অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টেকন' ম'বাইল

টেকন' ম'বাইল (TECNO Mobile) হৈছে চীনৰ শ্বেনজেনত অৱস্থিত ম'বাইল ফোন নিৰ্মাতা কোম্পানী। ২০০৬ চনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। ই ট্ৰেন্সচন হোল্ডিংছৰ এটা সহযোগী কোম্পানী। টেকন'ই আফ্ৰিকা, মধ্যপ্ৰাচ্য, দক্ষিণ-পূব এছিয়া, ভাৰত, লেটিন আমেৰিকা, আৰু পূব ইউৰোপৰ বজাৰত নিজৰ ব্যৱসায় কেন্দ্ৰীভূত কৰিছে।

হালনাগাদ: ৩ জুলাই ২০২৫ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

টেকন' ম'বাইল (TECNO Mobile) হৈছে চীনৰ শ্বেনজেনত অৱস্থিত ম’বাইল ফোন নিৰ্মাতা কোম্পানী। ২০০৬ চনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। ই ট্ৰেন্সচন হোল্ডিংছৰ এটা সহযোগী কোম্পানী। টেকন'ই আফ্ৰিকা, মধ্যপ্ৰাচ্য, দক্ষিণ-পূব এছিয়া, ভাৰত, লেটিন আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু পূব ইউৰোপৰ বজাৰত নিজৰ ব্যৱসায় কেন্দ্ৰীভূত কৰিছে।

ইতিহাস

২০০৬ চনত টেকন’ ম’বাইল টেকন’ টেলিকম লিমিটেড নামেৰে প্ৰতিষ্ঠা কৰা হয় যদিও পিছলৈ টেকন’ ম’বাইলে ইয়াৰ অন্যতম সহযোগী কোম্পানী হিচাপে কাম কৰি ট্ৰেন্সচন হোল্ডিংছলৈ নাম সলনি কৰে। ২০০৭ চনত টেকন’ই দ্বিতীয়টো ব্ৰেণ্ড আইটেল তৈয়াৰ কৰে যিটো আফ্ৰিকাত বিক্ৰী হয়। ২০০৮ চনৰ আৰম্ভণিতে বজাৰ গৱেষণাৰ পিছত টেকন’ই সম্পূৰ্ণৰূপে আফ্ৰিকালৈ মনোনিৱেশ কৰিছিল আৰু ২০১০ চনলৈকে ই আফ্ৰিকাৰ শীৰ্ষ তিনিটা ম'বাইল ফোন ব্ৰেণ্ডৰ ভিতৰত আছিল।১

২০১৬ চনত টেকন’ই মধ্যপ্ৰাচ্যৰ ম'বাইল ফোন বজাৰত প্ৰৱেশ কৰে।২ ২০১৭ চনত ই ভাৰতীয় বজাৰত প্ৰৱেশ কৰে, ইয়াৰ 'মেড ফ'ৰ ইণ্ডিয়া' স্মাৰ্টফোনসমূহ মুকলি কৰে: 'i' ছিৰিজ - i5, i5 Pro, i3, i3 Pro আৰু i7। প্ৰথমতে ৰাজস্থান, গুজৰাট, আৰু পঞ্জাব, ভাৰতত আৰম্ভ হোৱা কোম্পানীটোৱে ২০১৭ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ দেশতে বিয়পি পৰিছিল।

এই প্ৰতিষ্ঠানটোৱে আফ্ৰিকা আৰু ভাৰতৰ উপৰিও আন উদীয়মান বজাৰ চিনাক্ত কৰিছে, য’ত জনসংখ্যা বৃহৎ যদিও ক্ৰয় ক্ষমতা কম। ২০১৭ চনত বাংলাদেশ আৰু নেপালৰ বজাৰত প্ৰৱেশ কৰি পাকিস্তানত পৰীক্ষামূলক বিক্ৰী আৰম্ভ কৰে ৷৩ ই এতিয়াও পাকিস্তানৰ বজাৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে আৰু নিজৰ ৱেবছাইটকে ধৰি বিভিন্ন ই-কমাৰ্চ চেনেলৰ জৰিয়তে অনলাইনত বিক্ৰী আৰম্ভ কৰিছে।

প্ৰডাক্ট নিৰ্মাণ

ভাৰতত বিক্ৰী হোৱা টেকন’ ম'বাইল ফোনসমূহ উত্তৰ প্ৰদেশৰ নয়ডাত থকা তেওঁলোকৰ উৎপাদন কেন্দ্ৰত একত্ৰিত কৰা হয়৷৪

উৎপাদনৰ তালিকা

  • টেকন' কেমন ১২
  • টেকন' কেমন ১৫
  • টেকন' কেমন ১৭
  • টেকন' কেমন ১৮
  • টেকন' কেমন ১৯
  • টেকন' কেমন ২০
  • টেকন' কেমন ২০ প্ৰ’
  • টেকন' কেমন ২০ প্ৰিমিয়াৰ
  • টেকন' কেমন ৩০
  • টেকন' কেমন ৩০s
  • টেকন' কেমন ৩০s প্ৰ’
  • টেকন' কেমন ৩০ প্ৰ' ৫জি
  • টেকন' কেমন ৩০ প্ৰিমিয়াৰ ৫জি
  • টেকন' কেমন ৪০
  • টেকন' কেমন ৪০ প্ৰ’
  • টেকন' কেমন ৪০ প্ৰ' ৫জি
  • টেকন' কেমন ৪০ প্ৰিমিয়াৰ ৫জি
  • টেকন' ফেণ্টম V ফ্লিপ
  • টেকন' ফেণ্টম V ফ্লিপ ২
  • টেকন' ফেণ্টম X
  • টেকন' ফেণ্টম X2
  • টেকন' ফেণ্টম X2 প্ৰ’
  • টেকন' ফেণ্টম V ফ'ল্ড
  • টেকন' ফেণ্টম V ফ'ল্ড ২
  • টেকন' স্পাৰ্ক ৪
  • টেকন' স্পাৰ্ক ৭
  • টেকন' স্পাৰ্ক ৮
  • টেকন' স্পাৰ্ক ৯
  • টেকন' স্পাৰ্ক ১০
  • টেকন' স্পাৰ্ক ২০
  • টেকন' স্পাৰ্ক ২০C
  • টেকন' স্পাৰ্ক ২০ প্ৰ’
  • টেকন' স্পাৰ্ক ২০ প্ৰ’+
  • টেকন' স্পাৰ্ক ৩০C
  • টেকন' স্পাৰ্ক ৩০C ৫জি
  • টেকন' স্পাৰ্ক ৩০
  • টেকন' স্পাৰ্ক ৩০ প্ৰ’
  • টেকন' স্পাৰ্ক ৪০
  • টেকন' স্পাৰ্ক ৪০ প্ৰ’
  • টেকন' স্পাৰ্ক ৪০ প্ৰ’+
  • টেকন' পোভা ২
  • টেকন' পোভা ৪
  • টেকন' পোভা ৪ প্ৰ’
  • টেকন' পোভা নিঅ' ৩
  • টেকন' পোভা ৫
  • টেকন' পোভা ৫ প্ৰ' ৫জি
  • টেকন' পোভা ৬
  • টেকন' পোভা ৬ নিঅ’
  • টেকন' পোভা ৬ নিঅ' ৫জি
  • টেকন' পোভা ৬ প্ৰ' ৫জি
  • টেকন' পোভা ৭
  • টেকন' পোভা ৭ আল্ট্ৰা ৫জি

তথ্যসূত্ৰ

  1. ↑ Samsung, Apple, Tecno top list of mobile brands with highest SOV in Q2 of 2016
  2. ↑ Chinese phone maker Tecno Mobile forays into Middle East
  3. ↑ How Transsion became No 3 in India by solving oily fingers problem. South China Morning Post
  4. ↑ (24 September 2019). Transsion Holdings to shift manufacturing base to India

সম্পৰ্কিত শ্ৰেণী

ম'বাইল ফোন নিৰ্মাতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেকন' ম'বাইল” প্ৰবন্ধৰ সংশোধন ৫২১৯৭২ (৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।