অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ড'ৰা বিল

ড'ৰা বিল বা ডৰা বিল হৈছে ৰামপুৰ নং ২ত অৱস্থিত এটা জলাশয় আৰু হ্ৰদ। পলাশবাৰী ৰাজহ সংমণ্ডলৰ অন্তৰ্গত ২ খন গাঁও আৰু অসমৰ কামৰূপ জিলাৰ ৰাজাপুখুৰী, নাহিৰা, ভক্তপাৰা, তেজপুৰ, ৰামপুৰ, মাজপাৰা, কুলডুং, ধনতোলা, বৰটাৰী আৰু খিদিৰপুখুৰী আদি গাঁওৰে আগুৰি আছে।

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৪ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ড'ৰা বিল বা ডৰা বিল হৈছে ৰামপুৰ নং ২ত অৱস্থিত এটা জলাশয় আৰু হ্ৰদ। পলাশবাৰী ৰাজহ সংমণ্ডলৰ অন্তৰ্গত ২ খন গাঁও আৰু অসমৰ কামৰূপ জিলাৰ ৰাজাপুখুৰী, নাহিৰা, ভক্তপাৰা, তেজপুৰ, ৰামপুৰ, মাজপাৰা, কুলডুং, ধনতোলা, বৰটাৰী আৰু খিদিৰপুখুৰী আদি গাঁওৰে আগুৰি আছে।

অঞ্চল

ভাৰতীয় জৰীপৰ তথ্য অনুসৰি ১৯৭১ চনত বিলৰ মুঠ মাটিকালি আছিল ৩০০.৯৬ একৰ। কিন্তু ২০০৫ চনত লেণ্ডছেটৰ চিত্ৰ অনুসৰি ই ২৭৮.৪১ একৰলৈ হ্ৰাস পাইছিল।

পানীৰ উৎস

ড’ৰা বিল কুলশী নদীৰ পৰা পানী লাভ কৰে আৰু কুলশী নদীৰ মূল প্ৰৱেশ আৰু নিৰ্গমন পথ হিচাপেও কাম কৰে।

একুৱাফৌনা

ড’ৰা বিল হৈছে দক্ষিণ এছিয়াৰ বিলুপ্তপ্ৰায় ডলফিন (Platanista gangetica)ৰ বাসস্থান। এই বিলুপ্তপ্ৰায় ডলফিন (অসমীয়া ভাষাত শিহু নামেৰে জনাজাত) সমগ্ৰ ব্ৰহ্মপুত্ৰ বদ্বীপত কেৱল সোৱণশিৰি নদী আৰু কুলশী নদীতহে প্ৰজনন কৰে।১ ২

উৎসৱ

ড’ৰা বিল উৎসৱ হৈছে ড’ৰা বিলৰ পাৰত থলুৱা মাছ প্ৰজাতিৰ উৎপাদনৰ বিষয়ে আলোচনা কৰিবলৈ অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ আৰু এই উৎসৱটো মূলতঃ প্ৰকৃতিৰ সৈতে জড়িত আৰু প্ৰকৃতিৰ ৰক্ষা আৰু সন্মানৰ চিৰন্তন বাৰ্তা প্ৰদান কৰে।

আৰু চাওক

অসমৰ বিলসমূহৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Save Dora Beel – Save River Dolphin. Northeast Now
  2. ↑ Summary of Dolphin habitat zone of river Kulsi. Sodh Ganga –a reservoir of Indian theses

সম্পৰ্কিত শ্ৰেণী

অসমৰ পৰ্যটনস্থলীবিলঅসমৰ জলাশয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড'ৰা বিল” প্ৰবন্ধৰ সংশোধন ৪৪৭৬১৮ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।