অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ

টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ (2 States: The Story of My Marriage) চেতন ভগতৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০০৯ চনৰ ৮ অক্টোবৰত এই উপন্যাস প্ৰথম প্ৰকাশ পাইছিল। ফাইভ পইণ্ট চামৱানৰ পিছত অধিকাংশই নিজৰ জীৱনৰ ওপৰত আধাৰিত হোৱা এইখন চেতন ভগতৰ দ্বিতীয় গ্ৰন্থ।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৫৪৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ (2 States: The Story of My Marriage) চেতন ভগতৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০০৯ চনৰ ৮ অক্টোবৰত এই উপন্যাস প্ৰথম প্ৰকাশ পাইছিল। ফাইভ পইণ্ট চামৱানৰ পিছত অধিকাংশই নিজৰ জীৱনৰ ওপৰত আধাৰিত হোৱা এইখন চেতন ভগতৰ দ্বিতীয় গ্ৰন্থ। বিনিয়োগ বেংক এটাত কৰি থকা চাকৰিটো এৰি দি তেওঁ এই কিতাপখন লিখে।১ ফাইভ পইণ্ট চামৱান,ওৱান নাইট এট দ্য কল চেণ্টাৰ আৰু দ্য থ্ৰী মিছটেকছ অৱ মাই লাইফৰ পিছত এইখন চতুৰ্থ গ্ৰন্থ। উপন্যাসখনি এক কল্পকাহিনী যদিও ইয়াক দিল্লীৰ নিবাসী লেখক আৰু তেওঁৰ পত্নী তামিলনাডুৰ অনুষাৰ জীৱনৰ পৰা অনুপ্ৰাণিত বুলিব পাৰি।২৩

কাহিনীৰ সাৰংশ

আংশিক আত্মজীৱনীমূলক এই কিতাখন দুখন বেলেগ বেলেগ ৰাজ্যৰ পৰা আহি প্ৰেমত পৰি বিবাহ বন্ধনত আৱদ্ধ হ'বলৈ বিচৰা কৃষ্ আৰু অনন্যাৰ কাহিনী। কাহিনীৰ আৰম্ভণি ঘটে আই.আই.এম. আহমেদাবাদত,য'ত মেছৰ খাদ্য সম্পৰ্কীয় এক কাজিয়াত দিল্লীৰ এজন পঞ্জাবী ল'ৰা কৃষে চেন্নাইৰ সুন্দৰী তামিল যুৱতী অনন্যাক দেখা পায়। তাই আছিল নতুন ছাত্ৰ ছাত্ৰীসকলৰ সবাতোকৈ ধুনীয়া ছোৱালী। কিছুদিনৰ ভিতৰতে দুয়ো বন্ধু হৈ পৰে আৰু ৰাতি ৰাতি একেলগে পঢ়িবলৈ সিদ্ধান্ত লয়। লাহে লাহে দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হয়। দুয়ো চাকৰি পাই আৰু বিয়াত বহাৰ পৰিকল্পনা কৰে। প্ৰথমতে কৃষে অনন্যাৰ মাক দেউতাকক সৈমান কৰিবলৈ চেষ্টা কৰে আৰু দেউতাকক তেওঁৰ পাৱাৰপইণ্ট প্ৰেজেণ্টেছনত সহায় কৰি,ভায়েক মঞ্জুক টিউশ্যন কৰি আৰু মাকক তাৰ কোম্পানী চিটিবেংকে আয়োজন কৰা সংগীত সমাৰোহত গান গাবলৈ সুযোগ দি সি নিজৰ কামত সফলো হয়। তাৰ পিছত তেওঁলোকে কৃষৰ মাকক বিয়াৰ বাবে মান্তি কৰিবলৈ চেষ্টা কৰে। কিন্তু কৃষৰ মাকৰ আত্মীয়সকলে সি এজনী মাদ্ৰাজী ছোৱালী বিয়া কৰোৱাটো পছন্দ কৰা নাছিল কিন্তু যেতিয়া অনন্যাই কৃষৰ সম্বন্ধীয় ভনীয়েক এজনীক বিয়াত বহিবলৈ সহায় কৰে,তেওঁলোক মান্তি হয়। ইয়াৰ পিছত তেওঁলোকে দুয়োৰে মাক দেউতাকক লগ লগাবলৈ ঠিক কৰে। তেওঁলোক গোৱালৈ যায়। কিন্তু কৃষ আৰু মাকৰ মাজত কিবা এটা গণ্ডোগোলীয়া গোন্ধ পাই অনন্যাৰ মাক দেউতাকে বিয়াখনত সন্মতি উঠাই লয়। কিন্তু অৱশেষত কৃষে সদাই শত্ৰু জ্ঞান কৰা তাৰ দেউতাকে অনন্যাৰ পৰিয়ালক ভালকৈ বুজায় আৰু অশেষ চেষ্টাৰ মূৰত দুয়ো বিয়াত বহিবলৈ সক্ষম হয়। এক হাস্যমধুৰ সুৰ থকা কিতাপখনিত পঞ্জাবী তথা তামিল সংস্কৃতিৰ বিভিন্ন দোষ সমূহৰ কথা কোৱা হৈছে। অনন্যাই এহাল যঁমজ সন্তান জন্ম দিওঁতে কিতাপখন শেষ হৈছে যাক তেওঁলোকে ভাৰত নামৰ ৰাজ্যৰ বাসিন্দা আখ্যা দিছে। এক সমিলমিলৰ বাৰ্তা কঢ়িওৱা কিতাপখনৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল ফাইভ পইণ্ট চামৱানৰ হৰি নামৰ চৰিত্ৰটিৰ ধাৰাবাহিকতা ইয়াত কৃষৰ মাজেৰে অক্ষুণ্ণ ৰখা হৈছে।৪৫

চলচ্চিত্ৰ অভিযোজন

প্ৰথমতে যেতিয়া টু ষ্টেটচ্ ৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ কথা ভবা হৈছিল ছেইফ আলি খানে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ আৰু ৱিশাল শেখৰে সংগীত পৰিচালনা কৰাৰ কথা আছিল। কিন্তু বিভিন্ন খেলিমেলিৰ বাবে সেয়া হৈ নুঠিল। পিছলৈ ঘোষণা কৰা হয় যে ছাজিদ নাদিয়াদৱালাৰ প্ৰযোজনাত বিশাল ভৰদ্বাজৰ নিৰ্দেশনাত শ্বাহৰূখ খানক অভিনেতা হিচাপে লৈ টু ষ্টেটচৰ চিত্ৰৰূপ নিৰ্মিত হ'ব। পিছত আকৌ ৰণবীৰ কাপুৰক অভিনেতা হিচাপে ল'বলৈ সিদ্ধান্ত কৰা হয়। কাপুৰৰ ঠাইত আকৌ ইমৰাণ খানক নিৰ্বাচিত কৰা হয়। কিন্তু তাৰিখৰ অসুবিধাৰ বাবে প্ৰযোজক কৰণ জোহৰে ইশকজাদে খ্যাত অৰ্জুন কাপুৰে এই চলচ্চিত্ৰত অভিনয় কৰিব বুলি নিশ্চিত কৰে। এয়াও কোৱা হৈছে যে ষ্টুডেণ্টছ অৱ দা ইয়েৰ খ্যাত আলিয়া ভাটে ইয়াত অভিনেত্ৰী হিচাপে কাম কৰিব।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Synopsis - 2 States - Books by Chetan Bhagat
  2. ↑ (2009-09-06). 'Shakespeare was the Ekta Kapoor of his time'. The Times Of India
  3. ↑ QnA
  4. ↑ Shankar, Hari. Two States by Chetan Bhagat - A Review
  5. ↑ http://scribblesofsoul.com/2-states-the-story-of-my-marriage-by-chetan-bhagat/

সম্পৰ্কিত শ্ৰেণী

উপন্যাসইংৰাজী গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ” প্ৰবন্ধৰ সংশোধন ৩৮৫১৫০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।