অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডিয়েগ' মাৰাড'না

ডিয়েগ' আৰ্মাণ্ড' মাৰাড'না ফ্ৰাঙ্ক (৩০ অক্টোবৰ ১৯৬০-২৫ নৱেম্বৰ ২০২০) এজন আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ। বহু কুশলী, ফুটবল সমালোচক, প্ৰাক্তন বা বৰ্তমানৰ খেলুৱৈ আৰু অনুৰাগীয়ে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৭১ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ডিয়েগ' আৰ্মাণ্ড' মাৰাড'না ফ্ৰাঙ্ক (৩০ অক্টোবৰ ১৯৬০-২৫ নৱেম্বৰ ২০২০) এজন আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ। বহু কুশলী, ফুটবল সমালোচক, প্ৰাক্তন বা বৰ্তমানৰ খেলুৱৈ আৰু অনুৰাগীয়ে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।১২৩৪ পেলেৰ সৈতে তেওঁক বিংশ শতিকাৰ ফিফা খেলুৱৈৰূপে নিৰ্বাচন কৰা হৈছিল।৫৬

দুবাৰকৈ বিশ্ব-অভিলেখকাৰী চুক্তি ধন লাভ কৰা তেওঁ একমাত্ৰ ফুটবলাৰ; প্ৰথমবাৰ বাৰ্চিল'না ফুটবল ক্লাবলৈ যাওঁতে তেওঁ তেতিয়াৰ বিশ্ব অভিলেখ ৫ নিযুত পাউণ্ড, আৰু দ্বিতীয়বাৰ নাপ'লিলৈ যাওঁতে ৬.৯ নিযুত পাউণ্ড লাভ কৰিছিল। পেছাদাৰী কেৰিয়াৰত মাৰাড'নাই আৰ্জেণ্টিন'ছ জুনিয়'ৰ্ছ, ব'কা জুনিয়'ৰ্ছ, বাৰ্চিল'না, নাপ'লি, ছেভিলা আৰু নিৱেল্‌ছ অ'ল্ড বয়জৰ হৈ খেলিছিল। ক্লাব স্তৰত তেওঁ নাপ'লিৰ হৈ খেলা সময়ছোৱাৰ বাবে প্ৰখ্যাত য'ত তেওঁ বহু খিতাপ আৰু সন্মান লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় স্তৰত তেওঁ আৰ্জেণ্টিনাৰ হৈ খেলি ৯১খন মেছত ৩৪টা গ'ল দিছিল।

তেওঁ চাৰিখন ফিফা বিশ্বকাপ প্ৰতিযোগিতাত অংশ লৈছিল। ১৯৮৬ চনৰ প্ৰতিযোগিতাত তেওঁ আৰ্জেণ্টিনা দলক নেতৃত্ব দি ফাইনেলত পশ্চিম জাৰ্মানীক হৰুৱাই বিশ্বকাপ লাভ কৰিছিল। তাত তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গ'ল্ডেন বল বঁটাও লাভ কৰিছিল। সেই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ২-১ ব্যৱধানত জিকা খেলখনত দুয়োটা গ'লেই তেওঁ দিছিল আৰু দুটা ভিন্ন কাৰণত সেই গ'ল দুটা ফুটবলৰ ইতিহাসত জিলিকি আছে। ৰেফাৰীয়ে তৰ্কিব নোৱৰা তেওঁৰ প্ৰথম গ'লটো আছিল হাতেৰে দিয়া যাক তেওঁ "ভগৱানৰ হাত বুলি অভিহিত কৰিছিল। ৬০ মিটাৰ (৬৬ য়াৰ্ড) ড্ৰিবল কৰি আৰু পাঁচজন বিপক্ষৰ খেলুৱৈ পাৰ কৰি তেওঁ দিয়া দ্বিতীয় গ'লটো FIFA.com-ৰ ভোটাৰে "শতিকাৰ গ'ল" আখ্যা দিছিল।৭

মাৰাড'নাক খেলজগতৰ এজন অন্যতম বিতৰ্কিত আৰু বাতৰিৰ শিৰোনাম দখল কৰা ব্যক্তিৰূপে গণ্য কৰা হয়। ইটালীত ১৯৯১ চনত ক'কেইন সেৱন কৰি এটা ড্ৰাগ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা বাবে তেওঁক ১৫ মাহৰ বাবে ফুটবলৰ পৰা নিৰ্বাসন দিয়া হৈছিল। পুনৰ ১৯৯৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বকাপত প্ৰস্বাৱৰ নমুনাত এফ্ৰেড্ৰিন পোৱা বাবে তেওঁক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা হয়। ২০০৫ চনত তেওঁ ভালেখিনি ওজন হ্ৰাস কৰে আৰু ক'কেইন আসক্তিৰ পৰা মুক্তি লাভ কৰে। তেওঁৰ বহুবল্কী স্বভাৱৰ বাবে মাজে সময়ে সাংবাদিক আৰু ক্ৰীড়া বিষয়াসকলৰ লগত সম্পৰ্ক বেয়া হৈছিল। পূৰ্ব অভিজ্ঞতা নথকা সত্ত্বেও তেওঁক ২০০৮ চনৰ নৱেম্বৰত আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ মেনেজাৰৰূপে নিযুক্তি দিয়া হৈছিল আৰু ২০১০ চনৰ বিশ্বকাপৰ পিছত চুক্তিৰ ম্যাদ উকলি নোযোৱালৈকে তেওঁ সেই পদত থাকে।

মাৰাড'নাই ২০১১-১২ চিজনত UAE প্ৰ' লীগত ডুবাই ভিত্তিক ক্লাব আল ৱাচল্‌ক প্ৰশিক্ষণ দিয়ে। ২০১৩ চনৰ আগষ্টত মাৰাড'নাই আৰ্জেণ্টিনাৰ পঞ্চম শ্ৰেণীৰ ক্লাব ডিপ'ৰ্টিভ' ৰিষ্ট্ৰাত "spiritual coach" হিচাপে যোগদান কৰে৮ আৰু ১৯ আগষ্টত ছেন মিগুৱেলৰ বিপক্ষে খেলখনত তেওঁ এই নতুন পদৰ আৰম্ভণি কৰে।৯১০ ২০১৭ চনত মাৰাড'নাই আল-ফুজাইৰা ক্লাবৰ প্ৰশিক্ষক হিচাপে যোগ দিয়ে আৰু চিজনত শেষত সেই পদ ত্যাগ কৰে।১১ ২০১৮ চনৰ মে' মাহত মাৰড'নাক ৱেলাৰুছৰ ক্লাব ডায়নাম' ব্ৰেস্তৰ অধ্যক্ষ হিচাপে মৰকল কৰা হয়।১২ ২০১৮ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১৯ চনৰ জুনলৈকে মাৰাড'নাই মেক্সিকান ক্লাব ড'লাৰেছক প্ৰশিক্ষণ দিয়ে।১৩

Bibliography

  • Diego Armando Maradona, Yo Soy el Diego, Planeta Pub. Corp, 2000, (I am the Diego).

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "The Best of The Best". Rec.Sport.Soccer Statistics Foundation.com (19 June 2009). Retrieved 31 March 2013
  2. ↑ – "The 100 greatest players of all time" The Football Pantheon, 20 September 2011
  3. ↑ – "Castrol Debate: Pele Versus Maradona". goal.com, 23 October 2010
  4. ↑ Other opinions about Maradona as the greatest player can be found at: – "Ruud Gullit: Diego Maradona is the best ever in my opinion". goal.com, 29 July 2012 – "Lionel Messi: Diego Maradona is the greatest of all-time" . SoccerAnchor, 7 September 2011 – "Rummenigge: Maradona better than Pele" . The Times of India, 12 November 2008 [http://maldini3.blogspot.com/2008/07/maradona-best-ever-ronaldo-close-second.html – "Paolo Maldini: Ma
  5. ↑ FIFA Player of the Century. touri.com
  6. ↑ "Maradona or Pele?" . CNN Sports Illustrated, 10 December 2000. Retrieved 13 March 2013
  7. ↑ "Diego Maradona goal voted the FIFA World Cup™ Goal of the Century" . FIFA (30 May 2002). Retrieved 13 March 2013
  8. ↑ "Diego Maradona debuta hoy como asesor espiritual de Deportivo Riestra", Télam, 19 August 2013
  9. ↑ "Maradona celebrates first victory as Riestra 'spiritual coach'", The Buenos Aires Herald, August 19, 2013
  10. ↑ "Maradona motivó y Riestra ganó", Clarín, 19 August 2013
  11. ↑ (6 May 2018). Diego Maradona leaves job in UAE after failing to secure automatic promotion. Sky Sports
  12. ↑ “Yes, Diego is with us! ”. Dynamo Brest. Retrieved 23 July 2018
  13. ↑ Diego Maradona's 'rebirth' at coaching job at Mexican side Dorados. BBC

সম্পৰ্কিত শ্ৰেণী

ফুটবল খেলুৱৈআৰ্জেণ্টিনাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিয়েগ' মাৰাড'না” প্ৰবন্ধৰ সংশোধন ৬৩৭২০৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।