অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

দিল্লী আৰক্ষী

দিল্লী আৰক্ষী (Delhi Police) হৈছে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ আইন প্ৰয়োগকাৰী সংস্থা। দিল্লী আৰক্ষী ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ। ২০২৪ চনত দিল্লী আৰক্ষীৰ অনুমোদিত শক্তি আছিল ৮৩,৭৬২ দিল্লী আৰক্ষীৰ শক্তিৰ প্ৰায় ২৫% ভিআইপি সুৰক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৩২৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ
access-date=25 May 2020}}</ref>
access-date=25 May 2020}}</ref>ছবি: Latenighteditor1 · CC BY-SA 4.0

দিল্লী আৰক্ষী (Delhi Police) হৈছে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ আইন প্ৰয়োগকাৰী সংস্থা। দিল্লী আৰক্ষী ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ।১২ ২০২৪ চনত দিল্লী আৰক্ষীৰ অনুমোদিত শক্তি আছিল ৮৩,৭৬২১ যাৰ ফলত ই বিশ্বৰ অন্যতম বৃহৎ মহানগৰ আৰক্ষী বাহিনী হিচাপে পৰিগণিত হয়।৩ দিল্লী আৰক্ষীৰ শক্তিৰ প্ৰায় ২৫% ভিআইপি সুৰক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।৪

ইতিহাস

দিল্লী আৰক্ষীয়ে ইয়াৰ ইতিহাস ১৮৫৪ চনত মোগল সাম্ৰাজ্যিক আদালতৰ ব্ৰিটিছ ৰেচিডেণ্টৰ সহায়কৰ অধীনত স্থাপিত হোৱা এটা সৰু নিৰাপত্তা বাহিনীৰ পৰা আৰম্ভ কৰে।৫ ১৮৬১ চনত ভাৰতীয় আৰক্ষী আইন গৃহীত হোৱাৰ পিছত ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ নকৰালৈকে দিল্লী আৰক্ষী পঞ্জাৱ আৰক্ষীৰ অংশ হৈয়েই থাকিল। এই আইনৰ অধীনত দিল্লীত উদ্বোধন হোৱা প্ৰথম পাঁচটা আৰক্ষী থানা আছিল সদৰ বজাৰ, সবজী মণ্ডী, মেহৰৌলি, আৰু মুণ্ডকা।৬৭

হেল্পলাইন

দিল্লী আৰক্ষীৰ Helpline নম্বৰ আছে যাৰ জৰিয়তে মানুহে ব্যক্তিগতভাৱে থানালৈ নোযোৱাকৈ সহায় বিচাৰিব পাৰে। দিল্লী আৰক্ষীৰ বিভিন্ন হেল্পলাইন নম্বৰ তলত দিয়া ধৰণৰ৮

  • আৰক্ষী নিয়ন্ত্ৰণ কক্ষ- ১০০/১১২
  • জ্যেষ্ঠ নাগৰিক সুৰক্ষা কোষ- ১২৯১
  • যাতায়তৰ সমস্যা- ১০৯৫
  • মহিলা হেল্পলাইন- ১০৯১
  • এণ্টি-অবচিন কল চেল আৰু এণ্টি-ষ্টাকিং চেল – ১০৯১
  • সন্ত্ৰাসবাদ – ১০৯০
  • উত্তৰ-পূব (উত্তৰ-পূব ভাৰতৰ লোক) HELPLINE – 1093
  • দিল্লী আৰক্ষীয়ে ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা Online FIR পঞ্জীয়নৰ সুবিধাও আৰম্ভ কৰিছে।৯

বাহন

এখন দিল্লী আৰক্ষীৰ অল উইমেন পিচিআৰ বাহন। ছবিখনত দেখা গাড়ীখন টয়োটা ইনোভা।
এখন দিল্লী আৰক্ষীৰ অল উইমেন পিচিআৰ বাহন। ছবিখনত দেখা গাড়ীখন টয়োটা ইনোভা।ছবি: Pulakit Singh · CC BY-SA 4.0
দিল্লী আৰক্ষীয়ে ব্যৱহাৰ কৰা এখন মহিন্দ্ৰা মাৰ্ক্সমেন
দিল্লী আৰক্ষীয়ে ব্যৱহাৰ কৰা এখন মহিন্দ্ৰা মাৰ্ক্সমেনছবি: Pulakit Singh · CC BY-SA 4.0
  • চেভ্ৰলেট টাভেৰা
  • টয়োটা কোৱালিছ
  • ৰয়েল এনফিল্ড বুলেট
  • বাজাজ পালছাৰ
  • মাৰুতি জিপ্সী
  • মাৰুতি চুজুকি SX4
  • মাৰুতি চুজুকি চিয়াজ
  • টিভিএছ আপাচি
  • এছএমএল ইছুজু কাৰাগাৰ ভ্যান
  • টাটা এল এ টি চি SWAT কেৰিয়াৰ
  • টয়োটা ইনোভা১০১১১২
  • দিল্লী আৰক্ষী, জাগুয়াৰ দল, কেন্দ্ৰীয় জিলা
  • মাৰুতি এৰতিগা

SWAT কমাণ্ডো আৰু অস্ত্ৰ-শস্ত্ৰ

SWAT কমাণ্ডো ২৬/১১ৰ পিছত ২০০৯ চনত গঠন কৰা হৈছিল৷ তেওঁলোকে প্ৰথমে ২০১০ চনৰ কমনৱেলথ গেমছত সুৰক্ষাৰ দায়িত্বত আছিল। তেওঁলোকক ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ পৰ্যায়ত প্ৰশিক্ষণ দিয়া হয়। সকলো কমাণ্ডোৰ বয়স ২৮ বছৰৰ তলৰ, যাৰ ফলত তেওঁলোক কমাণ্ডোৰ বাবে নিৰ্ধাৰিত কামৰ বাবে শাৰীৰিকভাৱে দৃঢ় আৰু সক্ষম হৈ পৰে। দিল্লী এন চি আৰত সংঘটিত হোৱা যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াটোৱেই তেওঁলোকৰ মূল কাম। ক্ৰাভ মাগাত তেওঁলোকে একান্তভাৱে প্ৰশিক্ষণ লাভ কৰিছে। দিল্লী আছিল সৰ্বমহিলা SWAT দল পোৱা প্ৰথম চহৰসমূহৰ ভিতৰত অন্যতম।১৩SWAT দলৰ সদস্যসকলে অভিজাত বিশেষ কোষৰ অধীনত কাম কৰে।১৪

মাৰণাস্ত্ৰ:

বিশেষ অস্ত্ৰ আৰু কৌশল (SWAT)ৰ দিল্লী আৰক্ষীৰ বাহন
বিশেষ অস্ত্ৰ আৰু কৌশল (SWAT)ৰ দিল্লী আৰক্ষীৰ বাহনছবি: KCVelaga · CC BY-SA 4.0
  • গ্লক ৯ এম এম ছেমি অটোমেটিক পিষ্টল।
  • AK-47 এছাল্ট ৰাইফল।
  • ট্ৰিচি এছাল্ট ৰাইফল।
  • হেকলাৰ এণ্ড কোচ এমপি৫ চাবমেচিনগান।
  • CornerShot বন্দুক।
  • INSAS এছাল্ট ৰাইফল লাইট মেচিন গান
  • ব্ৰাউনিং ৯ এম এম ছেমি অটোমেটিক পিষ্টল।

তথ্যসূত্ৰ

  1. ↑ (July 2015). Annual Report Ministry of Home Affairs 2014–2015. Departments of Internal Security, States, Home, Jammu & Kashmir Affairs and Border Management. পৃ. 82
  2. ↑ (21 January 2014). दिल्ली पुलिस: राज्य सरकार को नियंत्रण देना कितना कठिन?. BBC News हिंदी
  3. ↑ N. R. Madhava Menon, D. Banerjea. (2002). Criminal Justice India Series: Volume 7 National Capital Territory of Delhi. Allied Publishers. পৃ. 45–46
  4. ↑ Singh, Sumit Kumar. (8 May 2016). Delhi Sees 142 Murders, 578 Rapes and 1,729 Robberies in Less Than Four Months. sundaystandard
  5. ↑ (1 September 2011). Delhi Police: With you, for you, since 1911. Hindustan Times
  6. ↑ (1861-03-22). THE POLICE ACT, 1861. www.mha.gov.in
  7. ↑ (2025-03-07). Delhi’s oldest police post restored, but neglected. Hindustan Times
  8. ↑ Helplines . Delhi Police. Retrieved on 19 August 2013
  9. ↑ Delhi Police to launch the Facility of filing FIR Online. IANS. news.biharprabha.com
  10. ↑ (26 September 2013). Tata Nano unveiled as new Delhi Police PCR van at security expo. The Economic Times
  11. ↑ (30 June 2014). Delhi: Police Station Heads to Get Toyota Innovas. NDTV
  12. ↑ (2 February 2015). Delhi cops openly flout PMO order on vehicle use. India Today
  13. ↑ Gupta, Swati. (15 August 2018). India's Independence Day sees first deployment of all-female SWAT team. CNN
  14. ↑ (6 November 2009). Delhi gets SWAT team. The Indian Express

সম্পৰ্কিত শ্ৰেণী

চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিল্লী আৰক্ষী” প্ৰবন্ধৰ সংশোধন ৬১৮২২৫ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।