গীৰ্জাঘৰ
৭ প্ৰবন্ধ
-
ছেইণ্ট পিটাৰ্ছ বেছিলিকা
ছেণ্ট পিটাৰছ বেছিলিকা (St. Peter's Basilica) হ'ল ভেটিকান চিটিৰ আটাইতকৈ প্ৰখ্যাত গিৰ্জা। ৰোম মহানগৰীৰ ভিতৰতে ভেটিকান হ'ল এখন ক্ষুদ্ৰ স্বাধীন ৰাষ্ট্ৰ। ৰোমান কেথলিকসকলৰ প্ৰধান ধৰ্মগুৰু পোপে ইয়াত বাস কৰে আৰু তেৱেঁই ভেটিকানৰ প্ৰশাসনৰো মুৰবী।
-
নটৰ-ডেমৰ কেথেড্ৰেল
নটৰ-ডামৰ কেথেড্ৰেল (Notre Dame de Paris) ফ্ৰান্সৰ ৰাজধানী পেৰিছত অৱস্থিত৷ স্থাপত্য শৈলীৰ উৎকৃষ্ট নিদৰ্শন বুলি ধৰা হয়৷ ১৯৯১ চনত ইউনেস্কৱে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰে৷ এই কেথেড্ৰেল পেৰিছৰ দ্ৰষ্টব্য স্থানবোৰৰ অন্যতম৷
-
ফেদা গীৰ্জা
ফেদা গীৰ্জা হৈছে চাৰ্চ অৱ নৰৱেৰ এখন পাৰিচ গীৰ্জা, যি নৰৱেৰ আগ্দেৰ জিলাৰ ক্ৱিনেছডাল মিউনিচিপেলিটীৰ ফেদা গাঁৱৰ ফেদাফিঅৰ্ডেনৰ কাষত অৱস্থিত। এই গীৰ্জাখন লিষ্টাৰ অগ মানডাল প্ৰ'স্তি (ডীনাৰী)ৰ অন্তৰ্গত ফেদা পাৰিচৰ অংশ।
-
চান্টা ক্ৰুজ কেথেড্ৰেল বেচিলিকা, কোচি
কোচিৰ ফ’ৰ্ট কোচিত অৱস্থিত ছাণ্টা ক্ৰুজ কেথেড্ৰেল বেচিলিকা, যাক কোটা পল্লী বা কোটেপল্লী বুলিও কোৱা হয়। ভাৰতৰ চৌত্ৰিছটা বেচিলিকাৰ ভিতৰত ই অন্যতম আৰু কেৰালাৰ নটা বেচিলিকাৰ ভিতৰত ই অন্যতম। কেৰালাৰ এই ঐতিহ্যমণ্ডিত ভৱন ভাৰত-ইউৰোপীয় আৰু গথিক স্থাপত্য শৈলীৰ বাবে বিখ্যাত।
-
ছেইণ্ট ফ্ৰান্সিছ গীৰ্জা
ছেইণ্ট ফ্ৰান্সিছ গীৰ্জা (Saint Francis Church) কেৰালাৰ ফৰ্ট কোচি অঞ্চলত অৱস্থিত। ১৫০৩ চনত নিৰ্মাণ কৰা এই গীৰ্জাটো ভাৰতৰ অন্যতম প্ৰাচীন ইউৰোপীয় গীৰ্জা আৰু ভাৰতীয় উপমহাদেশত ইউৰোপীয় ঔপনিৱেশিক সম্প্ৰসাৰণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সাক্ষী।পৰ্তুগীজ অভিযাত্ৰী ভাস্কো দা গামা ভাৰতলৈ তৃতীয়বাৰৰ বাবে অহাৰ…
-
ডৰ্মিচন কেথেড্ৰেল, খাৰ্কিভ
এছাম্পচন কেথেড্ৰেল বা ডৰ্মিচন কেথেড্ৰেল (The Assumption or Dormition Cathedral) ১৯০১ চনত এনানচিয়েচন কেথেড্ৰেল নিৰ্মাণ নোহোৱালৈকে খাৰকিভৰ প্ৰধান অৰ্থডক্স গীৰ্জা আছিল। কেথেড্ৰেলটো লোপান নদীৰ পাৰত থকা ইউনিভাৰ্চিটি হিলত অৱস্থিত আৰু সমগ্ৰ চহৰৰ কেন্দ্ৰীয় অঞ্চলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে।
-
প্ৰকৃত যীশু গীৰ্জা
প্ৰকৃত যীশু গীৰ্জা বা সত্য যীশু গীৰ্জা (The True Jesus Church) ১৯১৭ চনত চীন দেশত প্ৰতিষ্ঠা হোৱা এটি স্বাধীন প্ৰটেষ্টান্ত গীৰ্জা। এই গীৰ্জাৰ শাখা বিশ্বৰ ৪৫খন দেশত আছে। ১৯৩৭ চনত ইয়াৰ শাখা ভাৰতত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল যীশুৰ দ্বিতীয় আগমনৰ পূৰ্বে মহান বাণীসমূহ প্ৰচাৰ কৰা।