গন্ধৰ্ব জাতি (নেপালী: गन्धर्व जाति) বা গাইনে (নেপালী: गाईने) নেপালৰ মধ্য, পাহাৰীয়া অঞ্চলৰ ভাৰত-আৰ্য্য জনগোষ্ঠীৰ অন্তৰ্গত এটা জনজাতীয় সম্প্ৰদায়। এই জনগোষ্ঠীটো "পেছাদাৰী সংগীতজ্ঞৰ জাতি" আৰু "ভ্ৰমণকাৰী কবি" বুলিও কোৱা হয়।১২ পৰম্পৰা অনুসৰি তেওঁলোকে গন্ধৰ্ব গীত বা গাইনে গীত নামৰ এক প্ৰকাৰৰ লোক-গীত পৰিবেশন কৰি জীৱিকা নিৰ্বাহ কৰে। গন্ধৰ্বসকলে পৰম্পৰাগতভাৱে ভ্ৰমণকাৰী সংগীতজ্ঞ হিচাপে কাম কৰে আৰু পৰম্পৰাগত লোক আৰু ঐতিহাসিক গীত সমূহ পৰিবেশন কৰে।২ তেওঁলোকে গীতবোৰ উন্নীত কৰে, সেৱা হিচাপে বাৰ্তাসমূহো অন্তৰ্ভুক্ত কৰে, যাৰ বিনিময়ত তেওঁলোকে খাদ্য বা অন্যান্য বস্তুৰ অনুদান লাভ কৰে।২ তেওঁলোকে সাৰংগী (নেপালী) নামৰ এক প্ৰকাৰৰ ভায়লিন সদৃশ বাদ্যক মূল বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে।১ সাৰংগী গন্ধৰ্ব জনগোষ্ঠীৰ সৈতে চিনাক্ত কৰা এক চিনাকি বাদ্যযন্ত্ৰ।২ এই বাদ্যযন্ত্ৰ তেওঁলোকে বজোৱা আৰবাজো নামৰ এটা বৃহৎ বাদ্যযন্ত্ৰৰ সলনি ব্যৱহাৰ কৰে, আৰবাজো "অধিক জটিল" বাদ্যযন্ত্ৰ আছিল।১ তেওঁলোকে নিজস্ব ভাষাত কথা কয় যাক পাৰ্চে কুৰা বুলি কোৱা হয়।
নেপালত বহুতো জাতিভিত্তিক বৈষম্যৰ বাবে ১৯৬৩ খ্ৰীষ্টাব্দত নেপাল চৰকাৰে জাতি-ব্যৱস্থাক আইনগতভাৱে বিলুপ্ত কৰি "অস্পৃশ্যতা" (এটা নিৰ্দিষ্ট জাতিৰ বহিষ্কাৰ)কে ধৰি যিকোনো জাতিভিত্তিক বৈষম্যক অপৰাধমূলক বুলি গণ্য কৰে।
ভৌগোলিক বিতৰণ
শেহতীয়াকৈ নেপালৰ কেন্দ্ৰীয় পৰিসংখ্যা ব্যুৰোৱে গাইনে/গন্ধৰ্বসকলক পাহাৰীয়া দলিতৰ বহল সামাজিক গোটৰ ভিতৰত শ্ৰেণীভুক্ত কৰিছে।৩ ২০১১ চনৰ নেপালৰ লোকপিয়লৰ সময়ত ৬,৭৯১ জন লোক (নেপালৰ জনসংখ্যাৰ ০.০%) গাইনে/গন্ধৰ্ব আছিল।৪
তথ্যসূত্ৰ
- ↑ James McConnachie; Rough Guides (Firm). (2000). World music: the rough guide. Rough Guides. পৃ. 198–. ISBN 978-1-85828-636-5
- ↑ Kadel, Ram Prasad. (2007). Musical Instruments of Nepal. Nepali Folk Instrument Museum. পৃ. 246. ISBN 978-9994688302
- ↑ Population Monograph
- ↑ 2011 Nepal Census, District Level Detail Report
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গন্ধৰ্ব (জনগোষ্ঠী)” প্ৰবন্ধৰ সংশোধন ৪৯১১১০ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।