জীটিভিৰ বনু মে তেৰি দুলহনত দৈত্বচৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহে।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দিৱ্যঙ্কা ত্ৰিপাঠী জন্ম হয় ১৯৮৪ চনৰ ১৪ ডিচেম্বৰত।১ তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী দূৰদৰ্শন উদ্যোগত কাম কৰে।২৩ তেখেতে জীটিভিৰ বনু মে তেৰি দুলহনত দৈত্বচৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহে। তেওঁক বৰ্তমান ষ্টাৰ প্লাছৰ য়ে হে মহাব্বতে নামৰ নামৰ ধাৰাবাহিকখনত ড॰ ঈশিতা ভাল্লা নামৰ চৰিত্ৰটোৰ বাবে জনা যায়। তেখেতে ২০১৭ চনত নৃত্য প্ৰতিযোগীতা নাচ বালিয়া জিকিবলৈ সক্ষম হৈছিল।৪

প্ৰাথমিক জীৱন আৰু শিক্ষা

ত্ৰিপাঠীৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ ডিচেম্বৰত৫ মধ্যপ্ৰদেশৰ ভূপালত।৬ ভূপালৰ কাৰ্মেল কনভেণ্ট স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ভূপালৰ সৰোজিনী নাইডু চৰকাৰী বালিকা পি জি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৭৮ উত্তৰকাশীৰ নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিংৰ পৰা পৰ্বতাৰোহণৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।৯

ব্যক্তিগত জীৱন

ত্ৰিপাঠীয়ে বানু মেইন তেৰী দুলহানৰ সহ অভিনেতা অভিনেতা শৰদ মালহোত্ৰাৰ সৈতে ডেটিং কৰিছিল যদিও ২০১৫ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে।১০ ২০১৬ চনৰ ১৬ জানুৱাৰীত তেওঁৰ য়ে হায় মহব্বতেইনৰ সহ অভিনেতা বিবেক দহিয়াৰ সৈতে তেওঁৰ বাগ্দান হয়।১১ ২০১৬ চনৰ ৮ জুলাইত ভূপালত দুয়ো বিবাহপাশত আৱদ্ধ হয়৷১২

কেৰিয়াৰ

ত্ৰিপাঠীয়ে ভূপালৰ অল ইণ্ডিয়া ৰেডিঅ’ত এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৩ চনত পেণ্টেন জি টিন কুইনত অংশগ্ৰহণ কৰি মিছ বিউটিফুল স্কিনৰ খিতাপ লাভ কৰে।১৩ ২০০৪ চনত ত্ৰিপাঠীয়ে ভাৰতৰ শ্ৰেষ্ঠ চিনেষ্টাৰ কী খোজত অংশগ্ৰহণ কৰি শেষত ভূপাৱ জ’নৰ পৰা শীৰ্ষ ৮ ৰ ভিতৰত স্থান লাভ কৰে।১৪ পুনৰ ইন্দোৰ জ’নৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ৰানাৰ্ছ আপ হয়।১৫ ইয়াৰ ফলত প্ৰতিযোগিতাখনৰ দ্বিতীয় পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাটো নিশ্চিত হয় আৰু অৱশেষত পৰাস্ত হয়৷৮ ২০০৫ চনত মিছ ভূপালৰ মুকুট লাভ কৰিছিল৷১৬

দূৰদৰ্শনৰ বাবে এখন টেলিফিল্মত অভিনয়ত আত্মপ্ৰকাশ কৰা ত্ৰিপাঠীয়ে পৰৱৰ্তী সময়ত আকাশ বাণী নামৰ এটা অনুষ্ঠান উপস্থাপন কৰে।১৭ ২০০৫ চনত ষ্টাৰ ৱানৰ য়েহ দিল চাহে ম’ৰ ছবিখনত পায়েলৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত ২০০৬ চনত বিৰাছাতত মেলানিয়াৰ চৰিত্ৰত অভিনয় কৰে। ২০০৬ চনৰ আগষ্ট মাহত ত্ৰিপাঠীক বিদ্যা আৰু দিব্যাৰ দ্বৈত চৰিত্ৰত অভিনয় কৰি জি টিভিৰ নাটকীয় কল্পকাহিনী বানু মেইন তেৰী দুলহানৰ বাবে চুক্তিৱদ্ধ কৰা হয়।১৮ বিদ্যাৰ চৰিত্ৰ আৰু শৰদ মালহোত্ৰাৰ সৈতে তেওঁৰ অনস্ক্ৰীণ যুটিৰ বাবে তেওঁ স্বীকৃতি লাভ কৰে৷ এই অনুষ্ঠানত অভিনয়ৰ বাবে তেওঁ নাটক শাখাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ভাৰতীয় টেলিভিছন অকাডেমী বঁটাকে ধৰি বহু বঁটা লাভ কৰে১৯ আৰু ফ্ৰেছ নিউ ফেচৰ বাবে ইণ্ডিয়ান টেলি বঁটা লাভ কৰে৷২০ এই অনুষ্ঠানটো তিনি বছৰ ধৰি চলিছিল আৰু ২০০৯ চনত শেষ হৈছিল।২১ ২০০৬ চনত জি টিভিৰ খানা খাজানাত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।২২

মেডিয়া ইমেজ

২০১৪ চনত পুৰুষৰ বাবে ভাৰতীয় জীৱনশৈলীৰ ৱেবছাইট MensXP.com ৰ দ্বাৰা "৩৫ Hottest Actresses In Indian Television" ৰ ভিতৰত ত্ৰিপাঠীক ২৩ নম্বৰ স্থান দিয়া হৈছিল।২৩ ২০১৭ চনত ভাৰতৰ চেলিব্ৰিটিৰ আয় আৰু জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা ফৰ্বছ চেলিব্ৰিটি ১০০ তালিকাত স্থান পোৱা প্ৰথমগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী হিচাপে ৯৬ নম্বৰ স্থান লাভ কৰে।২৪২৫২৬ পিছৰ দুবছৰলৈকে তেওঁ ক্ৰমে ৯৪ & ৭৯ নম্বৰ স্থান লাভ কৰিছিল। ২০১৭ চনত ইশিতাৰ চৰিত্ৰত অভিনয়ৰ বাবে দ্য ইণ্ডিয়ান এক্সপ্ৰেছে তেওঁক নিজৰ "শীৰ্ষ ১০ টেলিভিছন অভিনেত্ৰী" তালিকাত দ্বিতীয় স্থানত স্থান দিছিল।২৭ ২০১৮ চনত টাইমছে টেলিভিছনৰ শীৰ্ষ ১০ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত তেওঁক ৩য় স্থান প্ৰদান কৰিছিল৷২৮

তথ্যসূত্ৰ

  1. ↑ Divyanka Tripathi husband, wedding photos, date of birth, age, Facebook page, Instagram page, Twitter page and famous roles. Indian Express
  2. ↑ Minor girl raped on Independence Day in Chandigarh, Divyanka Tripathi is scared to have a daughter
  3. ↑ 'Yeh Hai Mohabbatein' Actress Divyanka Tripathi Hits Milestone, Gets Pampered in Unique Way. ibtimes.co.in
  4. ↑ Divyanka Tripathi And Vivek Dahiya Are The Winners Of Nach Baliye 8
  5. ↑ (14 December 2015). Divyanka Tripathi gifts herself a holiday on birthday. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. IANS
  6. ↑ Maheshwari, Neha. (17 July 2015). Divyanka Tripathi: Since I'm from Bhopal, I know how to prepare Iftaar. The Times of India
  7. ↑ (14 December 2022). On Divyanka Tripathi's Birthday, Know Interesting Facts About Yeh Hai Mohabbatein Star. News18
  8. ↑ Chawla, Medha. (14 October 2015). From being a tomboy to having three boyfriends, TV's queen Divyanka Tripathi opens up. India Today
  9. ↑ (5 December 2016). From Divyanka Tripathi to Ram Kapoor, 10 of television's most educated actors. The Indian Express
  10. ↑ Revealed: Why Did Divyanka Tripathi and Ssharad Malhotra Break Up?. India West
  11. ↑ (19 January 2016). Divyanka Tripathi-Vivek Dahiya get engaged: All you wanted to know about their love story. India Today
  12. ↑ (9 July 2016). Divyanka Tripathi, Vivek Dahika get married. The Hindu. Press Trust of India
  13. ↑ (17 February 2017). Divyanka Tripathi Photos: 50 Best Photos Of Top TV Star Divyanka Tripathi. NDTV
  14. ↑ (8 May 2020). Divyanka Tripathi's shows before Yeh Hai Mohabbatein. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  15. ↑ (10 April 2021). Divyanka Tripathi to Devoleena Bhattacharjee; a look at popular TV actors who started their journey with reality shows. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  16. ↑ (21 May 2015). Divyanka Tripathi's London outifits will give you major fashion goals!. The Times of India
  17. ↑ (29 November 2017). Yeh Hai Mohabbatein's Ishita aka Divyanka Tripathi started her career with this TV actor!. INDIA TV NEWS
  18. ↑ Not getting older: Divyanka Tripathi. The Times of India
  19. ↑ The Idea ITA Awards, 2007. indiantelevisionacademy.com
  20. ↑ Indian Telly Awards, 2007. indiantelevision.com
  21. ↑ (15 March 2009). Soaps drop off air without fanfare. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  22. ↑ (4 July 2020). Nach Baliye to Jhalak Dikhhla Jaa, here's a look at Saroj Khan's television stint. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  23. ↑ 35 Hottest Actresses in Indian Television. MensXP.com
  24. ↑ 2017 Celebrity 100. Forbes India
  25. ↑ (18 January 2018). Divyanka Tripathi Dahiya has been declared as the highest valued Indian television actress. BizAsia
  26. ↑ Divyanka Tripathi Dahiya - 2019 Celebrity 100. Forbes India
  27. ↑ Dubey, Swati. (29 December 2017). Top 10 television actresses of 2017: Divyanka Tripathi, Jennifer Winget and Shivangi Joshi find place in the list. The Indian Express
  28. ↑ (2 March 2018). Top 10 TV Actress. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিৱ্যঙ্কা ত্ৰিপাঠী” প্ৰবন্ধৰ সংশোধন ৫৩৭৪৪৬ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।