অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

তৰ্পণ

তৰ্পণ (Tarpana, तर्पण, তৰ্পণ, ತರ್ಪಣ, தர்ப்பணம்) বৈদিক প্ৰথাৰ সৈতে জড়িত এটি শব্দ। ই ঐশ্বৰিক সত্তাক অৰ্পণ কৰা নৈৱেদ্যক বুজায়। তৰ্পণ শব্দটিৰদ্বাৰা নৈৱেদ্যৰ কাৰ্য্যৰ লগতে নৈৱেদ্যত ব্যৱহৃত পদাৰ্থকো বুজোৱা হয়। তিলতৰ্পণ (तिलतर्पण, তিলতৰ্পণ, ತಿಲತರ್ಪಣ, திலதர்பணம்) হৈছে তৰ্পণৰ এটা বিশিষ্ট ৰূপ।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৫৯৬ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তৰ্পণ (Tarpana, तर्पण, তৰ্পণ, ತರ್ಪಣ, தர்ப்பணம்) বৈদিক প্ৰথাৰ সৈতে জড়িত এটি শব্দ। ই ঐশ্বৰিক সত্তাক অৰ্পণ কৰা নৈৱেদ্যক বুজায়। তৰ্পণ শব্দটিৰদ্বাৰা নৈৱেদ্যৰ কাৰ্য্যৰ লগতে নৈৱেদ্যত ব্যৱহৃত পদাৰ্থকো বুজোৱা হয়।১২৩ তিলতৰ্পণ (तिलतर्पण, তিলতৰ্পণ, ತಿಲತರ್ಪಣ, திலதர்பணம்) হৈছে তৰ্পণৰ এটা বিশিষ্ট ৰূপ। ইয়াত পিতৃপক্ষৰ সময়ত বা মৃত্যুৰ ৰীতি হিচাপে জল (পানী) আৰু তিল ব্যৱহাৰ কৰি পিতৃ (প্ৰয়াত পূৰ্বপুৰুষ)ক নৈৱেদ্য অৰ্পণ কৰা হয়।৪

Double Spoon}}) পূজাৰ বাবে ব্যৱহাৰ কৰা হয়। এই কোশা-কুশী বিশুদ্ধ তামেৰে তৈয়াৰ কৰা হয়। কোশা-কুশী দেৱ-দেৱীক পৱিত্ৰ জল (পানী) আগবঢ়োৱাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু শ্ৰাদ্ধ তৰ্পণ পূজাৰ বাবেও ব্যৱহাৰ কৰা হয়। কোশা-কুশী হৈছে দেৱী মাৰ তান্ত্ৰিক পূজাত ব্যৱহৃত এক গুৰুত্বপূৰ্ণ আচাৰ-অনুষ্ঠানৰ সামগ্ৰী।
Double Spoon}}) পূজাৰ বাবে ব্যৱহাৰ কৰা হয়। এই কোশা-কুশী বিশুদ্ধ তামেৰে তৈয়াৰ কৰা হয়। কোশা-কুশী দেৱ-দেৱীক পৱিত্ৰ জল (পানী) আগবঢ়োৱাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু শ্ৰাদ্ধ তৰ্পণ পূজাৰ বাবেও ব্যৱহাৰ কৰা হয়। কোশা-কুশী হৈছে দেৱী মাৰ তান্ত্ৰিক পূজাত ব্যৱহৃত এক গুৰুত্বপূৰ্ণ আচাৰ-অনুষ্ঠানৰ সামগ্ৰী।ছবি: শক্তিশেল · CC BY-SA 4.0

তৰ্পণ হৈছে একপ্ৰকাৰ অৰ্ঘ্য (নৈৱেদ্য)। মূলমন্ত্ৰ জপ কৰাৰ সময়ত সকলো দেৱতাৰ লগতে নৱগ্ৰহকো তৰ্পণ আগবঢ়োৱা হয়।

আদৰণি তৰ্পণৰ দৃষ্টান্ত

দেৱীৰ বাবে:

  • লক্ষ্মীৰ বাবে, “आर्द्रां ज्वलंतीम् तृप्ताम् तर्पयन्तीम्” Ārdrāṁ jvalantīm tr̥ptām tarpayantīm (শ্ৰী সূক্ত ৪), "যি সন্তুষ্ট আৰু যিয়ে তৰ্পণ নিবেদন কৰাসকলক সন্তুষ্ট কৰে"
  • ত্ৰিপুৰ সুন্দৰীৰ বাবে, “बिंदु तर्पण संतुष्टाम् पूर्वजा त्रिपुराम्बिका” bindu tarpaṇa santuṣṭām pūrvajā tripurāmbikā (ললিতা সহস্ৰনাম ১৭৮, ৯৭৪), "যি মাত্ৰ এটোপাল তৰ্পণেৰে সন্তুষ্ট হয়"

গৰুৰ গাখীৰ (কেঁচা, গৰম নকৰা, আৰু এৱাঁ গাখীৰ), পানী, চেনি, কেশৰ, ইলাচি, কৰ্পূৰ, ইত্যাদি মিহলাই নৈৱেদ্য হিচাপে ব্যৱহাৰ কৰা হয়।

প্ৰতি দহটা মূলমন্ত্ৰৰ আবৃত্তিৰ বাবে এটা তৰ্পণ (বা অৰ্ঘ্য) আৰু তাৰ এভাগৰ বাবে এটাকৈ তৰ্পণ আগবঢ়োৱা হয়।

তিলতৰ্পণ

তিলতৰ্পণ হৈছে জীৱিত পিতৃ নথকা পুৰুষ বংশৰদ্বাৰা পিতৃপুৰুষৰ (প্ৰয়াত পূৰ্বপুৰুষ)ৰ উদ্দেশ্যে নিবেদিত তৰ্পণ (বা অৰ্ঘ্য)। প্ৰথম বাৰ্ষিক শ্ৰাদ্ধ (মৃত্যু-বাৰ্ষিকী) আৰু পৰৱৰ্তী বাৰ্ষিক শ্ৰাদ্ধ, অমাৱস্যা, সংক্ৰমণ (সৌৰ প্ৰৱেশ), গ্ৰহণ, আৰু নিৰ্বাচিত পৱিত্ৰ তীৰ্থস্থান ভ্ৰমণৰ সময়ত এই শ্ৰাদ্ধ কৰা হয়।

তিলতৰ্পণ নিবেদন

  • ক’লা তিল, জল (পানী)ৰ সৈতে নৈৱেদ্য হিচাপে ব্যৱহাৰ কৰা হয়।
  • যজ্ঞোপবীত (পৱিত্ৰ সূতা) বিপৰীত অৱস্থানত (অৰ্থাৎ সোঁ কান্ধত, যাক, प्राचीनावीति বা সংস্কৃতত অপসভ্য বুলি কোৱা হয়) পিন্ধিব লাগে।
  • কুশ ঘাঁহেৰে তৈয়াৰী এটি পৱিত্ৰা (আঙঠি) সোঁহাতৰ অনামিকাত আৰু কুশ ঘাঁহেৰে তৈয়াৰী আন এটি আঙঠি বাওঁ হাতৰ আঙুলিত অনুভূমিকভাৱে পিন্ধিব লাগে, যাক তেকুশ বোলা হয়।

হস্তমুদ্ৰা

তৰ্পণ আগবঢ়োৱাৰ সময়ত দেৱতা (দেৱ, দেৱী আৰু নৱগ্ৰহ), ঋষি আৰু পিতৃ (প্ৰয়াত পূৰ্বপুৰুষ)ক নৈৱেদ্য আগবঢ়োৱাৰ বাবে বিভিন্ন হস্তমুদ্ৰা (হাতৰ ভঙ্গিমা) থাকে। (ক) দেৱতাসকলৰ বাবে, নৈৱেদ্যটি বুঢ়া আঙুলিৰ বাহিৰে দুয়োটা হাতৰ বাকী আঠটা আঙুলিৰ ওপৰেৰে প্ৰৱাহিত কৰা হয়। ই দেৱ তীৰ্থ নামেৰে পৰিচিত। (খ) ঋষিসকলৰ বাবে, নৈৱেদ্যটি দুয়োটা হাতৰ তলুৱাৰ মাজেৰে প্ৰৱাহিত কৰা হয়, দুয়োটা হাতৰ তলুৱাৰ মাজেৰে তৰ্পণ সৰে। ই ঋষি তীৰ্থ নামেৰে পৰিচিত। (গ) পিতৃপুৰুষসকলৰ বাবে, নৈৱেদ্যটি বাওঁ হাতৰ তলুৱাৰ বাওঁ কাষ আৰু বাওঁ হাতৰ বুঢ়া আঙুলিৰ ওপৰেৰে প্ৰৱাহিত কৰা হয়। ই পিতৃ তীৰ্থ নামেৰে পৰিচিত। সোঁ কান্ধত বন্ধা জনেউ বা যজ্ঞোপবীত নিতম্বত বাঁওফালে পৰি যায়। ইয়াক উপসব্য বোলা হয় কাৰণ যজ্ঞোপবীত বাঁওফালে বন্ধা থাকে গতিকে পিতৃ তৰ্পন বাঁওহাতেৰে আগবঢ়াব লাগে। এই কাৰণেই মৃতকক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত প্ৰদক্ষিণ কৰা হয়। পিণ্ডদানৰ বাবে বাঁওহাতখন ব্যৱহাৰ কৰিব লাগে। পিতৃ শ্ৰাদ্ধৰ বাহিৰে আন সকলো আচাৰ-অনুষ্ঠানত সোঁহাতৰ ব্যৱহাৰ বাধ্যতামূলক।

তিল

তিল তিলগছৰপৰা আহৰণ কৰা হয়। তিল একপ্ৰকাৰ সৰু বীজ যিয়ে শক্তি সঞ্চয় কৰে আৰু সেয়েহে ইয়াক সকলো দেৱতা, শনি আৰু পিতৃপুৰুষৰ প্ৰিয় বুলি গণ্য কৰা হয়। ভগৱান গণেশক সাধাৰণতে পঞ্চ-কজ্জয় নামৰ তিল ব্যৱহাৰ কৰি তৈয়াৰ কৰা সুস্বাদু খাদ্য আগবঢ়োৱা হয়। ভগৱান শিৱক তিল (তিলক্ষত)ৰে পূজা কৰা হয়। ভগৱান বিষ্ণু, ভগৱান ব্ৰহ্মা, দেৱী লক্ষ্মী আৰু দেৱী সৰস্বতীৰ বাবে তেওঁলোকৰ প্ৰিয় খাদ্যত তিল ব্যৱহাৰ কৰা হয়। ইয়াক বহু হৱন আৰু হোমত হোম-দ্ৰব্য (অগ্নি নৈৱেদ্যৰ উপাদান) হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে তিল আৰু তিলতৰ্পণক অশুভ বুলি উলাই কৰা উচিত নহয়।

তৰ্পণ আগবঢ়োৱাৰ কাৰণ

মানুহৰ পিতৃপুৰুষসকলে তৰ্পণৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে বুলি বিশ্বাস কৰা হয়। যদি কোনো নৈৱেদ্য দিয়া নহয়, তেন্তে তেওঁলোকে হতাশ হৈ নিজ স্থানলৈ উভতি যায় আৰু বংশধৰসকল তেওঁলোকৰ আশীৰ্বাদ পোৱাৰপৰা বঞ্চিত হয় যিবোৰ তেওঁলোকে লাভ কৰিলেহেঁতেন, যদিহে তেওঁলোকে নিজৰ (পুত্ৰৰ) কৰ্তব্য পালন কৰিলেহেঁতেন। কোশা-কুশী হৈছে দেৱী মাৰ তান্ত্ৰিক পূজাত ব্যৱহৃত এক গুৰুত্বপূৰ্ণ আচাৰ-অনুষ্ঠানৰ সামগ্ৰী আৰু ই দেৱীৰ যোনি তথা গৰ্ভৰ লগতে ভৌতিক শৰীৰৰ ভিতৰৰ নক্ষত্ৰীয় শৰীৰ আৰু বৃহৎ জগতৰ ভিতৰৰ অণুবিশ্বক প্ৰতিনিধিত্ব কৰে।

গ্ৰন্থপঞ্জি

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Tarpaṇa | Encyclopedia.com. encyclopedia.com
  2. ↑ jsessionid=F1CEF998E171D4DA420E687D2AFA209C Tarpaṇa
  3. ↑ (January 2009). A Dictionary of Hinduism. Oxford University Press. ISBN 978-0-19-861025-0
  4. ↑ (Oct 2010). Indian Hindu devotee performs "Tarpan". Hindustan Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰ্পণ” প্ৰবন্ধৰ সংশোধন ৫৪০৭০৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।