অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ক্ল’নিং

কোনো জীৱৰ এটা দেহকোষৰ পৰা হুবহু সেই জীৱটোকে পুনৰায় সৃষ্টি কৰাৰ পদ্ধতিক ক্ল'নিং নামেৰে জনা যায় (আণৱিক জীৱবিজ্ঞানীসকলে দৈনন্দিন অনেক প্ৰকাৰৰ ক্ল'নিং কৰে যি হ'ল ডি. এন. এ. ক্ল'নিং)।

হালনাগাদ: ১১ জুন ২০২০ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

কোনো জীৱৰ এটা দেহকোষৰ পৰা হুবহু সেই জীৱটোকে পুনৰায় সৃষ্টি কৰাৰ পদ্ধতিক ক্ল'নিং নামেৰে জনা যায় (আণৱিক জীৱবিজ্ঞানীসকলে দৈনন্দিন অনেক প্ৰকাৰৰ ক্ল'নিং কৰে যি হ'ল ডি. এন. এ. ক্ল'নিং)। ১৯৯৬ চনত ৰ'জলিন ইন্সটিটিউট,স্কটলেণ্ডৰ গবেষক, ড: আয়ান উইলমুটে, তেওঁৰ ২৭৩ তম চেষ্টাৰ অন্তত এজনী ভেড়াৰ এটা দেহকোষৰ (স্তন্য বা দুগ্ধ গ্ৰন্থিৰ পৰা সংগৃহীত) কেন্দ্ৰক অন্য ধৰণৰ ভেড়াৰ কেন্দ্ৰবিযুক্ত ডিম্বাণুত প্ৰতিষ্ঠাপিত কৰে আৰু তাৰ পৰা প্ৰথম ধৰণৰ সম্পূ্ৰ্ণ ভেড়া ডলীক সৃষ্টি কৰি জীৱ ক্ল'নিঙৰ সফল আৰম্ভণি কৰে। ইয়াৰ জৰিয়তে চিকিৎসা বিজ্ঞানত বিৰাট বিপ্লৱৰ আৰম্ভণি বুলি অনেকে আশা কৰিছে, যদিও মানৱ ক্ল'নিং অধিকাংশ দেশত নিষিদ্ধ কৰা হৈছে।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ল’নিং” প্ৰবন্ধৰ সংশোধন ২৩৭৬৪১ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।