অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঢাক

ঢাক (Dhak) হʼল বংগ আৰু অসমৰ এটি বিশাল মেম্ব্ৰেনোফোন বাদ্যযন্ত্ৰ। ঢাকৰ আকৃতিসমূহ প্ৰায় নলাকাৰৰ নিচিনাই কিন্তু বেৰেলতকৈ পৃথক। মুখৰ ওপৰৰ ছালখন টানি লগোৱা আৰু পটি লগোৱাৰ ধৰণো ভিন্ন হয়। ইয়াক কেতিয়াবা গলত ওলমাই ৰখা হয় নাইবা কঁকালৰ সৈতে বান্ধি কোঁচত বা মাটিতো ৰখা হয়।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২৫ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ঢাক (Dhak) হʼল বংগ আৰু অসমৰ এটি বিশাল মেম্ব্ৰেনোফোন বাদ্যযন্ত্ৰ।১ ঢাকৰ আকৃতিসমূহ প্ৰায় নলাকাৰৰ নিচিনাই কিন্তু বেৰেলতকৈ পৃথক। মুখৰ ওপৰৰ ছালখন টানি লগোৱা আৰু পটি লগোৱাৰ ধৰণো ভিন্ন হয়। ইয়াক কেতিয়াবা গলত ওলমাই ৰখা হয় নাইবা কঁকালৰ সৈতে বান্ধি কোঁচত বা মাটিতো ৰখা হয়। সাধাৰণতে কাঠ, বাঁহ আদিৰ কাঠিৰে বজোৱা হয়। ইয়াৰ বাঁওফালে প্ৰলেপ লগোৱা থাকে যাতে ই আৰু অধিক গধুৰকৈ শব্দ কৰিব পাৰে।২

মধ্যযুগত, ইয়াৰ উৎপত্তি হৈছিল।৩ এই অঞ্চলৰ হিন্দু ধৰ্মীয় উৎসৱসমূহত, বিশেষকৈ দুৰ্গা পূজা, কালী পূজা আৰু চৰক পূজাকে ধৰি শাক্ত আৰু শৈৱ পৰম্পৰাসমূহত এই বাদ্যযন্ত্ৰবিধ ব্যৱহাৰ কৰা হয়।১৪

আৰতি (আহ্বান নৃত্য) সহ বাঙালী হিন্দু সম্প্ৰদায়ৰদ্বাৰা পৰিৱেশিত ঢোলৰ বাদন বংগৰ অনন্য দুৰ্গা পূজাৰ এক অবিচ্ছেদ্য অংশ।৩৪৫ অসমৰ চাহ-জনজাতিৰ লোকসকলে নাগাৰাৰ লগতে ঢাকো বজায়।১

ঢাকৰ বিষয়ে, দ্য ষ্টেটচ‌্মেনে লিখিছিল, "ঢাকৰ উন্মাদনাকৰ সুৰ অবিহনে দুৰ্গা পূজাই উৎসৱৰ আভা ধাৰণ নকৰে, যি বৃহৎ ঢোলটো মানুহে গলত ওলোমাই দুটা পাতল লাঠিৰে বজায় সেইটোৱে শ্ৰোতাসকলৰ মাজত উন্মত্ত ছন্দৰ সঞ্চাৰ কৰে। দুৰ্গা পূজাৰ দৃশ্য আৰু গোন্ধক জাদুকৰী কৰি তুলিবলৈ সেই মন্ত্ৰমুগ্ধকৰ সুৰেই যথেষ্ট।" ৬

বংগত, মুহৰৰমৰ দৰে ইছলাম ধৰ্মাৱলম্বী উৎসৱতো ঢাক বজোৱা হয়।৭

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Barthakur, Dilip Ranjan. (2003). The Music and Musical Instruments of North Eastern India. Mittal Publications. পৃ. 97. ISBN 978-81-7099-881-5
  2. ↑ Instruments. Percussions. beatofindia.com
  3. ↑ Kuppuswamy, Gowri; Hariharan, Muthuswamy. (1980). Indian Music: A Perspective. Sundeep Prakashan. পৃ. 152. ISBN 978-0-8364-0629-0
  4. ↑ (1975). Folk-lore. Indian Publications. পৃ. 429, 430
  5. ↑ Traditions of Durga Puja. Society for confluence of festivals in India
  6. ↑ Bhattachatya, Kajari. (26 September 2006). Beats of changing time. The Statesman
  7. ↑ Dutta, Koushik. (2 October 2017). In this Bengal village Hindu dhakis beat drums for Muharram procession. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢাক” প্ৰবন্ধৰ সংশোধন ৫৪০৩২২ (২৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।