অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

দিনকণা

দিনকণা (Indian Nightjar, বৈজ্ঞানিক নাম-Caprimulgus asiaticus) এবিধ সৰু আকাৰৰ নিশাচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানত: দক্ষিণ-পূব এছিয়াৰ মুকলি অঞ্চলত প্ৰজনন কৰে৷ ই গধূলি আৰু পুৱতি নিশা ক্লিক ক্লিক ধৰণে শেষলৈ চুটি আৰু অধিক খৰ কৈ মাত মাতে৷ এই মাতটো সাধাৰণতে বৰফাবৃত হ্ৰদ এটাত শিল এটা পৰিলে হোৱা শব্দৰ দৰে শুনা…

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

দিনকণা (Indian Nightjar, বৈজ্ঞানিক নাম-Caprimulgus asiaticus) এবিধ সৰু আকাৰৰ নিশাচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানত: দক্ষিণ-পূব এছিয়াৰ মুকলি অঞ্চলত প্ৰজনন কৰে৷ ই গধূলি আৰু পুৱতি নিশা ক্লিক ক্লিক ধৰণে শেষলৈ চুটি আৰু অধিক খৰ কৈ মাত মাতে৷ এই মাতটো সাধাৰণতে বৰফাবৃত হ্ৰদ এটাত শিল এটা পৰিলে হোৱা শব্দৰ দৰে শুনা যায়৷

বিৱৰণ

দিনকণাৰ আকাৰ সৰু৷ ইয়াৰ নেজ চুটি, ডিঙিত সোণালী পটা আৰু কাষত বগা দাগ থাকে৷ ইয়াৰ মূৰৰ ওপৰৰ অংশৰ বৰণ মুগা আৰু বুকু অঞ্চল মটিয়া ৰঙৰ৷ মতাতকৈ মাইকী দিনকণাৰ দেহটো বেছিকৈ ফুটুকীয়া৷১

ই সুৰ্য্য অস্ত যোৱাৰ পিছত নীৰৱে উৰে৷ দিনৰ ভাগত ই মাটিত পৰি থাকে৷ ইয়াৰ দেহৰ বৰণ আৰু বাহ্যিক গঠনে ইয়াক পৰিৱেশৰ লগত মিলি নিজকে লুকুৱাই ৰাখিবলৈ সহায় কৰে৷

টেক্স'নমি

দিনকণাৰ গোটসমূহৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰতৰ চৰাইসমূহৰ ৰং শেঁতা হোৱা দেখা যায়৷ শ্ৰীলংকাৰ চৰাইসমূহক eidos আখ্যা দিয়া হয় আৰু ইহঁতৰ বৰণ গাঢ় মটিয়া হোৱা দেখা যায়৷ ১

বিতৰণ

দিনকণা উত্তৰ-পশ্চিম ভাৰতৰ পৰা পাকিস্তান পৰ্যন্ত বিস্তৃত হৈ আছে৷ অৱশ্যে ইয়াক শুকান মৰুভূমি অঞ্চলত দেখা পোৱা নাযায়৷ তাৰোপৰি ইয়াক হিমালয়ৰ দক্ষিণ দিশত তথা বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা তথা ভিয়েটনাম আদিত পোৱা যায়৷

বাসস্থান

দিনকণা চৰাই সাধাৰণতে মুকলি কাঠনি (open woodland), কাইঁটীয়া বনাঞ্চল (scrub) আৰু খেতি-পথাৰত দেখা পোৱা যায়৷ ই প্ৰায়ে মাটিত বা চাপৰ ডালত জিৰণি লয়৷

আচৰণ

খাদ্য

দিনকণাই নিশাৰ ভাগত বাটত জিৰণি লয়, কেতিয়াবা বাটৰ বিদ্যুতবাতিৰ প্ৰতি আকৰ্ষিত হৈ কাষ চপা পোক-পতংগ ধৰি খায়৷ ২ ইহঁতৰ জিলিকি থক চকু দুটাৰ বাবে বাটেদি যোৱা গাড়ী-মটৰৰ হেডলাইটৰ পোহৰত দেখা পাবলৈ সুবিধা হয়৷ অৱশ্যে গাড়ী-মটৰৰ তীব্ৰ পোহৰত নেদেখা হৈ বহুতো দিনকণা চৰাইৰ গাড়ীৰ আগত পৰি মৃত্যু হোৱাৰো তথ্য পোৱা যায়৷৩

প্ৰজনন

দিনকণাই সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা চেপ্টেম্বৰ মাহত প্ৰজনন কৰে৷ ই বাহ নাসাজে৷ উদং মাটিতে ই দুটা গুলপীয়া কণী পাৰে৷ মাকে কাষতে কণী দুটা ৰখি থাকে৷ ৪ নতুনকৈ জন্মা পোৱালিৰ গাৰ ওপৰ অংশ মটিয়া আৰু তল অংশ মাখন বৰণৰ পাখিৰে ঢাক খাই থাকে৷ জন্মোতেই ইয়াৰ চকু মেল খাই থাকে আৰু ইহঁতে সৰুকৈ মাতো উলিয়াব পাৰে৷ ৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rasmussen PC & JC Anderson. (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃ. 254–255
  2. ↑ Bharos,AMK. (1992). Feeding by Common Nightjar Caprimulgus asiaticus and Indian Roller Coracias benghalensis in the light of mercury vapour lamps. J. Bombay Nat. Hist. Soc.. পৃ. 124
  3. ↑ Saxena, R. (1992). Mortality rate in Common Indian Nightjar in road accidents. Newsletter for Birdwatchers. পৃ. 17
  4. ↑ Barnes, Alice D. (1937). Breeding of the Little Indian Nightjar Caprimulgus asiaticus asiaticus in the Chingleput District. J. Bombay Nat. Hist. Soc.. পৃ. 865–867
  5. ↑ Lamba, BS. (1967). Nestling of Common Indian Nightjar (Caprimulgus asiaticus Latham). J. Bombay Nat. Hist. Soc.. পৃ. 110–111

সম্পৰ্কিত শ্ৰেণী

অসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিনকণা” প্ৰবন্ধৰ সংশোধন ৫৪০৫৯২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।