অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তু মাঝা সাংগাতি

তু মাঝা সাংগাতি: Tu Majha Saangaati; (অনুবাদ. তুমি মোৰ সংগী) হৈছে ভাৰতীয় মাৰাঠী ভাষাৰ এখন টিভি ধাৰাবাহিক যি Colors Marathi ত প্ৰচাৰিত হৈছিল। ২০১৪ চনৰ ১১ জুলাইৰ পৰা ইয়াৰ প্ৰিমিয়াৰ হৈছিল আৰু ২০১৮ চনৰ ১১ আগষ্টত ১২৯৯টা খণ্ড সম্পূৰ্ণ কৰি শেষ হৈছিল।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

তু মাঝা সাংগাতি: Tu Majha Saangaati; (অনুবাদ. তুমি মোৰ সংগী) হৈছে ভাৰতীয় মাৰাঠী ভাষাৰ এখন টিভি ধাৰাবাহিক যি Colors Marathi ত প্ৰচাৰিত হৈছিল।১ ২০১৪ চনৰ ১১ জুলাইৰ পৰা ইয়াৰ প্ৰিমিয়াৰ হৈছিল আৰু ২০১৮ চনৰ ১১ আগষ্টত ১২৯৯টা খণ্ড সম্পূৰ্ণ কৰি শেষ হৈছিল। ইয়াত চিন্ময় মাণ্ডেলকাৰে চেন্ট তুকাৰামৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।২

পটভূমি

সাধু তুকাৰাম আৰু তেওঁৰ পত্নী আৱলীৰ জীৱনৰ আধাৰত এই কাহিনীটোৱে সম্পূৰ্ণৰূপ পাইছে। সন্তান জন্ম দিয়াৰ সময়ত টুকাৰামৰ প্ৰথমা পত্নীৰ মৃত্যু হয়। এই হৃদয় বিদাৰক কাহিনীৰ নায়ক টুকাৰাম পত্নীৰ মৃত্যু পিছত নিজৰ সন্তানৰ যত্ন লোৱাত ব্যস্ত। টুকাৰামৰ পিতৃ-মাতৃয়ে অনবৰতে তেওঁক দ্বিতীয়বাৰৰ বাবে বিয়া কৰাবলৈ পৰামৰ্শ দিয়ে যদিও, কিন্তু তেওঁ এই কথা নাকচ কৰে। কাহিনীৰ নায়িকা আৱলী হৈছে এজনী আনন্দ উলাহেৰে নাচিফুৰা পৰিপূৰ্ণ চঞ্চলা সৰু ছোৱালী। কিন্তু পৰম্পৰাই তাইক মাক-দেউতাকৰ লগত ঘৰুৱা কাম বন কৰি সীমিত জীৱন কটাবলৈ বাধ্য কৰাইছে। এই ধাৰাবাহিকখনে কণ মানি আৱলীৰ জীৱন যাত্ৰা চিত্ৰায়ণ কৰিছে, কি দৰে তাই সহজে খং কৰা এগৰাকী কিশোৰী ৰ পৰা এটি পৰিপক্ক, সহনশীল আৰু দায়িত্বশীল মহিলালৈ পৰিৱৰ্তন হৈছে। অৱশেষত যেতিয়া তুকাৰামে দ্বিতীয় বিবাহ কৰিবলৈ সন্মতি দিয়ে, আৱলী হয় তেওঁৰ নিৰ্বাচিত কণ্যা। শৃংখলাটোৱে এই দুয়োজন ভিন্ন বয়ষৰ ব্যক্তি একত্ৰ হোৱা যাত্রাৰ এটি মনোৰঞ্জক বিৱৰণ প্ৰদান কৰে।

চৰিত্ৰ সমূহ

  • সন্ত টুকাৰমৰ চৰিত্ৰত চিন্ময় মাণ্ডেকাৰ
  • শিশু আৱলী হিচাপে মৃণ্ময়ী সুপাল
  • ডেকা আৱলী হিচাপে ৰুজুতা দেশমুখ৩
  • বয়োজ্যেষ্ঠ আৱলীৰ ৰূপত প্ৰমিতি নৰকে
  • বামনৰ চৰিত্ৰত শ্ৰীবল্লভ ভাট
  • গোৰোবাৰ চৰিত্ৰত মংগেশ দেশাই
  • অপূৰ্ব নেমলেকাৰ ছোয়ৰা হিচাপে
  • সৌৰভ গোখলেক সন্ত জ্ঞানেশ্বৰ হিচাপে৪
  • বিঠালপন্তৰ চৰিত্ৰত শেখৰ ফাডকে৫
  • ৰাখমাৰ চৰিত্ৰত ৰুতুজা বাগৱে

তথ্যসূত্ৰ

  1. ↑ ‘तू माझा सांगती’ मालिकेत तुकोबांना विठ्ठलाच्या दर्शनाची आस. Loksatta
  2. ↑ ई टीव्हीवर ११ जुलैपासून 'तू माझा सांगाती', चिन्मय मांडलेकर संत तुकारामांच्या भूमिकेत. Divya Marathi
  3. ↑ ‘तू माझा सांगाती’मध्ये आवलीच्या भूमिकेत ऋजुता देशमुख. Loksatta
  4. ↑ Saurabh Gokhale to play Sant Dnyaneshwar again - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ ‘तू माझा सांगाती’मध्ये शेखर फडके वेगळ्या भूमिकेत. Loksatta

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তু মাঝা সাংগাতি” প্ৰবন্ধৰ সংশোধন ৪৮৮৭২২ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।