অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

থাপাথলী দৰবাৰ

থাপাথলী দৰবাৰ (নেপালী: थापाथली दरवार) আছিল নেপালৰ ৰাজধানী কাঠমাণ্ডুস্থিত এটা মহল। থাপাথলী শব্দৰ অৰ্থ ‘থাপাসকলৰ নিবাস’। এই দুৰ্গটো প্ৰথমে নয়নসিংহ থাপাই নিৰ্মাণ কৰিছিল যদিও পিছত জঙ্গবহাদুৰ ৰাণাই ইয়াক অধিকাৰ কৰি প্ৰধানমন্ত্ৰী হিচাপে ব্যৱহাৰ কৰিছিল।

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৬ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

থাপাথলী দৰবাৰ (নেপালী ভাষা: थापाथली दरवार) আছিল নেপালৰ ৰাজধানী কাঠমাণ্ডুস্থিত এটা মহল। থাপাথলী শব্দৰ অৰ্থ ‘থাপাসকলৰ নিবাস’। এই দুৰ্গটো প্ৰথমে নয়নসিংহ থাপাই নিৰ্মাণ কৰিছিল যদিও পিছত জঙ্গবহাদুৰ ৰাণাই ইয়াক অধিকাৰ কৰি প্ৰধানমন্ত্ৰী হিচাপে ব্যৱহাৰ কৰিছিল। বাগমতী নদীৰ উত্তৰফালে অৱস্থিত এই দৰবাৰত বহুকেইখন চোতাল, উদ্যান আৰু প্ৰাসাদবিলাক আছিল।

ইতিহাস

দুৰ্গটো কাঠমাণ্ডুৰ কেন্দ্ৰত, বাগমতী নদীৰ উত্তৰফালে অৱস্থিত আছিল।১

থাপা বংশৰ অধীনত

থাপা বংশৰ নয়ন সিংহ থাপাক থাপাথলি দুৰ্গৰ নিৰ্মাণাৰম্ভৰ কৃতিত্ব দিয়া হয়।

ৰাণা বংশৰ অধীনত

সিংহ মহল — জংগবহাদুৰ ৰাণাই নিৰ্মাণ কৰিছিল আৰু পিছত সিংহ শমশেৰে নামকৰণ কৰিছিল
সিংহ মহল — জংগবহাদুৰ ৰাণাই নিৰ্মাণ কৰিছিল আৰু পিছত সিংহ শমশেৰে নামকৰণ কৰিছিলছবি: Clemensmarabu · CC BY-SA 3.0

১৮৮৭ চনত যুদ্ধপ্ৰতাপ জংগক শমশেৰ ৰাণাই হত্যা কৰাৰ পাছত চন্দ্ৰ শমশেৰ জেবিয়াৰে থাপাথলী দুৰ্গ অধিকাৰ কৰি ১৯০৪ চনলৈকে ১৮ বছৰব্যাপী ব্যৱহাৰ কৰিছিল। চন্দ্ৰ শমশেৰৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ সিংহ শমশেৰ জেবিয়াৰে দুৰ্গটো লাভ কৰি ‘‘সিংহ মহল’’ বুলি নতুনকৈ নামকৰণ কৰে।২

সিংহ মহল

চন্দ্ৰ শমশেৰৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ সিংহ শমশেৰ জেবিয়াৰে থাপাথলি দৰবাৰ অধিকাৰ কৰি ইয়াক ‘‘সিংহ মহল’’ নামেৰে নামকৰণ কৰে।২ বৰ্তমানে ইয়াত নেপাল ৰাষ্ট্ৰ বেংক অৱস্থিত।

কালমোচন মন্দিৰ

কালমোচন মন্দিৰ
কালমোচন মন্দিৰছবি: Manoguru · CC BY-SA 4.0

কালমোচন মন্দিৰটো দৰবাৰৰ অংশ আছিল আৰু বিষ্ণুদেৱৰ উদ্দেশ্যে উৎসৰ্গিত। এই মন্দিৰটো ১৯শ শতিকাৰ মাজভাগত দৰবাৰৰ বাহিৰত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ স্থাপত্যৰ ক্ষেত্ৰত মোগল শিল্প আৰু নেপালী শিল্পৰ সংমিশ্ৰণ ঘটিছে। ইয়াক ‘‘জঙ্গ হিৰণ্য হেমনাৰায়ণ মন্দিৰ’’ বুলিও কোৱা হয়। জংগবহাদুৰ ৰাণাই নিজৰ পত্নী হিৰণ্যগৰ্ভা আৰু হেমৰ নাম চিহ্নিত কৰি মন্দিৰটো নিৰ্মাণ কৰিছিল।

কথিত আছে যে কোট পৰ্বৰ হত্যাকাণ্ডত নিহত লোকসমূহক জংগবহাদুৰ ৰাণাই এই মন্দিৰৰ তলত সমাধিস্থ কৰিছিল।৩

২০১৫ চনৰ নেপাল ভূমিকম্পত এই মন্দিৰ একেবাৰে ধ্বংসস্তূপত পৰিণত হয়। ২০১১ চনৰ ছিক্কিম ভূমিকম্পৰ পিছতেই ইয়াত বৃহৎ ফাঁট মেলা দেখা গৈছিল। বৰ্তমান সমগ্ৰ কালমোচন ঘাট এলেকাটো অত্যন্ত জীৰ্ণবস্থাত আছে।

তথ্যসূত্ৰ

  1. ↑ (2014-10-19). THE HISTORIC DURBARS OF KATHMANDU
  2. ↑ JBR, Purushottam Shamsher. (2007). Ranakalin Pramukh Atihasik Darbarharu. Vidarthi Pustak Bhandar. ISBN 978-9994611027
  3. ↑ (2000-07-25). A temple of dubious reputation

সম্পৰ্কিত শ্ৰেণী

নেপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাপাথলী দৰবাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪০০৬ (২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।