অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

তুৰা লোকসভা সমষ্টি

তুৰা লোকসভা সমষ্টি (Tura Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ দুটা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম (আনটো হৈছে শ্বিলং)। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠনৰ পিছত এই সংসদীয় সমষ্টিটো গঠন কৰা হৈছিল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

তুৰা লোকসভা সমষ্টি (Tura Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ দুটা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম (আনটো হৈছে শ্বিলং)। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠনৰ পিছত এই সংসদীয় সমষ্টিটো গঠন কৰা হৈছিল।

এই সমষ্টিটো মেঘালয়ৰ গাৰো পাহাৰ অঞ্চলৰ ৫খন জিলা— পশ্চিম গাৰো পাহাৰ, পূব গাৰো পাহাৰ, দক্ষিণ গাৰো পাহাৰ, উত্তৰ গাৰো পাহাৰ আৰু দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাক সামৰি গঠিত। সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ চালেং এ. চাংমাই এই সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়।

ভৌগোলিক অৱস্থান আৰু সীমা

তুৰা লোকসভা সমষ্টিটো মেঘালয় ৰাজ্যৰ পশ্চিম প্ৰান্ত অৰ্থাৎ সমগ্ৰ গাৰো পাহাৰ অঞ্চলজুৰি বিস্তৃত। ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আদেশ (২০০৮) অনুসৰি, এই সংসদীয় সমষ্টিটো মেঘালয় বিধানসভাৰ ২৪ টা বিধানসভা সমষ্টিৰে গঠিত হৈছে। এই সমষ্টিৰ অন্তৰ্গত জিলাসমূহ হ'ল পশ্চিম গাৰো পাহাৰ, পূব গাৰো পাহাৰ, দক্ষিণ গাৰো পাহাৰ, উত্তৰ গাৰো পাহাৰ আৰু দক্ষিণ-পশ্চিম গাৰো পাহাৰ।১

সমষ্টিটোৰ উত্তৰ আৰু পশ্চিম দিশত অসমৰ গোৱালপাৰা আৰু ধুবুৰী জিলা অৱস্থিত। দক্ষিণ দিশত বাংলাদেশৰ ময়মনসিং আৰু নেত্ৰকোণা জিলাৰ সৈতে বিস্তৃত আন্তঃৰাষ্ট্ৰীয় সীমান্ত লাগি আছে আৰু পূব দিশত মেঘালয়ৰে ১-শ্বিলং লোকসভা সমষ্টি অৱস্থিত। পাহাৰীয়া ভূ-প্ৰকৃতি, গভীৰ অৰণ্য, নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰহ্মপুত্ৰৰ উপনদীসমূহ এই সমগ্ৰ অঞ্চলৰ অন্যতম প্ৰাকৃতিক বৈশিষ্ট্য।

অন্তৰ্গত বিধানসভা সমষ্টিসমূহ

এই সংসদীয় সমষ্টিৰ অন্তৰ্গত ২৪ টা বিধানসভা সমষ্টি হ'ল:

  1. খাৰকুত্তা
  2. মেণ্ডিপথাৰ
  3. ৰেচুবেলপাৰা
  4. বাজেংডোবা
  5. চাংচাক
  6. ৰংজেং
  7. উইলিয়ামনগৰ
  8. ৰাকচামগ্ৰে
  9. টিক্ৰিকিল্লা
  10. ফুলবাৰী
  11. ৰাজাবালা
  12. চেলচেল্লা
  13. দাডেংগ্ৰে
  14. উত্তৰ তুৰা
  15. দক্ষিণ তুৰা
  16. ৰংগ্ৰাম
  17. আমপাতি
  18. মহেন্দ্ৰগঞ্জ
  19. চালমানপাৰা
  20. গাম্ভেগ্ৰে
  21. ডালু
  22. ৰংগাৰা চিজু
  23. চোকপোট
  24. বাঘমাৰা

সংসদৰ সদস্যসকল

চনবিজয়ী সদস্যৰাজনৈতিক দল
১৯৭২কে. আৰ. মাৰাকঅল পাৰ্টী হিল লিডাৰ্ছ কনফাৰেন্স
১৯৭৭পি. এ. চাংমাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮০
১৯৮৪
১৯৮৯চেনফৰ্ড মাৰাকভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১পি. এ. চাংমাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬
১৯৯৮
১৯৯৯পি. এ. চাংমানেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী
২০০৪পি. এ. চাংমাসৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
২০০৫ (উপ-নিৰ্বাচন)পি. এ. চাংমানেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী
২০০৮ (উপ-নিৰ্বাচন)আগাথা চাংমানেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী
২০০৯আগাথা চাংমানেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী
২০১৪পি. এ. চাংমানেছনেল পিপলছ পাৰ্টি (ভাৰত)
২০১৬ (উপ-নিৰ্বাচন)কনৰাড চাংমানেছনেল পিপলছ পাৰ্টি (ভাৰত)
২০১৯আগাথা চাংমানেছনেল পিপলছ পাৰ্টি (ভাৰত)
২০২৪চালেং এ. চাংমাভাৰতীয় জাতীয় কংগ্ৰেছ

নিৰ্বাচনী ফলাফল

২০২৪ চনৰ সাধাৰণ নিৰ্বাচন

২০২৪ চনৰ ১৮তম লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী চালেং এ. চাংমাই ১,৫৫,২৪১ টা ভোটৰ ব্যৱধানত শাসকীয় নেছনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আগাথা চাংমাক পৰাস্ত কৰি বিজয়ী হয়।২৩৪

২০১৯ চনৰ সাধাৰণ নিৰ্বাচন

২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:৫৬

২০১৪ চনৰ সাধাৰণ নিৰ্বাচন

২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:৭৮

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary and Assembly Constituencies Order, 2008. Election Commission of India. পৃ. 294–301
  2. ↑ Parliamentary Constituency 2 - TURA (Meghalaya). Election Commission of India
  3. ↑ (4 June 2024). Meghalaya Election Results 2024 Highlights: Congress leader Saleng A. Sangma wins from Tura by 1.55 lakh votes. The Hindu
  4. ↑ (4 June 2024). Tura, Meghalaya Lok Sabha Election Results 2024 Highlights: Saleng Sangma Wins by a Margin of 155241 Votes. India Today
  5. ↑ General Election 2019 - Election Commission of India. Election Commission of India
  6. ↑ (24 May 2019). Tura Lok Sabha Election Results 2019: NPP's Agatha Sangma wins. Hindustan Times
  7. ↑ Constituencywise-All Candidates. Election Commission of India
  8. ↑ (16 May 2014). Tura Lok Sabha Election results 2014. The Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুৰা লোকসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৮৬০৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।