দনুৱাৰ জাতি (Danuwar people) বা দনুৱাৰ জনগোষ্ঠী হʼল নেপালৰ অভ্যন্তৰীণ তেৰাই অঞ্চলৰ এটা খিলঞ্জীয়া জনগোষ্ঠী।১ তেওঁলোকে দনুৱাৰ ভাষাত কথা পাতে। মধ্য আৰু পূব নেপালৰ সমগ্ৰ পাহাৰ আৰু তেৰাই অঞ্চলত দনুৱাৰসকলক দেখা যায় যদিও তেওঁলোকে মূলতঃ সিন্ধুলী আৰু উদয়পুৰ জিলাত বাস কৰে।২ তেৰাইৰ থাৰুসকলৰ লগত তেওঁলোকৰ শাৰীৰিক আৰু সাংস্কৃতিক সাদৃশ্য দেখা যায়।৩ তেওঁলোকৰ বিভিন্ন উপ-গোষ্ঠী আছে, যাৰ ভিতৰত ৰাজহন, কাছাড়ে, ৰায়-দনুৱাৰ আৰু থাৰু দনুৱাৰ আদি উল্লেখযোগ্য।৪৫৬
ব্যুৎপত্তি
দনুৱাৰ শব্দটো ‘দুনা’ শব্দৰপৰা উদ্ভৱ হোৱা বুলি ভবা হয়। ইয়াৰ অৰ্থ হৈছে পাতৰ কাঁহী আৰু ইয়াত খাদ্য গ্ৰহণ কৰা লোকসকলক পাছলৈ দনুৱাৰ বুলি কোৱা হৈছিল। আন এক তত্ত্বৰ মতে ই সংস্কৃত শব্দ 'দ্ৰোণিবাৰ'ৰপৰা উদ্ভৱ হৈছে। ই দুটা পাহাৰৰ কোলাত অৱস্থিত দুখন নদীৰ সংগমস্থলীৰ মাজৰ সমতল ভূমিক বুজায়।৭
ভাষা
দনুৱাৰ জনগোষ্ঠীৰ লোকসকলে বোটে-দৰাই আৰু থাৰু ভাষাৰ নিকট সম্বন্ধীয় দনুৱাৰ ভাষাত (দনৱাৰী বুলিও জনা যায়) কথা পাতে। ২০১১ চনৰ লোকপিয়ল অনুসৰি দনুৱাৰ ভাষাক নিজৰ মাতৃভাষা বুলি গণ্য কৰা মুঠ ৪৬ হাজাৰ লোক আছিল।৮
ধৰ্ম
দনুৱাৰ জনগোষ্ঠীৰ লোকসকলে নিজকে প্ৰকৃতি পূজাৰী বুলি গণ্য কৰে।৯ অৱশ্যে বহুতে হিন্দু ধৰ্ম অনুসৰণ কৰে আৰু কিছুমানে আনকি ব্ৰাহ্মণৰ দৰে ‘লগুণো’ (পৱিত্ৰ সূতা) পিন্ধে।৩
তথ্যসূত্ৰ
- ↑ Population Monograph of Nepal Volume II (Social Demography)
- ↑ admin. (2020-12-18). Danuwar: Indigenous Inhabitants In Nepal with Mongolian Origin
- ↑ Oviedo de Valeria, Jenny. (1994-08-02). Danuwar people. Educación matemática. পৃ. 73–86
- ↑ The Danuwar Rai of Nepal
- ↑ The manjani system of the danuwar state of the kamala valley
- ↑ A Sociolinguistic Study of Dewas Rai and Danuwar
- ↑ Danuwar. english.indigenousvoice.com
- ↑ Danwar language. www.omniglot.com
- ↑ Janjatis-in-Nepal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দনুৱাৰ জাতি” প্ৰবন্ধৰ সংশোধন ৫৬১৯০১ (৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।