অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তেৎছুকো কুৰ'য়ানাগি

তেৎছুকো কুৰ'য়ানাগি (Tetsuko Kuroyanagi) হৈছে এগৰাকী জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা আৰু টাৰেণ্টো (tarento, জাপানী চেলিব্ৰিটি)৷ ইয়াৰ উপৰিও তেখেত "প্ৰকৃতিৰ বিশ্বজনীন পুঁজি"ৰ উপদেষ্টা, আৰু ইউনিচেফৰ গুডৱিল এম্বেচাদৰ৷ সমাজহিতকৰ কৰ্মৰ বাবে তেখেত জনাজাত৷ আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি অৰ্জন কৰা…

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৪৯৮ শব্দ · ৩ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

তেৎছুকো কুৰ'য়ানাগি (Tetsuko Kuroyanagi) হৈছে এগৰাকী জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা আৰু টাৰেণ্টো (tarento, জাপানী চেলিব্ৰিটি)৷ ইয়াৰ উপৰিও তেখেত "প্ৰকৃতিৰ বিশ্বজনীন পুঁজি"ৰ উপদেষ্টা, আৰু ইউনিচেফৰ গুডৱিল এম্বেচাদৰ৷১২ সমাজহিতকৰ কৰ্মৰ বাবে তেখেত জনাজাত৷ আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি অৰ্জন কৰা অগ্ৰণী জাপানী চেলিব্ৰিটীসকলৰ ভিতৰত তেওঁৰ নামটোও সন্নিৱিষ্ট৷ ৩ ২০০৬ চনত ডনাল্ড ৰিচিয়ে তেওঁৰ গ্ৰন্থ "Japanese Portraits: Pictures of Different People"ত তেৎছুকো কুৰু'য়ানাগিক "জাপানৰ সৰ্বাধিক জনপ্ৰিয় আৰু সন্মানীয় মহিলা" বুলি অভিহিত কৰে৷ ৪ ১৯৮১ চনত কুৰু'য়ানাগিয়ে লিখা শিশু-উপযোগী গ্ৰন্থ ত'ত্ত'-চ্চান প্ৰকাশ হয়৷ জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা এইখন গ্ৰন্থ তেখেতৰ জীৱনৰ এক মাইলৰ খুঁটি হিচাপে বিবেচিত হয়৷ ৫

প্ৰাৰম্ভিক জীৱন

তেৎছুকো কুৰ'য়ানাগিৰ জন্ম হৈছিল টকিঅ' চহৰত৷ বৰ্তমান টকিঅ'ৰ টকিঅ' প্ৰিফেকচাৰত৷ তেখেতৰ পিতৃ আছিল এজন বেহেলাবাদক আৰু কনচাৰ্ট পৰিচালক (concertmaster)৷৬ ১৯৮১ চনৰ আত্মজীৱনীমূলক স্মৃতিচাৰণখনৰ মতে ত'ত্ত'-চ্চান আছিল তেৎছুকো কুৰ'য়ানাগিৰ ঘৰুৱা নাম৷ ৬ কুৰ'য়ানাগিয়ে পঢ়াশালীয়া শিক্ষাৰ বাবে ট'মে প্ৰাথমিক বিদ্যালয়লৈ (Tomoe Gakuen) গৈছিল৷

শিক্ষা

কুৰ'য়ানাগিয়ে টকিঅ' সংগীত বিদ্যালয়ত পঢ়িছিল৷ "অপেৰা" বিষয়টো তেখেতে মেজৰ হিচাপে বাছি লৈছিল, কাৰণ অপেৰা গায়িকা হোৱায়েই তেখেতৰ লক্ষ্য আছিল৷৩ স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেত অৱশ্যে অভিনয় আৰু দূৰদৰ্শনৰ মনোৰঞ্জনধৰ্মী জগতখনৰ প্ৰতিহে আগ্ৰহান্বিত হয়৷ তেখেতে টকিঅ' হ'চ' গেকিডানত যোগদান কৰে৷ পৰৱৰ্তীকালত, কুৰ'য়ানাগি হৈ পৰে "জাপান সম্প্ৰচাৰণ কৰ্পোৰেচন"ৰ (NHK) লগত চুক্তিবদ্ধ হোৱা প্ৰথমগৰাকী জাপানী অভিনেত্ৰী৷ ৬৩

কৰ্মজীৱন

টিভি চিৰিজ "থাণ্ডাৰবাৰ্ডছ"ত লেডি পেনেলপ হিচাপে কণ্ঠ দান কৰাৰ পাছত,৭কুৰ'য়নাগিয়ে ১৯৭৫ চনৰ অপৰাহ্নৰ টেলিভিছন অনুষ্ঠান "টেটচুকুছ ৰূম"ৰ লগত জড়িত হৈ পৰে৷ এইটো আছিল জাপানী টেলিভিছনৰ প্ৰথমটো টক-শ্ব'৷ এইটো অনুষ্ঠানে তেখেতক খ্যাতি বঢ়ায়৷৬৩৮ ব্যক্তিগত টেলিভিছন চেনেল "আছাহি"য়ে সম্প্ৰচাৰ কৰা এইটো অনুষ্ঠানত কুৰ'য়ানাগিয়ে টেলিভিছন, ক্ৰীড়া, ৰাজনীতিকে ধৰি একাধিক ক্ষেত্ৰৰ চেলিব্ৰিটিৰ লগত কথাবাৰ্তা পাতিছিল৷ ৩৮ "Tetsuko's Room" অনুষ্ঠানটো খুবেই সফল হিচাপে পৰিগণিত হৈছিল আৰু জাপানত কুৰ'য়ানাগিক এক "চাঞ্চল্য" বুলি আখ্যায়িত কৰা হৈছিল৷ ৫পৰিসংখ্যাই কয় যে, কুৰি শতিকাৰ দশমটো দশকৰ আৰম্ভণিলৈকে কুৰ'য়ানাগিয়ে দুহাজাৰতকৈও অধিক জাপানী আৰু বিদেশী চেলিব্ৰেটিৰ সাক্ষাৎকাৰ লৈছিল৷৮৯ কোৱা হয় যে, সাক্ষাৎগ্ৰহণকাৰী হিচাপে কুৰ'য়ানাগিয়ে দেখুওৱা আন্তৰিকতা আৰু বাক্-দক্ষতাৰ বাবেই এই বিশেষ টিভি অনুষ্ঠানটো দীঘস্থায়ী হৈছিল৷ ১০৩ উল্লেখযোগ্য যে "ৱৰ্ল্ড মিষ্ট্ৰিছ" নামৰ টেলিভিছনৰ কুইজ অনুষ্ঠানটোতো তেখেতেক সঘনাই দেখিবলৈ পোৱা যায়৷ ৩১১

ত'ত্ত'-চ্চানৰ লেখিকা হিচাপে

১৯৮১ চনটো কুৰ'য়ানাগিৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হয়৷ এইটো বৰ্ষতেই তেখেতে শিশু-উপযোগী আত্মজীৱনীমূলক গ্ৰন্থ ত'ত্ত'-চ্চান (Totto-Chan: The Little Girl at the Window) প্ৰকাশ কৰে৷ এইখনি গ্ৰন্থত কুৰ'য়ানাগিয়ে তেওঁ অধ্যয়ন কৰি অহা ত'মে' গেকুএন প্ৰাথমিক বিদ্যালয়ৰ অপৰম্পৰাগত শিক্ষাব্যৱস্থা আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছ'ছাকু ক'বায়াশ্বিৰ সবল নেতৃত্বৰ বিষয়ে লিখে৷ এইখনি গ্ৰন্থক তেখেতৰ শৈশৱ-স্মৰণ বুলি কোৱা হয়৷ প্ৰকাশৰ লগে-লগে এইখনি গ্ৰন্থ জাপানৰ ইতিহাসৰ ভিতৰতে বেষ্ট-চেলাৰ গ্ৰন্থ হিচাপে পৰিগণিত হয়৷৫ ১৯৮৪ চনত গ্ৰন্থখন ইংৰাজীলৈ অনূদিত হয়৷ অনুবাদক আছিল ড'ৰ'থি ব্ৰিটন৷ গ্ৰন্থখনৰ ইংৰাজী সংস্কৰণটো ৩০খনতকৈও অধিক দেশত প্ৰকাশিত হয়৷ ৬

সমাজ-সেৱা

২০১২ চনৰ ৫ জুলাইত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত, কয়শ্বিৰো গেম্বাৰ সৈতে তেৎছুকো কুৰ'য়ানাগি
২০১২ চনৰ ৫ জুলাইত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত, কয়শ্বিৰো গেম্বাৰ সৈতে তেৎছুকো কুৰ'য়ানাগিছবি: 外務省 · CC BY 4.0

সমাজসেৱামূলক কৰ্ম আৰু পুঁজি-সংগ্ৰহলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে কুৰ'য়ানাগিয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে৷ ৩ গ্ৰন্থ "ত'ত্ত'-চ্চান"ৰ মূল চৰিত্ৰটোৰ আধাৰত তেখেতে "ত'ত্ত সংস্থা" প্ৰতিষ্ঠা কৰে৷৬১ এইটো সংস্থাই শ্ৰুতিশক্তিহীন অভিনয়শিল্পীক পেছাগতভাৱে প্ৰশিক্ষণ দিয়ে আৰু তাৰ বাবে তেওঁলোকে কুৰ'য়ানাগিৰ "থিয়েটাৰক শ্ৰুতিবিহীনজনলৈ লৈ অহা"ৰ দৰ্শনটো কাৰ্যকৰী কৰে৷

কুৰ'য়ানাগিৰ জনহিতকৰ কামক স্বীকৃতি জনাই ইউনিচেফে ১৯৮৪ চনত তেখেতক "গুডৱিল এম্বাচাদৰ" হিচাপে নিযুক্তি দিয়ে৷ এইটো সন্মান লাভ কৰা তেখেত হৈছে এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি৷ ১ কুৰি শতিকাৰ '৮০ আৰু '৯০ৰ দশকৰ শেষৰফালে, তেখেতে সমাজসেৱাৰ বাবে এছিয়া আৰু আফ্ৰিকাৰ বহুকেইখন উন্নয়নশীল ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰে৷ এইবোৰ ভ্ৰমণ-সূচীত তেখেতে দুৰ্যোগ আৰু যুদ্ধপীড়িত অনেক শিশুক সহায় কৰে আৰু দুখীয়া ৰাষ্ট্ৰত অনগ্ৰসৰ অৱস্থাত থকা শিশুৰ হকে সহায়ৰ হাত আগবঢ়াবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা অভিযানৰ নেতৃত্ব দিয়ে৷ ১০৬১১১৯৮৯ চনত তেখেতে এংগোলা দেশ ভ্ৰমণ কৰে৷ জাপানৰ পৰা এইখন দেশলৈ ভ্ৰমণলৈ যোৱা তেখেতেই আছিল প্ৰথমগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি (VIP)৷ এই ভ্ৰমণে জাপান আৰু এংগোলাৰ মাজত কূটনৈতিক সম্পৰ্কৰ সেঁতু গঢ়িলে৷ ১২ কুৰ'য়ানাগিয়ে তেওঁ জড়িত থকা ইউনিচেফৰ বিভিন্ন কাৰ্যসূচীৰ বাবে ২০ মিলিয়নতকৈও অধিক ধন সংগ্ৰহ কৰিছে৷ যি ধন সংগ্ৰহ কৰিবলৈ তেখেতে টেলিভিছনৰ অনুষ্ঠান নাইবা পুঁজি-সংগ্ৰহ অভিযানৰ সহায় লৈছে৷১৩ বেষ্টচেলিং গ্ৰন্থ "ত'ত্ত'-চ্চান"ৰ জৰিয়তে লাভ কৰা ৰয়েল্টিৰ ধনো তেখেতে ইউনিচেফলৈ আগবঢ়াই আহিছে৷ ৩১৩ ইয়াৰ লগতে কুৰ'য়ানাগিয়ে ইউনিচেফৰ আন্তৰ্জাতিক কাৰ্যসূচী "Say Yes for Children" শীৰ্ষক অভিযানটোৰ লগত সংঘবদ্ধ হৈও কাম কৰিছে৷ ১

১৯৯৭ চনত, কুৰ'য়ানাগিয়ে "ত'ত্ত'-চ্চানৰ শিশু" নামৰ গ্ৰন্থখন প্ৰকাশ কৰে৷ ১৯৮৪ চনৰ পৰা ১৯৯৬ চনলৈকে ইউনিচেফৰ গুডৱিল এম্বাচাদৰ হৈ থকা কালছোৱাত তেখেতে অৰ্জন কৰা অভিজ্ঞতা আৰু উপলব্ধিৰ ভেটিত এইখনি গ্ৰন্থ লিখা হৈছে৷৩১১"বিশ্ব বন্যপ্ৰাণী পুঁজি"ৰ জাপানী শাখাৰ তেখেত এগৰাকী অধ্যক্ষ৷ ১৪

আমেৰিকাৰ "নেশ্যনেল থিয়েটাৰ অৱ দ্য ডিফ"ক কুৰ'য়ানাগিয়ে এতিয়ালৈকে দুবাৰ জাপানলৈ নিমন্ত্ৰিত কৰিছে৷১৫১৬ যাৰ লগত তেখেতে প্ৰতীকী ভাষা ব্যৱহাৰ কৰি অভিনয় কৰিছে৷২১৭

স্বীকৃতি আৰু সন্মান

  • ১৯৮১ চনত, জাপানৰ প্ৰধান মন্ত্ৰীয়ে তেখেতক বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে এটি বিশেষ বঁটা প্ৰদান কৰে৷ ১
  • ১৯৮৭ চনত, পুুঁজি-সংগ্ৰহ আৰু প্ৰচাৰকাৰ্যৰ বাবে ইউনিচেফৰ পৰা তেখেতে "UNICEF Child Survival Award" বঁটা লাভ কৰে৷ ১
  • ১৯৯৮ চনত, অনুন্নত শিশুৰ প্ৰতি আগবঢ়োৱা সমৰ্থনসূচক প্ৰচেষ্টাৰ বাবে হিৰোশ্বিমাৰ পৰা কুৰ'য়ানাগিয়ে "Johann Heinrich Pestalozzi Education Award" বঁটা লাভ কৰে৷ ১
  • ২০০০ চনৰ অক্টোবৰ মাহত, তেখেতে "শিশুৰ গোলকীয় নেতৃত্ব" বঁটা লাভ কৰে৷ ১৯৯০ চনত ইউনিচেফৰ "শিশু গ্ৰীষ্মকালীন সন্মিলন"ৰ দশমবাৰ্ষিকীত প্ৰতিষ্ঠিত হোৱা এই বঁটাটো লাভ কৰা তেখেতেই হৈছে প্ৰথমগৰাকী ব্যক্তি৷ ১
  • ১২ মে',২০০৩ চনৰ মে' মাহত, কুৰ'য়ানাগিয়ে "অৰ্ডাৰ অৱ দ্য ছেক্ৰেড ট্ৰেছাৰ" বঁটাটি লাভ কৰে৷ দুই দশককাল বিশ্বৰ শিশুৰ বাবে আগবঢ়োৱা সমাজসেৱামূলক কৰ্মৰ বাবে তেখেতক এই স্বীকৃতি প্ৰদান কৰা হয়৷ ১১৮১৯
  • ২০০৯ চনৰ ২০ মে'ত, গুডৱিল এম্বাচাদৰ হিচাপে আগবঢ়োৱা ২৫ বছৰীয়া নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে কুৰ'য়ানাগিয়ে ইউনিচেফৰ পৰা "স্মৰণীয় ফলক" লাভ কৰে৷ ১
  • মিডিয়া আৰু টেলিভিছন মাধ্যমৰ লগত জড়িত হৈ, কুৰ'য়ানাগিয়ে "জাপানী সাংস্কৃতিক সম্প্ৰচাৰণ বঁটা" লাভ কৰে, যিটো জাপানী দূৰদৰ্শনৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান৷ "জাপানৰ প্ৰিয় টেলিভিছন ব্যক্তিত্ব" হিচাপে, "Tetsuko’s Room" নামৰ অনুষ্ঠানটোৰ বাবে তেখেত এতিয়ালৈকে চৌধ্যবাৰ ভোটযোগে নিৰ্বাচিত হৈছে৷ ১

চলচ্চিত্ৰপুঞ্জী

  • থাণ্ডাৰবাৰ্ডছ, (ভয়ছ অভিনেত্ৰী) (১৯৬৫-১৯৬৬) - লেডি পেনেলোপ ক্ৰেইটোন-ৱাৰ্ড (জাপানী ডাব)
  • জেক এণ্ড দ্য ৱিটছ, (ভয়ছ অভিনেত্ৰী) (১৯৬৭)২০
  • ব্ৰেকিং অৱ ব্ৰাঞ্চেছ ইছ ফৰবিডেন, (ভয়ছ অভিনেত্ৰী) (১৯৬৮)২১
  • ছামাৰ ছলজাৰ্ছ, (১৯৭২)২২
  • এন নো নিক্কী, (দ্য ডায়েৰী অৱ এন ফ্ৰেংক)ত শ্ৰীমতি পেট্ৰোনিলা ভেন ডান হিচাপে (ভয়ছ অভিনেত্ৰী) (১৯৯৫)
  • দ্য বুক অৱ দ্যা ডেড, (ভয়ছ অভিনেত্ৰী) (২০০৫)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ UNICEF: Goodwill Ambassador Kuroyanagi
  2. ↑ "Distinctions Blur as Deaf Actors Share a Stage," New York Times. August 29, 1988
  3. ↑ Walker, James BIG IN JAPAN Tetsuko Kuroyanagi from Metropolis Magazine
  4. ↑ Japanese Portraits: Pictures of Different People Book by Donald Richie. Limited preview at Google Books
  5. ↑ Little Girl at the TV Window from Time magazine
  6. ↑ Kuroyanagi Tetsuko profile from kyoto-su.ac.jp
  7. ↑ 黒柳徹子が47年ぶりに『サンダーバード』声優へ「徹子の部屋と違うでしょ」 from mynavi.jp/news
  8. ↑ Gender, Language and Culture: A Study of Japanese Television Interview Discourse Book by Lidia Tanaka. Limited preview at Google Books
  9. ↑ Asahi National Broadcasting Company, Ltd. - Company History
  10. ↑ Famous People of Japan: Tetsuko KUROYANAGI Teaching materials. Archive by Institute for Japanese Studies, at Ohio State University
  11. ↑ Limp prose from an angel of mercy from The Japan Times Online
  12. ↑ MOFA: Japan-Angola Relations
  13. ↑ www.unicef.org/ar98/ar98eng3.pdf
  14. ↑ Tetsuko Kuroyanagi-zz. UNICEF
  15. ↑ National Theater of the Deaf (US): NTD moves to ASD in West Hartford, CT (2004)
  16. ↑ NTD/ASD press release: NTD moves to ASD campus
  17. ↑ Kodansha International: about the author; Sanger, David
  18. ↑ L'Harmattan web site (in French), Order with gold rays and cross
  19. ↑ UNICEF to give award to actress Kuroyanagi for advocacy work Archived at Findarticles.com
  20. ↑ আৰ্কাইভ কপি
  21. ↑ Tetsuko Kuroyanagi - The cinema review of all(Database Only)
  22. ↑ Tetsuko Kuroyanagi - Trailer - Showtimes - Cast - Movies - The New York Times

সম্পৰ্কিত শ্ৰেণী

লেখকসমাজকৰ্মীজাপানৰ ব্যক্তিজাপানী অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেৎছুকো কুৰ'য়ানাগি” প্ৰবন্ধৰ সংশোধন ৬২৬২৬৩ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।