আচবাব
৫ প্ৰবন্ধ
-
পীৰা
পীৰাৰ ( Peera) অসমীয়া সমাজব্যৱস্থাত অতীজৰে পৰাই বহুল ব্যৱহাৰ দেখিবলৈ পোৱা যায়। ইয়াক বহা আসন হিচাপে ব্যৱহাৰ কৰা হয়। এচলা গোটা কাঠৰ পৰাই কাটি-চাঁচি, অথবা চাৰিটা খুৰা লগাই পীৰা সজোৱা হয়। সেই পীৰাৰে আধুনিক সংস্কৰণ হৈছে- টুল (stool)।
-
চকী
চকী (Chair) দৈনন্দিন জীৱনত বহিবলৈ ব্যৱহৃত এবিধ আচবাব৷ আউজিবলৈ ব্যৱস্থা থকা এইবিধ আচবাবৰ সৰ্বসাধাৰণতে চাৰিটা খুৰা থাকে যদিও কেতিয়াবা তিনিটা বা বেছি খুৰা থকাও দেখা যায়৷ ইয়াক কাঠ, ধাতু আদি বিভিন্ন পদাৰ্থৰে নিৰ্মাণ কৰা হয়৷ ঠাইভেদে চকী বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয়৷
-
ঠগা
ঠগা অসমীয়া হস্ত শিল্পৰ উৎকৃষ্ট নিদৰ্শন। চন্দ্ৰকান্ত অভিধান মতে ঠগা হ’ল (সংস্কৃতত স্থগী)পুথি থোৱা এঠেঙীয়া কাঠৰ আধাৰ। পুথি থোৱা আন এক প্ৰকাৰৰ আধাৰ পোৱা যায়। ৩০ৰ পৰা ৪৫ ছেমিঃ দীঘল তক্তা এখনৰ মাজভাগত বিশেষ প্ৰক্ৰিয়াৰে কাটি মাজেদি ফালি দুভাগ কৰা হয়।
-
বাঢ়নী
বাঢ়নী এবিধ ঠাই পৰিষ্কাৰ কৰাত ব্যৱহাৰ হোৱা বাঁহৰ কাঠিৰে তৈয়াৰ কৰা সঁজুলি। মানুহৰ দৈনন্দিন জীৱনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে থাকিবলৈ বাঢ়নী এবিধ অতি আৱশ্যকীয় উপাদান। বাঁহৰ কাঠি বা খেৰৰ টান অংশ তমাল বা ৰছীৰ সহায়ত এফালে মুঠা মাৰি বান্ধি বাঢ়নী তৈয়াৰ কৰা হয়।
-
বিচনা
বিচনা দৈনন্দিন জীৱনত বহুল ব্যৱহৃত এটি আচবাব৷ ইয়াক শুবলৈ ব্যৱহাৰ কৰা হয়৷